নগাঁও জিলাৰ চামগুৰিৰ সাংবাদিক নয়নমনি বৰা মৃত্যুত শোকৰ ছাঁ

অদিতি সেৱা, চামগুৰি :- নগাঁও জিলাৰ চামগুৰিৰ সংবাদ জগতৰ লগত জড়িত তথা জ্যেষ্ঠ-কনিষ্ঠ সকলোৰে মৰমৰ উদীয়মান সাংবাদিক নয়নমনি বৰাৰ দেহাৱসান ঘটা খবৰে সমগ্ৰ চামগুৰি অঞ্চলতে শোঁকৰ ছাঁ পেলাইছে। ২৯ বছৰ বয়সত সাংবাদিকগৰাকীৰ এনে আকস্মিক বিয়োগে সমগ্ৰ সংবাদ জগতখনতে গভীৰ শোকৰ ছাঁ পেলাইছে।প্ৰাপ্ত তথ্য মতে, অসমীয়া প্ৰতিদিনৰ ইলক্ট্ৰ’নিক মাধ্যমৰ সাংবাদিক নয়নমনি বৰা বিগত কিছুদিন ধৰি গুৰুতৰভাৱে জণ্ডিচ ৰোগত আক্ৰান্ত হৈ আছিল। ৰোগৰ জটিলতা বৃদ্ধি পোৱাত তেওঁক উত্তৰ গুৱাহাটীতস্থিত ‘জি এন আৰ চি’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাতে তেওঁ মঙ্গলবাৰে শেষ নিশ্বাস ত্যাগ কৰে। নিষ্ঠাৱান আৰু উদ্যমী সাংবাদিক হিচাপে পৰিচিত নয়নমনি বৰাৰ মৃত্যুত স্থানীয় ৰাইজ, বিভিন্ন সামাজিক-সাংস্কৃতিক সংগঠন আৰু সতীৰ্থ সাংবাদিকসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Related Articles