নগাঁৱত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা তুলিলে পীযুষ হাজৰীকাই

ডিজিটেল সেৱা, নগাঁও: সমগ্ৰ দেশৰ লগতে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়ামত গাম্ভীৰ্যপূৰ্ণ তথা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জাতীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, ৯৫,৬৮৩ গৰাকী কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত বছৰি ছহেজাৰ টকাকৈ আৰ্থিক সাহায্য লাভ কৰি আহিছে আৰু নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰ কাম অব্যাহত আছে।

ন্যুনতম সমৰ্থন মূল্যৰ অধীনত জিলাখনৰ ৫,৫২৬ জন কৃষকৰ পৰা যোৱা বছৰটোত ৫৯,০৯১ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। তেওঁ ভাষণত বটদ্ৰৱা থানৰ সাংস্কৃতিক তথা পৰ্যটনৰ বিকাশৰ বাবে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত চলি থকা ১৭৮ কোটি টকাৰ কামৰ বিষয়েও উল্লেখ কৰে। প্ৰায় আধাঘণ্টীয়া ভাষণত তেওঁ জিলাখনৰ লগতে ৰাজ্যখনৰো উন্নয়নৰ বিস্তৃত খতিয়ান দাঙি ধৰে। ইয়াৰ লগতে তেওঁ আকৰ্ষণীয় কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানত নগাঁও -বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু ধিঙৰ বিধায়ক মেহবুব মোক্তাৰ, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি. ভি. ৰাকেশ ৰেড্ডীও উপস্থিত থাকে। কুচকাৱাজৰ পিছতে স্বাধীনতা সেনানীৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ভাৰতীয় সেনা বাহিনীৰ ড্ৰোণ বিমান উৰণ আৰু অত্যাধুনিক অস্ত্ৰ -শস্ত্ৰ প্ৰদৰ্শন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাবে স্থান লাভ কৰা সাংস্কৃতিক অনুষ্ঠানত দেশ মাতৃৰ বন্দনাৰে সমৃদ্ধ কেইবাটাও মনোমুগ্ধকৰ গীত-নৃত্য পৰিবেশন কৰা হয়, যিয়ে সমগ্ৰ ষ্টেডিয়াম চৌহদ দেশপ্ৰেমৰ আৱেগেৰে বিঢৌত কৰি তোলে। অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা প্ৰগতিশীল কৃষক, পশুপালক,মীণপালক, চৰকাৰী কৰ্মচাৰী আদিক সম্বৰ্ধনা জনোৱা হয়। ​মূল কাৰ্যসূচী মুকলি হোৱাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যপ্ৰদান কৰাৰ লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৰণত তৰ্পণ কৰে। ইয়াৰ উপৰিও স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু, নেতাজী সুভাষ চন্দ্ৰ বসু, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, মতিৰাম বৰা, হলধৰ ভূঞা, মহেন্দ্ৰ নাথ হাজৰিকা, দেৱকান্ত বৰুৱা আৰু পূৰ্ণচন্দ্ৰ শৰ্মাৰ দৰে মহান মনীষী তথা সংগ্ৰামীসকলৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাৰে মাল্যৰ্পণ কৰি তেওঁলোকৰ অমৰ ত্যাগক স্মৰণ কৰা হয়।


স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জিলাভিত্তিক আয়োজিত কুইজ, তৰ্ক আৰু ৰচনা প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষ বঁটা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও কুচ-কাৱাজ প্ৰদৰ্শনত শ্ৰেষ্ঠত্ব প্ৰমাণ কৰা পেছাদাৰী আৰু অপেছাদাৰী—উভয় শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত দলসমূহলৈ পুৰস্কাৰ আগবঢ়োৱা হয়। নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই ঐতিহাসিক অনুষ্ঠানটোত জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিসহ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, জিলা পৰিষদ, নগাঁও পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতি, পৌৰ প্ৰশাসনৰ বিষয়া- কৰ্মচাৰীসকল, জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল, স্থানীয় গণ্য-মান্য ব্যক্তি, সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। এই অনুষ্ঠানৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া জিলা আয়ুক্ত একাদশ আৰু জিলা ক্ৰীড়া সন্থা একাদশৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেলো অনুষ্ঠিত হয়। ইফালে চহৰৰ প্লেটিনাম মলৰ সন্মুখত স্বাধীনতা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। এনেদৰে নগাঁৱত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত স্বাধীনতা দিৱস অনুষ্ঠানৰ কালি সামৰণি পৰে।

Related Articles