ডিজিটেল সেৱা: “শিল্পকলাৰ মাজত থাকে স্মৃতি ধৰি ৰখা, আৱেগ প্ৰকাশ কৰা আৰু হৃদয়সমূহক একলগ কৰাৰ এক অপূৰ্ব শক্তি। সেই শক্তিৰে সমাজ সুন্দৰ কৰাৰ প্ৰয়াস যুগ যুগান্তৰ ধৰি চলি আহিছে।” আজি নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ কৰা বিথিকাত আয়োজিত এখন চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰি দিয়া ভাষণত এইদৰে কয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। অসমৰ একাংশ প্ৰতিভাশালী শিল্পীৰ অনন্য সৃষ্টিশীলতা আৰু শিল্পাত্মক অনুভূতিক প্ৰাণৱন্ত ৰূপত দাঙি ধৰি আজিৰে পৰা আৰম্ভ হোৱা “যাত্ৰা-১২” শীৰ্ষক তিনিদিনীয়া চিত্ৰকলা প্ৰদৰ্শনীখন উদ্বোধন কৰাৰ লগতে ইয়াৰ চিত্ৰসমূহ প্ৰত্যক্ষ কৰি জিলা আয়ুক্ত গৰাকীয়ে উচ্চসিত হৈ পৰে।

তেওঁ সকলোকে এই প্ৰদৰ্শনীৰ আনন্দ উপভোগ কৰিবলৈ আহ্বান জনায়। ৰং, আৱেগ আৰু কল্পনাৰ এই অপূৰ্ব নান্দনিক যাত্ৰাৰ সাক্ষী হৈ জিলা আয়ুক্ত শৰ্মাই তেওঁৰ ভাষণত অসমৰ শিল্প-সংস্কৃতিক এক নতুন মাত্ৰা প্ৰদান কৰাত এনে প্ৰদৰ্শনীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰে। তেওঁ শিল্পীসকলৰ এই প্ৰয়াসক গভীৰভাৱে শলাগ লয়।এই অনুষ্ঠানতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে মঞ্চ অভিনেত্ৰী চিমি গোস্বামী আৰু জনপ্ৰিয় চিত্ৰশিল্পী গকুল চেত্ৰী। উল্লেখযোগ্য যে, অসমৰ প্ৰতিভাশালী চিত্ৰশিল্পী ৰাতু মণি দাসৰ নেতৃত্বত আঞ্চলিক শিল্প চৰ্চাক প্ৰসাৰিত কৰা আৰু নৱপ্ৰজন্মৰ মাজত সৃষ্টিশীলতাক বিকশিত কৰাৰ লগতে প্ৰতিভাশালী শিল্পীসকলক এক সুকীয়া মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে ২০১৯ চনৰ পৰা আৰম্ভ হোৱা “যাত্ৰা” নামৰ অনুষ্ঠানটোৰ উদ্যোগত এই চিত্ৰ প্ৰদৰ্শনী খন অনুষ্ঠিত হৈছে।

এই বিশেষ প্ৰদৰ্শনীখন আজি ১৫ জুলাইৰ পৰা অহা ১৭ জুলাই লৈ নগাঁও চহৰৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ আৰ্ট গেলেৰীত পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ দৰ্শকৰ বাবে মুকলি ৰখা বুলি উদ্যোক্তা সকলে জনাইছে। এই প্ৰদৰ্শনীত অসমৰ কেইবাগৰাকীও প্ৰতিভাশালী শিল্পী ক্ৰমে অংকুৰ চহৰীয়া, সুনীল নাথ, ৰাঘৱ মহন্ত, অচ্যুতীশ বৰগোহাঁই, ড° মৃদুলা কাশ্যপ, নৱনীতা শৰ্মা, ঋতু মণি দাস আৰু সন্তোষ কুমাৰৰ অনন্য সৃষ্টিৰাজি প্ৰদৰ্শিত কৰা হৈছে।