◆নাছিৰ আহমেদ ◆
পোন প্ৰথমবাৰৰ বাবে ১৯৬৭ চনত ডাচ সমাজ বিজ্ঞানী ও ৰাজনীতিবিদ মাৰ্শেল ভন ড্যাম ড্যানিশে সেই দেশৰ পাৰ্লিয়ামেন্ট নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ আগতেই তাক সঠিক ভাবে নিৰ্ণয় কৰিবলৈ সক্ষম হৈছিল। একে বছৰতে ছি বি এছ নিউজত কৰ্মৰত এগৰাকী আমেৰিকান সাংবাদিক তথা নিৰ্বাচন বিশেষজ্ঞ বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা এক্সিট পোলৰ জৰিয়তে ভোটৰ ফলাফল নিৰ্ভুল ভাবে নিৰ্ণয় কৰি বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছিল। ভাৰতত প্ৰথমে ১৯৯৬ চনত ভাৰতৰ গণমাধ্যম দুৰদৰ্শনে ছি এছ ডি এছ নামৰ এটি সংস্থাৰ জৰিয়তে এক্সিট পোল বা ভোটৰ সমীক্ষা চলায়। এই সমীক্ষাৰ ফল চূড়ান্ত ফলৰ ইমানেই ওচৰা-ওচৰি আছিল যে, ভাৰতৰ জনগণৰ এই এক্সিট পোলৰ সম্ভাৱনীয়তা বা বিশ্বাসযোগ্যতাৰ প্ৰতি আস্থা বাঢ়ে। পৰৱৰ্তী বেচৰকাৰী টিভি চেনেলবিলাকেও এক্সিট পোল বা ভোটৰ সমীক্ষা প্ৰদান কৰাৰ বাবে আগ্ৰহী হৈ পৰে।এই এক্সিট পোল নিৰ্ধাৰণ কৰোঁতে মূলতঃ বেচৰকাৰী সাংবাদিক সংস্থাবোৰে কেইবাটাও দিশৰ ওপৰত প্ৰাধান্য দিয়ে।সমীক্ষসকলে নিৰ্বাচন ক্ষেত্ৰৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোট দান কৰি ওলাই অহা ভোটাৰ সকলৰ পৰা মতামত বিচাৰে। মুঠ পাঁচটা ভাগত এই এক্সিট পোল গণনা কৰা হয়।অঞ্চলৰ জনবিন্যাস বিবেচনা কৰি বিভিন্ন অঞ্চলত প্ৰতিনিধিসকলক প্ৰেৰণ কৰা হয়। ইয়াক কোৱা হয় ছেম্পলিং।আগৰ পৰাই কিছুমান প্ৰশ্ন প্ৰস্তুত কৰা হয়। ভোটাৰ সকলৰ ওচৰত গৈ তেওঁলোকৰ মনোনীত পাৰ্টিৰ উপৰিও প্ৰাৰ্থীৰ বয়স, লিংগ, ধৰ্ম,জাতি আৰু তেওঁলোকৰ মাজত উদয় হোৱা গুৰুত্বপূৰ্ণ ইছ্যুবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হয়। ভোটাৰ সকলৰ নাম-পৰিচয় গোপন ৰাখি প্ৰতিনিধিসকলে এই তথ্যসমূহ সংগ্ৰহ কৰে। ইয়াৰ পিছত ভোটদানৰ হাৰ আৰু অন্যান্য দিশ চালি জাৰি বিশ্লেষণ কৰি তথ্যসমূহ পৰীক্ষা কৰি চোৱা হয়।সমীক্ষসকলে ভোটাৰ সকলৰ চেন্টিমেন্ট অৰ্থাৎ মন-মানসিকতাক তন্ন তন্নকৈ পৰীক্ষা কৰিও এক্সিট পোল নিৰ্ধাৰণ কৰে।এক্সিট পোল নিৰ্ধাৰণ কৰোঁতে সমীক্ষকসকলে ভোটাৰ সকলে কোন পাৰ্টি বা প্ৰাৰ্থীক ভোট দান কৰিছে, তাক খোলাখুলিকৈ প্ৰশ্ন উত্থাপন নকৰে ; কেৱল ভোটাৰৰ ছেন্টিমেন্ট, বিভিন্ন ইছ্যু বা বয়স, লিংগ আৰু জাত-পাতৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা মনোভাৱৰ ওপৰত তেওঁ কাক ভোট প্ৰদান কৰিছে তাক নিৰ্ধাৰণ কৰে।নিৰ্বাচন ক্ষেত্ৰসমূহত আগতে হৈ যোৱা নিৰ্বাচনৰ ফলাফল আৰু ভোটদানৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰিও সমীক্ষকসকলে এক্সিট পোল বা ভোটৰ সমীক্ষা প্ৰস্তুত কৰে। তাৰ পিছত ভাৰতৰ জনপ্ৰতিনিধিত্ব আইনৰ ১২৬ নম্বৰ ধাৰাৰ এ- অনুচ্ছেদ অনুযায়ী ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত সমীক্ষাকাৰী সংস্থাবোৰে বিভিন্ন সংবাদ মাধ্যমত এক্সিট পোল ঘোষণা কৰে। অৱশ্যে এক্সিট পোল ঘোষণা কৰোঁতে তেওঁলোকে জনাই দিয়ে যে, ইয়াত’ মাৰ্জিন অফ এৰৰ’ বা কিছু কম বেছি হ’ব পাৰে।এই সমীক্ষাকাৰী সংস্থাবোৰে আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হোৱা বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ মাত্ৰ কম সংখ্যক ভোটাৰৰ পৰা মতামত লৈ এক্সিট পোল ঘোষণা কৰি প্ৰায় কৃতকাৰ্যতা লাভ কৰিছিল যদিও বৰ্তমান বিভিন্ন কাৰণত এই এক্সিট পোল বা ভোটৰ সমীক্ষাৰ সম্ভাৱনীয়তা বা বিশ্বাসযোগ্যতাৰ প্ৰতি মানুহৰ আস্থা ক্ৰমে হেৰাই যোৱাৰ উপক্ৰম হৈছে। উদাহৰণ স্বৰুপে, ২০২৪ চনত হাৰিয়ানা ৰাজ্যৰ বিধানসভা নিৰ্বাচনত সমীক্ষাকাৰী সংস্থাবোৰে কংগ্ৰেছ দলে ক্ষমতা লাভ কৰাৰ পূৰ্বাভাস দিছিল ; কিন্তু নিৰ্বাচনৰ ফলাফল প্ৰকাশ কৰাত দেখা গ’ল যথেষ্ট আসন লাভ কৰি বিজেপি দলে জয়লাভ কৰিছিল। একে বছৰতে লোকসভাৰ নিৰ্বাচনত বিজেপি দলে ৪০০খনৰ ওপৰত আসন লাভ কৰিব বুলি সমীক্ষাকাৰী সংস্থাবোৰে এক্সিট পোল ঘোষণা কৰিছিল ; কিন্তু বাস্তৱিকতে সেয়া হৈ নুঠিল। ২০২৫ চনত বিহাৰৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে সংখ্যাধিক্য আসন লাভ কৰিব বুলি সমীক্ষাকাৰী সংস্থাবোৰে ঘোষণা কৰিছিল যদিও বিজেপি দলে সীমিত সংখ্যক আসনেৰে জয় লাভ কৰিছিল।২০২১ চনৰ পশ্চিমবঙ্গৰ নিৰ্বাচনত সমীক্ষাকাৰী সংস্থাবোৰে তৃণমূল কংগ্ৰেছ দলক হৰুৱাই বিজেপি দলে শাসনৰ বাঘজৰী লাভ কৰিব বুলি ঘোষণা কৰিছিল ; সেয়াও সম্ভৱ হৈ নুঠিল। তাৰ মূল কাৰণবোৰ হ’ল এক্সিট পোল নিৰ্ধাৰণ কৰা নীতিসমূহৰ সীমাবদ্ধতা, সমাজ ব্যৱস্থাৰ জটিলতা,ৰাজনৈতিক দলসমূহৰ নেতা-পালিনেতাসকলৰ সঘন দল বাগৰা নীতি, ভোটাৰ সকলৰ জটিল মনস্তাত্বিক দিশ।ভোট দান প্ৰক্ৰিয়া চলি থাকোঁতে সমীক্ষাকাৰী সংস্থাবোৰৰ প্ৰতিনিধি সকলে ভোট প্ৰদান কৰি ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ওলাই অহা ভোটাৰ সকলৰ ওচৰত গৈ বিস্তাৰিতভাৱে ভাৱে কোনো তথ্য লাভ কৰা এতিয়া প্ৰায় অসম্ভৱ হৈ পৰিছে ; কাৰণ বৰ্তমান কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰে গণতান্ত্ৰিক ভাৱে দেশ পৰিচালনা নকৰাৰ ফলত ভোটাৰ সকলে নিজৰ মনোভাৱ প্ৰকাশ কৰিবলৈ দ্বিধা অনুভৱ কৰে।বিশেষকৈ বৰ্তমান গোপনীয়তা ৰক্ষা কৰা ভোটাৰৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ আছে। তাতে আকৌ নটা বুটামত ব্যাপক হাৰত ভোট পৰাৰ ফলত এক্সিট পোল নিৰ্ধাৰণ কৰা প্ৰায় অসম্ভৱ হৈ পৰিছে। সাধাৰণতে, যেতিয়া কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে বা পক্ষে প্ৰবল ভোটদানৰ ঢৌ উঠে, তেতিয়া এক্সিট পোল সঠিক হোৱা দেখা যায়। কিন্তু, যেতিয়া নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলি থকা বুলি অনুভৱ হয়, তেতিয়া এক্সিট পোল প্ৰায় বিফল হয়। এইবাৰ ২০২৬ চনত অনুষ্ঠিত হোৱা পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অহা ৪ মে’ তাৰিখে ঘোষণা হোৱাৰ আগতে কেইবাটাও বেচৰকাৰী সাংবাদিক সন্থাৰ উদ্যোগত পৰিচালিত হোৱা এক্সিট পোল বা ভোটৰ সমীক্ষা মতে অসম , পশ্চিমবঙ্গ, কেৰলম, পুডুচেৰী আৰু তামিলনাডু ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বাভাস তলত দিয়া ধৰণে ঘোষণা কৰা হৈছে। পি মাৰ্ক এক্সিট পোল, মেট্ৰাইজ এক্সিট পোল, চানক্য স্ট্যাটেজিছ এক্সিট পোলকে আদি কৰি প্ৰায় দহোটা এক্সিট পোল সংস্থাৰ মতে এইবাৰ পশ্চিমবঙ্গত তৃণমূল কংগ্ৰেছ দলক হৰুৱাই বিজেপি দলে শাসনৰ বাঘজৰী লাভ কৰিবলৈ সক্ষম হ’ব। তৃণমূল কংগ্ৰেছ দলে বৰ বেছি গড়ে ১২০- ১৪০ খন আসন লাভ কৰাৰ পৰিৱৰ্তে বিজেপি দলে গড়ে ১৪৫- ১৫০ খন আসন লাভ কৰিব বুলি সমীক্ষাকাৰী সংস্থাবোৰে ঘোষণা কৰিছে। কেৱল পিপলচ পালচ এক্সিট পোল অনুযায়ী তৃণমূল কংগ্ৰেছ দলে ১৭৭-১৮৭ খন আসন, বিজেপি দলে ৯৫- ১০০ খন আসন ।এই আটাইকেইটা সংস্থাৰ মতে অসম বিধানসভা নিৰ্বাচনত বিজেপি দলৰ মিত্ৰজোঁটে ৮০- ১০০খন পৰ্যন্ত আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ মিত্ৰজোঁটে ২৮- ৪০ খন আসন। অৰ্থাৎ বিজেপি দলৰ নেতৃত্বত পুনৰাই অসম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰি শাসন ভাৰ লাভ কৰিব। পুডুচেৰি ৰাজ্যত কংগ্ৰেছৰ প্ৰত্যাৱৰ্তনৰ পথ বন্ধ কৰি বিজেপিৰ নেতৃত্বাধীন এন ডি এ ৩০ খন আসনৰ ১৬-২০ খন আসন লাভ কৰিব।কেৰলমে বামজোঁট এল ডি এফ পাৰ্টীৰ দখলত ৪৯-৬২ আৰু কংগ্ৰেছ দলৰ নেতৃত্বাধীন ইউ ডি এফ পাৰ্টীৰ দখলত ৭৮- ৯০ খন আসন আহিব।তামিলনাডু ৰাজ্যত এম কে ষ্টেলিনৰ ডি এম কে দলে ১২২-১৩২ খন আসন লাভ কৰি ক্ষমতা ধৰি ৰাখিব বুলি কোৱা হৈছে। পৰিৱৰ্তে এ আই ডি এম কে দলে লাভ কৰিব ৮৭-১১০ খন আসন।২০২১ চনৰ দৰে এইবাৰো পশ্চিমবঙ্গৰ নিৰ্বাচনত সমীক্ষাকাৰী সংস্থাবোৰে ঘোষণা কৰা এক্সিট পোল মিলি যোৱাৰ সম্ভাৱনা কম।পুডুচেৰি আৰু তামিলনাডু ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল এক্সিট পোল মতে মিলি যোৱাৰ সম্ভাৱনা আছে।কিন্তু, অসমৰ ক্ষেত্ৰত বৰ্তমান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি শাসিত ৰাজ্যিক চৰকাৰৰ দ্বাৰা কিছু পৰিমাণে পথ উন্নয়ন, গুৱাহাটী নগৰ বা বিভিন্ন পথত নিৰ্মিত উৰণীয়া সেঁতু, ব্যাপক ভাবে হিতাধিকাৰী সৃষ্টি, চৰকাৰী ভূমিত ব্যাপক ভাবে উচ্ছেদ কাৰ্য চলাই বাংলাদেশী মিঞাক খেদি পঠিওৱা হ’ল বুলি প্ৰচাৰ চলোৱা, ভেঁটি নোলোৱাকৈ প্ৰায় ডেৰ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান,সমষ্টি পুনৰ্নিদ্ধাৰণৰ নামত সংখ্যালঘু ইছলাম ধৰ্মী সম্প্ৰদায়ৰ সংখ্যাধিক্য থকা ৩৪ খন সমষ্টিক ২৪ খন সমষ্টিলৈ অৱনমিত কৰা আৰু উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক মন্তব্য আগবঢ়োৱাৰ ফলত এক্সিট পোল মতে বিজেপি নেতৃত্বাধীন এন ডি এ অসমৰ বিধানসভা নিৰ্বাচনত ৮০ খন আসন লাভ কৰি জয়লাভ কৰাৰ সম্ভাৱনা আছে ; আনহাতে , এইবাৰ অসম বিধানসভাৰ নিৰ্বাচনত ভোটদানৰ হাৰ ব্যাপক হোৱা গড়ে ( ৮৮% লৈকে) , চৰকাৰ বা সংস্থান বিৰোধী প্ৰচণ্ড ঢৌ, দ্ৰব্যবস্তুৰ মূল্য আকাশলম্ভী, বানপানীৰ সমস্যা, নিবনুৱাৰ সংখ্যা প্ৰায় ৩৬ লাখ , ৰাজ্যৰ আৰ্থিক দুৰৱস্থা, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ নিম্নগামী মান, জনগণ এশ এবুৰি সমস্যাত জৰ্জৰিত, ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান নকৰা, হিতাধিকাৰী সকলৰ বিভিন্ন আঁচনিৰ নামত অসম চৰকাৰে প্ৰায় ২ লাখ কোটি টকা ঋণ গ্ৰহণ, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যাপক ভাবে সম্পত্তি বৃদ্ধি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অতিৰিক্ত সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে অসমৰ গৰিষ্ঠসংখ্যক মানুহৰ মাজত ক্ষোভ, জেন জি ভোটাৰৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি আদি বিভিন্ন কাৰণৰ উপৰিও বিৰোধী মিত্ৰজোঁটৰ ঐক্য আৰু শক্তিশালী প্ৰাৰ্থী তথা লোকসভাত হিন্দী আৰু ইংৰাজী ভাষাত যুক্তিসংগত বক্তৃতা প্ৰদান কৰি সুনাম অৰ্জন কৰা সাংসদ হিচাপে বিৰোধী ৰাজনৈতিক দলসমূহৰ উপ দলপতি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ উপযুক্ত সন্তান গৌৰৱ গগৈৰ নেতৃত্ব প্ৰদান আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰাত ব্যৰ্থ বিজেপি শাসিত ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে মানুহৰ প্ৰচণ্ড ক্ষোভ ইত্যাদি উল্লেখযোগ্য কাৰণসমূহৰ বাবে এই বাৰ এক্সিট পোলৰ বিপৰীত ছবি দেখিবলৈ পালেও আচৰিত হ’ব লগা একো নাই। বা এনেকুৱা হ’ব পাৰে শাসকীয় মিত্ৰজোঁট আৰু বিৰোধী মিত্ৰজোঁটৰ মাজত আসনৰ সংখ্যাৰ ব্যাৱধান একেবাৰে কম হ’ব পাৰে। তাৰ ফলত, চৰকাৰ গঠনৰ ক্ষেত্ৰত, মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি এফ আৰু বিটিচিৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে।