ডিজিটেল সেৱা: দেওবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক স্তৰ) ‘নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট’ চমুকৈ NEET (UG) ২০২৬ৰ শেষ পৰ্যায়ৰ চলি থকা বিভিন্ন প্ৰস্তুতিৰ বুজ ল’বলৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি নিৰাপত্তা আৰু বিভিন্ন ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে। পৰিদৰ্শনকালত জিলা আয়ুক্ত মহোদয়ে নগাঁও বিশ্ববিদ্যালয়, নগাঁও ছোৱালী কলেজ, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়, গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয় আৰু পি.এম. শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ আন্তঃগাঁথনি তথা পৰীক্ষাৰ্থীৰ সুবিধাসমূহ তন্ন তন্নকৈ নিৰীক্ষণ কৰে। তেওঁ পৰীক্ষা কক্ষসমূহৰ পৰিৱেশ, কেন্দ্ৰৰ নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যক্ষমতা, প্ৰশ্নকাকতৰ সুৰক্ষা আৰু বায়’মেট্ৰিক আদিৰ সন্দৰ্ভত কেন্দ্ৰীয় কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰে। লগতে কেন্দ্ৰসমূহত যিকোনো ধৰণৰ ত্ৰুটিমুক্ত পৰিৱেশ নিশ্চিত কৰিবলৈ যাবতীয় নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰে। এই বিশেষ পৰিদৰ্শন কালত জিলা আয়ুক্ত মহোদয়ে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলৰ সৈতেও মত বিনিময় কৰি তেওঁলোকক শুভকামনা জনায়। উল্লেখযোগ্য যে, নগাঁও চহৰৰ এই কেন্দ্ৰসমূহৰ উপৰিও কলিয়াবৰ মহাবিদ্যালয়ক অন্তৰ্ভুক্ত কৰি এইবাৰ জিলাখনৰ মুঠ ৭টা কেন্দ্ৰত NEET (UG) ২০২৬ অনুষ্ঠিত হৈছে। এই গুৰুত্বপূৰ্ণ পৰীক্ষাত জিলাখনত সৰ্বমুঠ ৪,৭২৭ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব।
নগাঁও জিলাৰ নীট পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে আয়ুক্ত দেৱাশীষ শৰ্মাই