যোগপ্ৰেৰণা ফাউণ্ডেচনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

ডিজিটেল সেৱা, চামগুৰি : বিগত বৰ্ষ সমূহৰ দৰে নগাঁও জিলাৰ চামগুৰি স্থিত আৰু নগাঁও টাউনৰ পানীগাঁও স্থিত অগ্ৰণী যোগ প্ৰতিষ্ঠান “যোগপ্ৰেৰণা ফাউণ্ডেচন”ৰ উদ্যোগত “ৰাভা দিৱস”ৰ লগত সংগতি ৰাখি ২০ জুনৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে। জানিব পৰা মতে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী অনুসৰি ২১ জুনত নগাঁও জিলাৰ চামগুৰি অঞ্চলৰ কুৰুৱাবাহী কছাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত চামগুৰি স্থিত আৰু নগাঁও টাউনৰ পানীগাঁৱত অৱস্থিত যোগপ্ৰেৰণা ফাউণ্ডেচনৰ পৰিচালন সঞ্চালিকা তথা ইণ্ডিয়ান আইকন এৱাৰ্ডি যোগ অলংকাৰ যোগবিদ ড° ৰেখামণি দাসৰ তত্বাবধানত “যোগ সকলোৰে বাবে” শীৰ্ষক যোগাভ্যাস অনুষ্ঠান উপস্থিত লোক সকলক লৈ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধান শিক্ষয়িত্ৰী ওৱাহিদা বেগম আৰু সহকাৰী শিক্ষক ৰুস্তম আলীক যোগবিদ ড° ৰেখামণি দাসে এখনি কৈ ফুলাম গামোছাৰে আদৰণি জনায়। প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে শুভাৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় যোগৰ অনুষ্ঠানটোত যোগ অলংকাৰ প্ৰাপক যোগবিদ গৰাকীয়ে যোগ শিক্ষাৰ বিষয়ে বহল ভাৱে উপস্থিত লোক সকলৰ মাজত ভাষণ প্ৰদান কৰে। পৰবৰ্তী সময়ত যোগবিদ ড° ৰেখামণি দাসে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী ও অভিভাৱক সকলৰ মাজত যোগ ক্ৰিয়াৰ বিভিন্ন শৈলী সমূহ পৰিচালনা কৰে। এই কাৰ্যসূচীত লীলা কান্ত বৰা, আনন্দ শইকীয়া, কপিল ৰয়, অৰ্চিত বৰা, দৃষ্টিহীয়া শৰ্মা, বিদ্যুত বৰাকে ধৰি উক্ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী ও অভিভাৱক সকলে যোগৰ বিভিন্ন অনুশীলন সমূহ গ্ৰহণ কৰি আপ্লুত হোৱা দেখা যায়। উল্লেখ্য যে, বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো যোগপ্ৰেৰণাৰ ব্যৱস্থাপনাত দুদিনীয়াকৈ যোগ দিৱস পালন কৰা হয় । উক্ত কাৰ্য্যসূচী মতে ২০জুনত নগাঁও টাউন স্থিত পানীগাৱঁৰ যোগপ্ৰেৰণা ফাউণ্ডেচনে অনলাইনৰ জৰিয়তে যোগৰ ক্ৰিয়া সমূহ সফলভাৱে সম্পন্ন হয়। অনুষ্ঠানৰ আৰম্ভণিতে ভগৱান শ্ৰীকৃষ্ণ আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ চৰণত চাকি-ধূপ নৈবদ্য প্ৰদানেৰে সেৱা-প্ৰাৰ্থনা জনোৱাৰ লগতে “কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা” দেৱক স্মৰণ কৰি বন্তি প্ৰজ্বলনেৰে পুষ্পাঞ্জলি অৰ্পণ কৰি সেৱা-প্ৰাৰ্থনা জনোৱা উপৰিও “যোগপ্ৰেৰণা ফাউণ্ডেচনে” পোণ প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ কৰ্মৰাজিৰ ভিত্তিত দিব্যমানৱ হিচাপে বিগত সময়ত স্বীকৃতি প্ৰদান কৰা হিয়াৰ আমঠু জুবিন গাৰ্গ (জুবিনদা)ক সুৱঁৰি বন্তি পুষ্পাঞ্জলি প্ৰদানেৰে আশীৰ্বাদ লৈ সন্ধিয়া ৭ বাজি ৩০ মিনিটৰ পৰা কলাগুৰু আৰু জুবিনদা এই দুয়োগৰাকী মহীৰূহৰ ওচৰত মৌন প্ৰাৰ্থনা জনাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যে ৰাজ্যখনৰ বিভিন্ন জিলাত উপস্থিত থকা সকলোৰে শৰীৰ আৰু মনৰ সঞ্চালনৰ জৰিয়তে যোগৰ বিভিন্ন ক্ৰিয়া-কলাপ সমূহ সেৱা মনোভাৱেৰে অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। এই অনুষ্ঠানটোত পাৰিজাত শইকীয়া, দিপশিখা বৰা,প্ৰাণাজ্যোতি গগৈ,অৰুণা বৰা, দৃষ্টি হিয়া শৰ্মা,নিলাক্ষী ৰাভা,চিমনজিতা গগৈ, অভিলেখ বৰা,হিমাংক জ্যোতি বৰা,অৰুনাভ লাহন,শিৱাণী কাকতি, মানান্যা দত্ত,আস্থা বৰা,দৰ্শিল প্ৰিয়ম বৰা, উদয়ন বৰুৱাকে ধৰি বহু লোক উপস্থিত থাকে বুলি জানিব পৰা গৈছে।

Related Articles