◆জমিৰ উদ্দিন তালুকদাৰ◆
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমতে অলপতে তেওঁলোকৰ হোজাই জিলা সমিতিখন ভংগ কৰা হয়৷ আজি হোজাই জিলা সমিতি পুনৰ গঠনৰ বাবে নীলবাগানত এখন আহ্বায়ক সমিতি গঠন কৰা হয়৷ এই উপলক্ষে লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ নীলবাগানস্থিত প্ৰেক্ষাগৃহত আহ্বায়ক সমিতি গঠনৰ বাবে অনুষ্ঠিত হয় সাধাৰণ সভা৷ সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক বিজন বায়ন সহ বহুকেইজন কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকে৷ সভাৰ অন্তত নীলবাগানৰ যুৱক হেলাল মেহমুদ আৰু মুকুল বৰুৱাক মুখ্য আহ্বায়ক তথা আন পোন্ধৰজন সদস্যক আহ্বায়ক হিচাপে নিযুক্তি দি হোজাই জিলা সমিতিখন গঠনৰ দায়িত্ব দিয়া হয়৷ উল্লেখ্য যে ২০০৯-২০১০ চনতে হেলাল মেহমুদে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নীলবাগান আঞ্চলিকৰ দায়িত্ব লৈ সমাজত কেতবোৰ উল্লেখনীয় কাম কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল৷ জিলাখনত বৃদ্ধি পোৱা মাদকদ্ৰব্য, অন্যায়-অত্যাচাৰ আদিৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ এইবাৰ পুনৰ তেওঁক আহ্বায়ক সমিতিৰ মুখ্য আহ্বায়ক হিচাপে নিযুক্তি দিয়াত ছাত্ৰ সমাজ উৎফুল্লিত হৈ পৰিছে৷ আহ্বায়ক সমিতিখনে অহা দুমাহৰ ভিতৰত হোজাই জিলা সমিতিখন গঠন কৰিব৷