ডিজিটেল সেৱা: মাজত মাত্ৰ কেইটিমান ঘণ্টাৰ পিছতে কাইলৈ অৰ্থাৎ ২১ জুন, দেওবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’ব দেশৰ চিকিৎসা বিজ্ঞানৰ সৰ্ববৃহৎ প্ৰৱেশ পৰীক্ষা ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক স্তৰ) অৰ্থাৎ নীট (ইউজি) ২০২৬। অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব দীপক জিদুংক এই পৰীক্ষাৰ নগাঁও জিলাৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। আজি তেওঁ নগাঁৱত উপস্থিত হৈ এই পৰীক্ষাৰ সামগ্ৰিক প্ৰস্তুতিৰ তথা যাৱতীয় ব্যৱস্থাপনাৰ বুজ লয়। এই উদ্দেশ্যে আজি আগবেলা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত লৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে লোৱা ব্যৱস্থাৱলীৰ বিষয়ে বিতংকৈ অবগত কৰে। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত পৰীক্ষা কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি, প্ৰশ্নকাকত আৰু উত্তৰ বহীৰ সুৰক্ষিত সংৰক্ষণ তথা বিতৰণ ব্যৱস্থাৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহ গভীৰভাৱে পৰ্যালোচনা কৰা হয়। বিশেষকৈ দেওবাৰৰ দিনটোত পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলৰ যাতায়ত সুগম কৰাৰ স্বাৰ্থত চহৰখনৰ যান-বাহন পৰিচালনা ব্যৱস্থা অধিক সক্ৰিয় কৰা, পৰীক্ষা কেন্দ্ৰসমূহৰ চৌপাশৰ আইন-শৃংখলা আৰু নিৰাপত্তা কটকটীয়া কৰা আৰু পৰীক্ষাত হ’ব পৰা যিকোনো ধৰণৰ অনিয়ম বা অসদুপায় অৱলম্বন প্ৰতিহত কৰিবলৈ গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। আজিৰ এই উচ্চস্তৰীয় বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা, প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, যান-বাহন আৰক্ষী শাখাৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কেন্দ্ৰীয় সমন্বয়ক আৰু সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকি নিজ নিজ বিভাগৰ প্ৰস্তুতিৰ খতিয়ান দাঙি ধৰে।
নগাঁৱত নীট পৰীক্ষাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক দীপক জিদুংকৰ সৈতে পৰ্যালোচনা