ডিজিটেল সেৱা: দেওবাৰে ৰাজ্যৰ বিভিন্ন জিলাত কমেও ৪৭২.৫১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী দাহ কৰা হয় । এই নিচাজাতীয় সামগ্ৰী দাহ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লয় ৷দৌলাশালত মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ সমগ্ৰ প্ৰক্ৰিয়া তদাৰক কৰে ৷ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক নাৰায়ণ ডেকাও উপস্থিত থাকে ৷ মুখ্যমন্ত্ৰীয়ে নিজেই ৰোলাৰ চলাই বৃহৎ পৰিমাণৰ কফচিৰাপ নষ্ট কৰা দেখা যায় ৷ ৰাজ্যজুৰি বিভিন্ন গোচৰত জব্দ কৰা ড্ৰাগছসমূহ পুনৰ অবৈধ বজাৰত উপলব্ধ হোৱাটো ৰোধ কৰাৰ বাবে বিজ্ঞানসন্মতভাৱে ধ্বংস কৰা হয় ।ধ্বংস কৰা নিষিদ্ধ সামগ্ৰীসমূহৰ ভিতৰত আছে ৩৯.০৬৮ কিলোগ্ৰাম মৰ্ফিন (আনুমানিক মূল্য ৩৯.০৭ কোটি টকা), ৭৯.৭৭০ কিলোগ্ৰাম আফিং (৩.৯৮ কোটি টকা), ০.০৪৭১ কিলোগ্ৰাম কোকেইন (২৩.৫৫ লাখ টকা), ১৯,০২,৯২২ টা ইয়াবা টেবলেট (৭৯.৬৪ কোটি টকা), ৫৮.৮৭৭ কেজি হেৰ’ইন (১১৭.৭৫ কোটি টকা), ৯.৪৯ কেজি পপি ষ্ট্ৰ’ (১.৪৩ লাখ টকা), ২,২৯,৪৪৯ বটল কফ চিৰাপ (২২.৯৪ কোটি টকা), আৰু ৩৭,৭৯৬.৩৪ কেজি গাঞ্জা (ভাং) যাৰ মূল্য ১৮৮.৯৮ কোটি টকা । ধ্বংস কৰা নিচাজাতীয় দ্ৰব্যসমূহৰ মুঠ আনুমানিক বজাৰ মূল্য ৪৭২.৫১ কোটি টকা ।ৰাজ্য চৰকাৰে কয় যে এই নিষ্কাশন কাৰ্যসূচীয়ে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ ৰোধৰ ক্ষেত্ৰত অসমৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰিছে । জব্দ কৰা নিষিদ্ধ সামগ্ৰীক বিজ্ঞানসন্মতভাৱে ধ্বংস কৰি চৰকাৰে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানক শক্তিশালী কৰাৰ লগতে ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যক আগুৱাই নিয়াৰ লগতে ইয়াৰ পুনৰ প্ৰচলন ৰোধ কৰাৰ লক্ষ্য লৈছে ।সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘সমাজৰ মাৰাত্মক ব্যাধি ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছো । ইয়াৰেই অংশ হিচাপে আজি নলবাৰীৰ দৌলাশালস্থিত অসম আৰক্ষী বাহিনীৰ চৌহদত ৰাজ্যিক পৰ্যায়ত নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰো৷ এই পদক্ষেপ আহিবলগা দিনবোৰৰ বাবে কঠোৰ সকীয়নিৰো অংশ । কাৰণ আমাৰ এই ড্ৰাগছবিৰোধী অভিযান থমকি নৰয় কাহানিও, বৰং অধিক কঠোৰতাৰে আমি আগুৱাইহে নিম । অসম আৰক্ষীয়ে জব্দ কৰা ৪৭২.৫১ কোটি টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰিবলৈ প্ৰায় ১০ দিন সময়ৰ প্ৰয়োজন হ’ব ৷ অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাত এনেদৰে নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷’’