ডিজিটেল সেৱা, নগাঁও: বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে মঙ্গলবাৰে নগাঁৱৰ ভোগশ্বৰী ফুকননী চিভিল হাস্পতালত এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে হাস্পতাল চৌহদৰ পৰা বৰবজাৰলৈকে এক সজাগতা ৰেলী উলিওৱা হয়। ৰেলীত স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, আইডিএছপি (IDSP) নাৰ্চিং স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু জি.এন.এম.ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।ৰেলীত উপস্থিত থাকে অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) কমলজিত শৰ্মা, বি.পি. চিভিল হাস্পতালৰ অধীক্ষক ডাঃ বিদ্যাৱতী হাজৰিকা, উপ-অধীক্ষক ডাঃ এন. জে. বৰা, ডা: মৃদুল কুমাৰ নাথ আৰু এপিডেমিঅ’লজিষ্ট ডাঃ মৃদুল মালাকাৰ।এই বছৰৰ বিশ্ব হেপাটাইটিছ দিৱসৰ মূল প্ৰতিপাদ্য হৈছে “Hepatitis: Let’s Break It Down”। ইয়াৰ মূল লক্ষ্য হৈছে হেপাটাইটিছ সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণা দূৰ কৰা, সময়মতে পৰীক্ষা, চিকিৎসা আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণক সজাগ কৰি তোলা
বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে নগাঁও জিলাত সজাগতা ৰেলী