নিৰ্বাচনী দায়িত্ব পালন কৰাটো এক মহৎ কৰ্তব্য: আয়ুক্ত আৰণ্যক শইকীয়া

ডিজিটেল সেৱা: “গণতন্ত্ৰৰ এই পবিত্ৰ উৎসৱত নিৰ্বাচনী দায়িত্ব পালন কৰাটো এক মহৎ কৰ্তব্য।” আজি নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত আৰণ্যক শইকীয়াই এইদৰে কয়। তেওঁ সকলো বিষয়া কৰ্মচাৰীকে অতি দায়িত্ববোধ, সততা, নিষ্ঠা আৰু আত্মবিশ্বাসেৰে নিজ নিজ নিৰ্বাচনী কৰ্তব্য সম্পন্ন কৰিবলৈ আহ্বান জনায় আৰু প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ দিহা-পৰামৰ্শ প্ৰদান কৰে। আয়ুক্তগৰাকীয়ে ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মতবিনিময় কৰি তেওঁলোকৰ অনুভৱো জনাৰ প্ৰচেষ্টা কৰে। উল্লেখযোগ্য যে, নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত নগাঁও জিলাত ভোটগ্ৰহণৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আজিৰে পৰা পূৰ্ণোদ্যমে আৰম্ভ হৈছে। নগাঁও চহৰৰ পাঁচটাকৈ কেন্দ্ৰত দুয়োবেলা এই প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ উপৰিও আমোলাপট্টি নাট্য মন্দিৰ, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ, নগাঁও বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহ, আৰু জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই প্ৰশিক্ষণ সমান্তৰালকৈ অনুষ্ঠিত হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, দিনৰ আগবেলা পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ বজালৈ প্ৰতিটো কেন্দ্ৰতে ২৪০ৰ পৰা ৩০০ গৰাকীকৈ মহিলা পোলিং আৰু প্ৰিজাইডিং বিষয়াই প্ৰশিক্ষণ গ্ৰহণ কৰিছে। পিছবেলা দিনৰ ২ বজাৰ পৰা আবেলি ৫ বজালৈ ৩০০-৩২০ পুৰুষ বিষয়া-কৰ্মচাৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। মূলতঃ ভোটগ্ৰহণ কাৰ্যত নিয়োজিত প্ৰিজাইডিং আৰু পোলিং বিষয়া সকলৰ বাবে এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে। প্ৰথম পৰ্যায়ৰ এই প্ৰশিক্ষণৰ কাইলৈ সামৰণি পৰিব। ইয়াৰ পিছত আৰু দুটা পৰ্যায়ত প্ৰশিক্ষণ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। নিৰ্বাচন প্ৰক্ৰিয়া ক্ৰুটিমুক্তভাৱে সম্পন্ন কৰিবলৈ বৈদ্যুতিন ভোটগ্ৰহণযন্ত্ৰ আৰু ভিভিপেট পৰিচালনাৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ উপৰিও নিৰ্বাচন আয়োগৰ বিধি-ব্যৱস্থা অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা আৰু জৰুৰীকালীন পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ওপৰতো বিস্তাৰিত শিক্ষা প্ৰদান কৰা হয়। নগাঁও জিলাৰ নগাঁও -বটদ্ৰৱা, চামগুৰি, ৰূপহীহাট, ধিং আৰু ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১,৩৩৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে মুঠ ৬,৪৩৬ জন ভোটগ্ৰহণকাৰী বিষয়া নিয়োজিত কৰা হৈছে। ইয়াৰে ৩৭২ টা কেন্দ্ৰ স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে।

Related Articles