নগাঁৱত বিশ্ব স্তনপান সপ্তাহ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান

অদিতি সেৱা, নগাঁও: প্ৰতি বছৰে ১আগষ্টৰ পৰা ৭ আগষ্ট তাৰিখলৈকে সমগ্ৰ বিশ্বতে সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা “বিশ্ব স্তনপান সপ্তাহ”ৰ অংশ স্বৰূপে নগাঁও জিলাৰ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্র (বি. পি. এইচ. চি.)ও খণ্ডৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য খণ্ডত সজাগতামূলক কার্যসূচীৰে যোৱা ১ আগষ্ট তাৰিখৰ পৰা বিশ্ব স্তনপান সপ্তাহৰ শুভাৰম্ভণি কৰা হয়। যোৱা ১আগষ্ট তাৰিখে বুঢ়াগোহাঁইথানৰ চিলঙনী মিনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত খণ্ড পৰ্য্যায়ৰ বিষয়ববীয়াৰ লগতে চিলঙনী মিনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়ববীয়া, ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া, আশাকৰ্মী, স্তনপান কৰাই থকা মাতৃ আদি লোকসকলৰ উপস্থিতিত সফলভাৱে বিশ্ব স্তনপান সপ্তাহ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়।একেদৰে ৩ আগষ্ট তাৰিখে চামগুৰি আৰু শিঙিমাৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি বিশ্ব স্তনপান সপ্তাহ কাৰ্যসূচীৰ অংশ হিচাপে একসজাগতা অনুষ্ঠান আয়োজন কৰা হয়। শিঙিমৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়ববীয়া, স্বাস্থ্য কৰ্মী তথা আশাকৰ্মী, এ.এন. এম. আৰু উপস্থিত সদস্যসকলৰ সহযোগিতাত এটি সজাগতামূলক ৰেলী অনুষ্ঠিত কৰে। লগতে স্তনপান কৰাই থকা মাতৃ আৰু গৰ্ভৱতী মহিলাসকলৰ উপস্থিতিত স্তনপানৰ প্ৰতি সজাগ আৰু সচেতন কৰাৰ প্ৰচেষ্টাৰে ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হয় আৰু শিশুসকলৰ উচিত বিকাশৰ ক্ষেত্ৰত মাতৃদুগ্ধৰ প্রয়োজনীয়তা, জন্মৰ প্ৰথম ঘণ্টাৰ ভিতৰত স্তনপান আৰম্ভ কৰাৰ গুৰুত্ব, নৱজাতকৰ জীৱনৰ প্ৰথম ছমাহৰ বাবে মাত্র স্তনপান নিশ্চিত কৰা, স্তনপান কৰা মাতৃসকলৰ পুষ্টিৰ প্রয়োজনীয়তা, আৰু সফল স্তনপানত বাধা দিব পৰা ক্ষতিকাৰক পৰম্পৰাগত পদ্ধতি সমূহ এৰাই চলাৰ প্রয়োজনীয়তা আদি দিশসমূহৰ বিষয়ে উপস্থিত মাতৃ আৰু গর্ভৱতী মহিলাসকলৰ সৈতে বিষদভাৱে আলোচনা কৰা হয়।

Related Articles