নগাঁও লোকসভাত বিজেপি-কংগ্ৰেছ সহ ২৫ জনৰ মনোনয়ন দাখিল

ডিজিটেল সেৱা: নগাঁও সংসদীয় সমষ্টিৰ ৬ অক্টোবৰত হব লগা উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা নগাঁও চহৰত আজি ৰাজনৈতিক দল সমুহৰ নেতা- কৰ্মী- সমৰ্থকৰ উপস্থিতিয়ে এক উখল- মাখল পৰিবেশৰ সৃষ্টি কৰে। বিভিন্ন জাতি – জনগোষ্ঠীৰ নৃত্য গীতে আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ শব্দত ৰজনজনাই উঠে নগাঁও চহৰ। প্ৰতিটো দলৰ শীৰ্ষ নেতাই ভীৰ কৰা পৰিলক্ষিত হয়। আজি মনোনয়ন দাখিল কৰা সকলৰ ভিতৰত বিজেপিৰ দেৱাশিষ শৰ্মা , কংগ্ৰেছৰ শিবামণি বৰা ,এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল ,তৃণমুল কংগ্ৰেছৰ আব্দুল চালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ আগতে নেহৰুবালিত বিজেপিৰ এখন বিশাল সভা অনুষ্ঠিত হয়। বিজেপি প্ৰাৰ্থী তথা নগাঁৱৰ প্ৰাক্তন আয়ুক্ত দেৱাশিষ শৰ্মাই স্বভাৱসুলভ ভাবে সভাত গীত পৰিবেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। লগতে প্ৰাৰ্থী দেৱাশিষ শৰ্মাই বিহু গীত গোৱাৰ বিপৰীতে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক ঢুলীয়া ৰূপত দেখা গ’ল। সভাত ভাষণ প্ৰদান কৰি বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি দিলীপ শইকীয়াই কয় যে বিজেপি চৰকাৰৰ উন্নয়ন আৰু বিকাশমুখী যাত্ৰাৰ বাবে সকলো জাতি- জনগোষ্ঠী- সম্প্ৰদায়ৰ লোক বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। তেওঁ লগতে কয় যে এই সংসদীয় সমষ্টিটো আমাৰ কাৰণে কঠিনটো আছেই। সমষ্টিটোৰ কথা আজিয়েই কৈ দিব নোৱাৰি। কিন্তু ৰাইজৰ উৎসাহ আৰু মনোভাৱ দেখি আমি প্ৰতীয়মান হৈছো যে এইবাৰ নগাঁও সংসদীয় সমষ্টি বিজেপিৰ দখললৈ আহিব।এতিয়া এক পৰিবেশ আহিছে। গণতন্ত্ৰত ৰাইজেই ৰজা।আজি ৰাইজৰ উৎসাহেই নহয়, উপস্থিতি দেখি ধাৰণা কৰিছোঁ এইবাৰ আমি সফল হ’ম। সংখ্যালঘু বা সংখ্যাগুৰু অঞ্চল,যতেই গৈছোঁ ,তাতেই শুনিবলৈ পাইছোঁ আকৌ এবাৰ বিজেপি চৰকাৰ ,নগাঁৱত আকৌ এবাৰ বিজেপি সাংসদৰ ধ্বনি। তেওঁলোকৰ ভাষা আৰু সংকল্প আমি শুনি অনুমান কৰিব পাৰিছোঁ এই উপ নিৰ্বিচনত বিজেপিৰ পক্ষত ঐতিহাসিক জনমত ৰাইজে দিব। ইপিনে সাংবাদিকে এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ প্ৰভাৱ সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় সকলোৰে কিছু কিছু অঞ্চলত প্ৰভাৱ আছে।যে আমি কাকো দুৰ্বল বুলি নাভাবো। সকলোৰে শক্তি আৰু সামৰ্থ্য আছে।শেষ মুহূৰ্তত জনগণে সিদ্ধান্ত লব। কিন্তু ৰাইজৰ জনমত উন্নয়নৰ পক্ষে হব। গৌৰৱ গগৈয়ে এ আই ইউ ডি এফ বিজেপিৰ বি টিম বুলি কৰা মন্তব্যৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় যে গৌৰৱ গগৈয়ে এতিয়া ভাৰসাম্য হেৰুৱাইছে। ৰাতিপুৱা এটা কথা কয় আৰু গধুলি আন এটা কথা কয়।গৌৰৱ গগৈয়ে বিৰোধী ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলিব লাগে বুলি কোৱাৰ সময়ত এ আই ইউ ডি এফ দল বি টিম নাছিল। সংসদীয় সমষ্টিটোৰ উপ নিৰ্বাচনত কংগ্ৰেছে এ আই ইউ ডি এফক টিকতটো বাদ দিবলৈ কৈছিল তেতিয়া বিজেপি বি টিম নাছিল। যেতিয়া বদৰুদ্দিন আজমলে নিৰ্বাচন খেলিব বিচাৰিলে ,তেতিয়া এ আই ইউ ডি এফ বিজেপিৰ বি টিম হৈ গল। আনহাতে মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে যোৱাবাৰ আমি পৰাজিত হৈছিলোঁ। এই সমষ্টিটো আমাৰ কাৰণে কঠিন যদিও এইবাৰ আমি দুৰ্বল নহয়। এইবাৰ নগাঁৱৰ পৰিবেশ ,অসমৰ পৰিবেশ আৰু ভাৰতৰ পৰিবেশ চাই নিশ্চিত হৈছোঁ যে এই উপ নিৰ্বাচনত আমি জিকিম। আমাৰ সকলোৰে মনৰ প্ৰাৰ্থী।দেৱাশিষ শৰ্মা এইবাৰ নগাঁৱৰ সাংসদ হব। বদৰুদ্দিন আজমলৰ প্ৰভাৱ সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বদৰুদ্দিন আজমলৰ প্ৰভাৱ সম্পৰ্কে আমাৰ মতলৱ নাই। আমাৰ লক্ষ্য হৈছে ৭ /৭.৩০ লাখ ভোট সংগ্ৰহ কৰা। বদৰুদ্দিন আজমলে বা কংগ্ৰেছে কিমান পায় সেয়া আমাৰ বিচাৰ্য বিসয় নহয়। আমি জিকিবলৈ প্ৰয়োজন হোৱা ভোট সংগ্ৰহ কৰাটো আমাৰ লক্ষ্য। বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাই সাংবাদিকৰ আগত কয় যে আমি আশাবাদী। মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে আমি জিকিবলৈ নিৰ্বাচন খেলিছো আৰু আমি জিকিম। ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰৰ ভিতৰতে সৰ্বোত্তম দল বুলি মন্তব্য কৰি তেওঁ কয় যে এই সংসদীয় সমষ্টিটোৰ ৰাইজৰ লগত থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয় ইয়াৰ সমস্যা সম্পৰ্কে মই অৱগত আৰু দলৰ জেষ্ঠ আৰু ৰাইজৰ মাগদৰ্শনত আমি আগুৱাই যাম। তেওঁ লগতে তেওঁৰ প্ৰতিদ্বন্দী সকলো যোগ্য বুলি মন্তব্য কৰে। সভাৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মন্ত্ৰী পীয়ুষ হাজৰিকা ,কেশৱ মহন্ত ,বিধায়ক ৰূপক শৰ্মা ,প্ৰদ্যুৎ বৰদলৈ ,শশীকান্ত দাস ,ৰমাকান্ত দেউৰী সহ বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাই ঢোলে দগৰে ,জনগোষ্ঠীয় কৃষ্টি ,সংস্কৃতি পৰিবেশন কৰি বিশাল সমদলেৰে যাত্ৰা কৰি ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। ইপিনে কংগ্ৰেছ প্ৰাৰ্থী শিবামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইন ,প্ৰাক্তন সাংসদ ৰিপুন বৰা ,প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ ,কেবাগৰাকী কংগ্ৰেছ বিধায়ক সহ বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ বিশাল সমদলেৰে যাত্ৰা কৰি ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছ সদায় মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দি আহিছে। সেয়ে এইবাৰ নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত এগৰাকী মহিলাক প্ৰাৰ্থীত্ব কংগ্ৰেছ দলে দিছে। শিবামণি বৰা এই সমষ্টিটোৰ সকলো বিষয় অবগত। তেওঁ নিশ্চিত ভাবে জয়ী হব। তেওঁক দেখি আন মহিলা বিধায়ক ,সাংসদ হবলৈ আগবাঢ়ি আহিব। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আমাৰ যুজঁ চৰকাৰৰ লগত হব। চৰকাৰ বিজেপিৰ আছে। এই চৰকাৰে যে ভাল কাম কৰা নাই সেয়া সমগ্র ভাৰততে চৰ্চা হৈছে। চৰকাৰে ভাল কাম নকৰাৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লগা হল।অসমতো যুৱকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন প্ৰয়োগ কৰি অত্যাচাৰ কৰিছে। বিজেপিৰ প্ৰতি এ আই ইউ ডি এফৰ কিমান প্ৰীতি আছে সেয়া কিমানবাৰ প্ৰমাণ দিম বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তেওঁ সমালোচনা কৰে।আনহাতে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে নিজৰ দলীয় নেতা সহ সমৰ্থকৰ উপস্থিতিত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰাৰ পিছত সাংবাদিকৰ আগত আজমলে কয় যে এইবাৰ আমাৰ ফলাফল ভাল হব। কংগ্ৰেছ আৰু বিজেপি দলক সমালোচনা কৰি আজমলে কয় যে বিজেপিয়ে এই উপনিৰ্বাচনত দুটা টিকট দিছে। বিজেপিৰ নিজা প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ লগতে কংগ্ৰেছৰ শিবামণি বৰাকো টিকট দিছে বুলি আজমলে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আজি তৃণমুল কংগ্ৰেছৰ আব্দুল চালাম আৰু বাঘসেনাৰ ইউনিশ তামুলীয়ে মনোনয়ন দাখিল কৰে।

Related Articles