ডিজিটেল সেৱা, নগাঁও: আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক স্তৰ) ‘নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট’ চমুকৈ NEET (UG) ২০২৬ৰ শেষ পৰ্য্যায়ৰ প্ৰস্তুতিৰ বুজ ল’বলৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি নিৰাপত্তা আৰু ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে।

পৰিদৰ্শনকালত জিলাখনৰ শীৰ্ষ বিষয়াদ্বয়ে নগাঁও বিশ্ববিদ্যালয়, নগাঁও ছোৱালী কলেজ, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়, গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়, পি.এম. শ্ৰী কেন্দ্ৰীয় বিদ্যালয় আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ পৰীক্ষাৰ্থীৰ বাবে যাৱতীয় সুবিধাৰাজিৰ লগতে প্ৰস্তুতিৰ তন্ন তন্নকৈ নিৰীক্ষণ কৰে।

তেওঁলোকে পৰীক্ষা কক্ষসমূহৰ পৰিৱেশ, বায়’মেট্ৰিক, কেন্দ্ৰৰ নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যক্ষমতা, চিচি টিভি আৰু প্ৰশ্নকাকতৰ সুৰক্ষা সন্দৰ্ভত কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰসমূহত যিকোনো ধৰণৰ ত্ৰুটিমুক্ত পৰিৱেশ নিশ্চিত কৰিবলৈ যাবতীয় নিৰ্দেশনা আৰু পৰামৰ্শ দিয়ে। এই বিশেষ পৰিদৰ্শন কালত জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক সংগ দিয়ে অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে।