ডিজিটেল সেৱা: নগাঁও জিলা প্ৰশাসনৰ সহযোগত জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ ‘জিলা মহিলা সবলীকৰণ কেন্দ্ৰ’ই ‘বেটী বচাও বেটী পঢ়াও’ অভিযানৰ অধীনত “ঋতুস্ৰাৱ সম্পৰ্কে থকা অন্ধবিশ্বাস আৰু বাধা-নিষেধ নাইকিয়া কৰি, মহিলা তথা কিশোৰীসকলৰ বাবে সন্মানেৰে জীয়াই থকাৰ এটা অনুকূল পৰিৱেশ সৃষ্টি কৰা”ৰ মূল বিষয়বস্তুৰে ২০২৬ বৰ্ষৰ ঋতুস্ৰাৱ অনাময় ব্যৱস্থাপনা দিৱস উদযাপন কৰে। এই উপলক্ষে বিশেষ মহিলা সভা আৰু বালিকা সভা উদযাপনৰ লগত সংগতি ৰাখি কিশোৰী আৰু মহিলাসকলৰ মাজত ঋতুস্ৰাৱকালীন স্বাস্থ্য আৰু অনাময় ব্যৱস্থাৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ধাৰাবাহিকভাৱে কেইবাটাও সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীসমূহ ক্ৰমে, ডলংঘাট আই.চি.ডি.এছ. প্ৰকল্পৰ অধীনস্থ জাজৰি ৰাজ্যিক চিকিৎসালয়, পাখি মৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ভূতাই পাথৰি গাওঁ পঞ্চায়ত; ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ দক্ষিণ ফাকলি বালিকা মুক্তাব স্কুল, বঢ়মপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ বালিকা বিদ্যালয় আৰু উৰিয়াগাঁও গাওঁ পঞ্চায়তৰ থগী সূত বালক বিদ্যালয়ত অনুষ্ঠিত হয়। এই সজাগতা অনুষ্ঠানসমূহৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলৰ মাজত চেনিটাৰী নেপকিন বিতৰণ কৰা হয়। স্বাস্থ্য বিভাগৰ বিষয়া আৰু সমল ব্যক্তিসকলে ঋতুস্ৰাৱ অনাময় ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি এই সজাগতা সভাসমূহ পৰিচালনা কৰে। তেওঁলোকে প্ৰথম ঋতুস্ৰাৱ সম্পৰ্কে সঠিক জ্ঞান থকাটো কিমান প্ৰয়োজনীয় আৰু ইয়াৰ বাবে কিশোৰীসকলক মানসিকভাৱে প্ৰস্তুত কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে, যাতে তেওঁলোকৰ মনৰ পৰা ভয়, দুশ্চিন্তা, অন্ধবিশ্বাস, লজ্জাবোধ আৰু সামাজিক কুসংস্কাৰ দূৰ কৰিব পৰা যায়। ইয়াৰোপৰি ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া আৱশ্যকীয় সাৱধানতা, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টিকৰ খাদ্য গ্ৰহণ আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰ ওপৰতো সমল ব্যক্তিসকলে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। এই কাৰ্যসূচীসমূহৰ মাজতেই জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ বিষয়াসকলে স্থানীয়ভাৱে ‘মহিলা সভা’ আৰু ‘বাল সভা’ গঠনৰ প্ৰক্ৰিয়াও আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। উপস্থিত ৰাইজক এই বিশেষ সভাবোৰৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহৰ বিষয়ে অৱগত কৰা হয়; বিশেষকৈ মহিলা, শিশু আৰু কিশোৰীসকলৰ অধিকাৰ তথা সামগ্ৰিক কল্যাণ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এই মঞ্চসমূহৰ শক্তিশালী ভূমিকাৰ বিষয়ে বুজাই দিয়া হয়। ইয়াৰ উপৰিও শিশু আৰু কিশোৰীসকলৰ বিভিন্ন সমস্যাৰ প্ৰতি সমাজক সজাগ কৰা, সামূহিক অংশগ্ৰহণ বৃদ্ধি কৰা আৰু কন্যা শিশু তথা কিশোৰীসকলৰ মাজত নেতৃত্বৰ গুণাৱলী বিকশিত কৰাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত শিশু, কিশোৰী, অবিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, পঞ্চায়তৰ প্ৰতিনিধি, এ.এন.এম., আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ লগতে স্থানীয় ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানসমূহত নগাঁও জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগু, বঢ়মপুৰ পঞ্চায়তৰ সম্পাদিকা নীলাক্ষী কাকতি, বঢ়মপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া সুমন্ত কুমাৰ ব্ৰহ্ম, ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া মিন্টু শৰ্মা, ডলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া বিভা কলিতা ; পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া জ্যোতিমা কুম্বাং স্বাস্থ্য আৰু শিক্ষা বিভাগৰ সমল ব্যক্তিসকল তথা জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ বিষয়া উপস্থিত থাকে।
নগাঁও জিলাত ঋতুস্ৰাৱ অনাময় ব্যৱস্থাপনা দিৱস উদযাপন কৰা হয়