কৃত্ৰিম বানৰ কৱলত ডবকা-মোৰাঝাৰ: মীন পালকৰ হাহাকাৰ

জমিৰ উদ্দিন তালুকদাৰ

যোৱা কিছুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ সমান্তৰালভাৱে নলা-নৰ্দমা, পানী নিষ্কাশন ব্যৱস্থাৰ অভাৱ আৰু বিভিন্ন স্থানত অবাধে পানীৰ গতিপথ ৰোধ কৰাৰ ফলত হোজাই জিলাৰ ডবকা আৰু মোৰাঝাৰ অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানে ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিস্তীৰ্ণ কৃষিভূমি পানীৰ তলত যোৱাৰ লগতে বহু মীন পালকৰ পুখুৰী উপচি পৰাত ব্যাপক ক্ষতিৰ আশংকা দেখা দিছে। যোৱা নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ডবকা ৰাজহ চক্ৰ আৰু মোৰাঝাৰ অঞ্চলৰ বিভিন্ন ঠাইত পানী জমা হৈ পৰে। ডবকাৰ পশ্চিম জাৰুণী, পূৱ জাৰুণী, সূতাৰগাঁও আদি অঞ্চলৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ গৈছে। একেদৰে মোৰাঝাৰ অঞ্চলৰ চাবাজপুৰ, পদুমনি, ষোল্লঘৰীকে ধৰি বহু গাঁৱৰ কৃষিভূমি জলমগ্ন হৈ পৰিছে। মোৰাঝাৰ অঞ্চলটো হোজাই জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ মীন উৎপাদন এলেকা হিচাপে পৰিচিত। অঞ্চলটোৰ বহু পৰিয়াল পুখুৰীত মাছ পালন কৰি জীৱিকা নিৰ্বাহ কৰে। কিন্তু নিশাটোৰ ধাৰাষাৰ বৰষুণৰ ফলত পুখুৰীসমূহৰ পানী বিপজ্জনকভাৱে বৃদ্ধি পোৱাত বহু পুখুৰীৰ পাৰ উপচি মাছ ওলাই যোৱাৰ আশংকা সৃষ্টি হৈছে। স্থানীয় লোকৰ মতে, অঞ্চলটোত শতাধিক পুখুৰী ইতিমধ্যে পানীৰে উপচি পৰিছে। বহু পুখুৰীৰ পানী ওচৰৰ কৃষিভূমি আৰু নিম্নাঞ্চললৈ বৈ যোৱাৰ ফলত মাছ ওলাই যোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াৰ ফলত মীন পালকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু মীন পালকে অভিযোগ কৰে যে বছৰজুৰি পুখুৰীত মাছ পালন কৰি উপাৰ্জনৰ আশাত থকা সময়তে হঠাৎ অহা বানপানীয়ে তেওঁলোকৰ মূৰত যেন সৰগ ভাঙি পেলাইছে। পুখুৰীৰ পাৰ ভাঙি মাছ ওলাই গ’লে একে সময়তে মাছ, পোনা আৰু খাদ্যৰ বাবদ কৰা বৃহৎ বিনিয়োগ হেৰুৱাবলগীয়া হ’ব পাৰে৷ কেৱল মীন পালকেই নহয়, কৃত্ৰিম বানৰ ফলত কৃষকসকলৰ মাজতো ব্যাপক উদ্বেগৰ সৃষ্টি হৈছে। ডবকা আৰু মোৰাঝাৰ অঞ্চলৰ বহু হেক্টৰ কৃষিভূমি পানীৰ তলত যোৱাৰ ফলত শালি খেতিৰ লগতে অন্যান্য কৃষিকাৰ্যও ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা দেখা দিছে। চাবাজপুৰ, পদুমনি আৰু ষোল্লঘৰী অঞ্চলৰ কৃষিভূমিত দীৰ্ঘসময় ধৰি পানী আবদ্ধ হৈ থাকিলে ৰোপণ কৰা ধানৰ পুলি নষ্ট হোৱাৰ সম্ভাৱনা আছে। একেদৰে পশ্চিম জাৰুণী, পূৱ জাৰুণী আৰু সূতাৰগাঁও অঞ্চলতো পানী নিষ্কাশন নোহোৱাৰ ফলত কৃষকসকল চিন্তিত হৈ পৰিছে। স্থানীয় ৰাইজৰ অভিযোগ, বহু অঞ্চলত পানীৰ স্বাভাৱিক গতিপথ সংকুচিত বা বন্ধ হৈ পৰাৰ ফলতেই অলপ সময়ৰ বৰষুণতে ভয়ংকৰ জলাবদ্ধতাৰ সৃষ্টি হয়। বহু ঠাইত নলা-নৰ্দমা, সৰু জলপথ আৰু কালভাৰ্টসমূহ পৰ্যাপ্তভাৱে পৰিষ্কাৰ নকৰাৰ ফলতো বৰষুণৰ পানী ওলাই যাব পৰা নাই বুলি অভিযোগ উঠিছে। স্থানীয় ৰাইজে প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগক এই বিষয়টো গুৰুত্বসহকাৰে পৰীক্ষা কৰি পানী নিষ্কাশনৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে গ্ৰহণ কৰিবলৈ দাবী জনাইছে। বিশেষকৈ যিবোৰ স্থানত মানুহে কৃত্ৰিমভাৱে পানীৰ গতিপথ বন্ধ কৰাৰ অভিযোগ আছে, সেই স্থানসমূহ চিনাক্ত কৰি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে। ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৃষি আৰু মীন বিভাগৰ বিষয়াক লৈ যৌথভাৱে ক্ষয়ক্ষতিৰ জৰীপ চলোৱাৰ দাবী জনাইছে ৰাইজে। পুখুৰীৰ মাছ ওলাই যোৱা, পুখুৰীৰ পাৰ ভাঙি যোৱা, মাছৰ পোনা আৰু খাদ্য নষ্ট হোৱা আদি বিষয়সমূহৰো পৃথকভাৱে জৰীপ কৰাৰ দাবী উঠিছে।

Related Articles