এইছ ভি পি টীকাকৰণ অভিযান ক্ষীপ্ৰতৰ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ

ডিজিটেল সেৱা, নগাঁও: গৰ্ভাশয় মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰি থকা এইছভিপি টীকাকৰণ অভিযান নগাঁও জিলাৰ নগৰীয়া খণ্ডত অধিক সক্ৰিয় আৰু সফল কৰাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত অভিযানৰ সামগ্ৰিক অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে ব্যাপক জনসচেতনতা বৃদ্ধি, বিদ্যালয়ভিত্তিক আৰু ৱাৰ্ডভিত্তিক সমন্বয় ৰক্ষা আৰু লক্ষ্যভিত্তিক কন্যাশিশুসকলক টীকাকৰণৰ আওতালৈ অনাৰ বিভিন্ন কৌশল সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। সভাত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য), নগাঁও পৌৰসভাৰ অধ্যক্ষ, উপ-অধ্যক্ষ, কাৰ্যবাহী বিষয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক, ৱাৰ্ড কমিছনাৰসকল, জিলা প্ৰতিষেধক বিষয়া, ৰাষ্ট্ৰ সংঘৰ উন্নয়ন আচঁনিৰ জিলা সমন্বয়ক তথা আন আন বিভাগীয় কাৰ্যসূচী বিষয়াসকল উপস্থিত থাকে। সভাত সকলো অংশীদাৰ বিভাগকে টীকাকৰণ সম্পৰ্কে সমাজত চলি থকা যিকোনো ভুল ধাৰণা দূৰ কৰি অধিক জনসচেতনতা সৃষ্টিৰ বাবে একগোট হৈ কাম কৰিবলৈ আহ্বান জনোৱা হয় আৰু বিদ্যালয় তথা নগৰাঞ্চলৰ বিভিন্ন স্তৰত ব্যাপক প্ৰচাৰ-প্ৰসাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। জিলা আয়ুক্ত‌ই এই অভিযান সফল কৰাৰ ক্ষেত্ৰত সকলো বিভাগ, বিদ্যালয় কৰ্তৃপক্ষ, পৌৰসভা আৰু স্বাস্থ্য বিভাগৰ সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। তেওঁ কয় যে এই কাৰ্যসূচী আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ সৈতে জড়িত, গতিকে সকলোৱে সক্ৰিয়ভাৱে দায়িত্ব পালন কৰি নিৰ্ধাৰিত লক্ষ্য পূৰণ কৰিব লাগিব আৰু এই সন্দৰ্ভত তেওঁ সংশ্লিষ্ট সকলোকে যাৱতীয় নিৰ্দেশ প্ৰদান কৰে।

Related Articles