শিৱসাগৰ সমষ্টিৰ লোণপুৰীয়া অঞ্চলৰ জৰাজীৰ্ণ পথে জীয়াতু ভুগাইছে ৰাইজক

ডিজিটেল সেৱা, গেলেকী: পূৰ্বৰ আমগুৰি আৰু বৰ্তমান সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত শিৱসাগৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা নামতি আলি গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ লোণপুৰীয়া অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথে বিগত কেইবাবছৰো ধৰি স্থানীয় সৰ্বসাধাৰণ ৰাইজক তীব্ৰ জীয়াতু ভুগাই আহিছে। উল্লেখযোগ্য যে, পূৰ্বতে এই অঞ্চলটো আমগুৰি সমষ্টিৰ অধীনত থাকোঁতে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই পথচোৱাৰ উন্নয়নৰ বাবে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই সমস্যাটো আজিও সমাধান নহ’ল বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। আনহাতে, বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পথচোৱা যাতায়তৰ সুচল কৰাৰ উদ্দেশ্যে কিছু শিল দিয়াৰ ব্যৱস্থা কৰিছিল যদিও নেৰানেপেৰা বৰষুণৰ ফলত বৰ্তমান সময়ত পথচোৱাৰ অৱস্থা পূৰ্বতকৈও অধিক শোচনীয় হৈ পৰিছে। এই পথেৰে দৈনিক স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী, বয়োজ্যেষ্ঠ নাগৰিকৰ লগতে শ শ সৰ্বসাধাৰণ লোকে যাতায়ত কৰে।

বৰ্তমান পথচোৱা যান-বাহন বা খোজকাঢ়ি যোৱাৰো অনুপযোগী হৈ পৰাৰ ফলত দৈনিক সৰু-বৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে। যাৰ বাবে এতিয়া অঞ্চলটোৰ একাংশ লোক ঘৰৰ পৰা ওলাই যাবলৈকো ভয় কৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে।স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, পথচোৱা ওচৰৰে একাংশ ঠাই কৃষি পথাৰৰ সমতলতকৈ চাপৰ হোৱাৰ বাবে বৰষুণৰ দিনত পথাৰৰ পানী বছৰৰ প্ৰায় ছমাহ ধৰি পথৰ ওপৰেদি বাগৰি থাকে। ফলত পথটোৱে এক প্ৰকাৰ পুখুৰীৰ ৰূপ ধাৰণ কৰে একাংশ ঠাইত। বিগত সময়ছোৱাত সংবাদ মাধ্যমত কেইবাবাৰো এই সমস্যাটোৰ সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছে যদিও বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰৰ আজিলৈকে দৃষ্টিগোচৰ হোৱা নাই। চৰকাৰী মিত্ৰদল অগপৰ প্ৰাৰ্থীয়ে দুবাৰকৈ প্ৰতিনিধিত্ব কৰা এই অঞ্চলটোত আটাইতকৈ পিছপৰা শ্ৰেণীৰ লোকসকলে বসবাস কৰে, কিন্তু দুৰ্ভাগ্যজনকভাৱে অঞ্চলটোৰ মূল পথটোৰ এই দুৰৱস্থা আজিও দূৰ নহ’ল। অবশেষত উপায়ন্তৰ হৈ এতিয়া শিৱসাগৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক অখিল গগৈয়ে পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশাৰে বাট চাই আছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে।

Related Articles