◆জমিৰ উদ্দিন তালুকদাৰ◆
হোজাইৰ ইছলাম নগৰৰ এগৰাকী ১৬ বছৰীয়া কিশোৰ ছাত্ৰই লিখি উলিওৱা ভ্ৰমণ বিষয়ত এখন গ্ৰন্থ যোৱা সন্ধিয়া ইছলাম নগৰ জাতীয় একাডেমী, টেংৰীপাৰত উন্মোচন কৰা হয়৷ সদ্য ঘোষিত মেট্ৰিত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰু বৰ্তমান হোজাইৰ আনফৰ চুপাৰ ৫০ত অধ্যয়ন কৰি থকা মোহাম্মদ আব্দুৰ ৰহমান নামৰ ছাত্ৰ গৰাকীয়ে লিখি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আহমদ আনফৰে৷ সাংবাদিক জমিৰ উদ্দিন তালুকদাৰে আঁত ধৰা আৰু উদ্বোধনী বক্তব্য প্ৰদান কৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে স্থানীয় বিশিষ্ট শিক্ষানুৰাগী মৌলানা মুহিবুল ইছলামে৷ সভাখনত বক্তব্য প্ৰদান কৰে চিকিৎসক ফৰিদ উদ্দিন খান, হাফিজ জাকিৰ উদ্দিন চৌধুৰী, ইছলাম নগৰ জিলা পৰিষদৰ প্ৰাক্তন সদস্য নুৰ আহমদ, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনে৷

প্ৰতি গৰাকী বক্তাই নিজৰ ভাষণত কিশোৰ ছাত্ৰ গৰাকীৰ এই প্ৰয়াসৰ বন্দনা কৰে৷ সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা মৌলানা মস্তাক আনফৰে ‘এ উইক ইন পেৰাডাইজ’ গ্ৰন্থখন উন্মোচনী কৰি কয়- এটা জাতিৰ ভৱিষ্যৎ নিৰ্মাণ কৰে বৌদ্ধিক চিন্তা আৰু লেখাই৷ ১৬ বছৰীয়া আব্দুৰ ৰহমানৰ ইংৰাজী ভাষাৰ এই ভ্ৰমণ বিষয়ক গ্ৰন্থখন এইখন সমাজৰ দাপোণ বুলি কয় মৌলানা আনফৰে৷ মস্তাক আনফৰে নিজৰ ডিঙিৰ গামোচাৰে লেখক আব্দুৰ ৰহমানক সম্বৰ্ধনা জনাই উৎসাহিত কৰে৷ একেটা অনুষ্ঠানতে মৌলানা মস্তাক আনফৰে জাতীয় একাডেমী, টেংৰীপাৰৰ আন্তগাঁথনি নিৰ্মাণৰ বাবে দুই লাখ টকাৰ এক কালীন সাহায্য আগবঢ়ায়৷ সভাখনত উপস্থিত থাকে লেখকৰ পিতৃ মৌলানা আতিকুৰ ৰহমান, হোজাই জিলা আমছুৰ সভাপতি লুৎফুৰ ৰহমান, জিলা আমছুৰ সম্পাদক নইম উদ্দিন, জ্যেষ্ঠ নাগৰিক ইজাৰ উদ্দিন সহ স্থানীয় শতাধিক নাগৰিক সহ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী৷ সভাখনত সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জাতীয় একাডেমী, টেংৰীপাৰৰ দহ গৰাকী ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয়৷