নাগালেণ্ডৰ চুমৌকেডিমাত আইইডি বিস্ফোৰণ: এজন সেনা জোৱান শ্বহীদ

ডিজিটেল সেৱা: নাগালেণ্ডৰ শোখুভি–চুমৌকেডিমা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত আছাম ৰাইফলছৰ কনভয়ক লক্ষ্য কৰি আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।সোমাবাৰে ভয়ংকৰ আইইডি বিস্ফোৰণত কঁপি উঠিল নাগালেণ্ডৰ ডিমাপুৰৰ চুমৌকেডিমা অঞ্চল।বিস্ফোৰণটোত এজন সেনা জোৱান নিহত হোৱাৰ লগতে চাৰিজন জোৱান আহত হৈছে ৷ এসপ্তাহৰ ভিতৰত এইটো নাগালেণ্ডৰ চুমৌকেডিমাত দ্বিতীয়টো আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ এই বিস্ফোৰণত এনএছচিএন(আইএম) জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷ঘটনা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত মেজৰ দিগ্বিজয় সিং ৰাৱটে এক্সত উল্লেখ কৰিছে , “নাগালেণ্ডৰ চুমৌকেডিমাত অসম ৰাইফলছ কনভয়ৰ ওপৰত এনএছচিএন (আই এম)ৰ এসপ্তাহৰ ভিতৰত দ্বিতীয়টো আইইডিৰে আক্ৰমণ ৷ আলফা আৰু এনএছচিএনে নিৰাপত্তা বাহিনীৰ ওপৰত বহুসময়ত এনেদৰে এম্বুছৰ দৰে ঘটনা একেলগে কৰি আহিছে ।”প্ৰাৰম্ভিক তথ্য অনুসৰি, বিস্ফোৰক সামগ্ৰীখিনি পথৰ কাষত ৰখা এখন অট’ৰিক্সাৰ ভিতৰত লুকুৱাই থোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে । চুমৌকেডিমা আৰু ডিমাপুৰৰ মাজৰ লংগি অঞ্চলত অসম ৰাইফলছৰ বাহনখন পাৰ হৈ যোৱাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ বিস্ফোৰণত এজন অসম ৰাইফলছৰ জোৱান শ্বহীদ হোৱাৰ লগতে চাৰিজন জোৱান আহত হয় ৷ আনহাতে বিস্ফোৰণত দুজন সাধাৰণ নাগৰিকেও সামান্য আঘাত পোৱা বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত উপস্থিত হৈছে ফৰেঞ্চিকৰ দল ৷ঘটনাটো সন্দৰ্ভত কোহিমাৰ প্ৰতিৰক্ষা জনসংযোগ বিষয়াই জনায় যে, শোখুভিৰ ওচৰত অসম ৰাইফলছৰ বাহনক লক্ষ্য কৰি এক সন্দেহজনক আইইডি বিস্ফোৰণ হয় । এজন জোৱান নিহত আৰু চাৰিজন আহত হোৱাৰ কথা নিশ্চিত কৰাৰ লগতে অঞ্চলটোত ব্যাপক নিৰাপত্তা অভিযান অব্যাহত থকা বুলি জানিবলৈ দিয়ে সেনা বিষয়াজনে । বিস্ফোৰণৰ পিছতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অপৰাধীক কৰায়ত্ব কৰাৰ উদ্দেশ্যেৰে বৃহৎ অভিযান আৰম্ভ কৰিছে ।স্থানীয় সংবাদ মাধ্যমত ৰাইজে দিয়া মন্তব্য অনুসৰি, এখন বলেৰ’ পিকআপ বাহনত আছাম ৰাইফলছৰ পাঁচজন সেনা বহি আছিল ৷ তেনেতে এখন অট’ৰ সমীপত সেনাৰ কনভয় পোৱাৰ পাছতে বিস্ফোৰণ ঘটে ৷ঘটনা সন্দৰ্ভত বৰ্তমানো সঠিক তথ্য পোহৰলৈ অহা নাই যদিও স্থানীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি ।

Related Articles