ডিজিটেল সেৱা: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম ৷ ইতিমধ্যে চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ বিজেপিত যোগ দিয়া দেৱাশীষ শৰ্মাক বিজেপিয়ে প্ৰক্ষেপ কৰিলে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাবে ৷ ৮ ছেপ্টেম্বৰত বিজেপিত যোগদান কৰিছিল সদ্য অৱসৰী আইএএছ বিষয়া দেৱাশীষ শৰ্মাই ৷ প্ৰশাসনিক বিষয়াৰ পৰা অৱসৰ লৈয়ে শৰ্মাই প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰিছে ৷ ৰাষ্ট্ৰীয় বিজেপিয়ে শুকুৰবাৰে আনুষ্ঠানিক ভাবে ঘোষণা কৰে দেৱাশীষ শৰ্মাৰ নাম।বিজেপিয়ে শৰ্মাক প্ৰাৰ্থী হিচাপে নাম ঘোষণাৰ পাছতে সংবাদ মাধ্যমৰ আগত তেওঁ কয়,”ৰাষ্ট্ৰীয় দল এটাই মোৰ ওপৰত বিশ্বাস ৰাখি যি গধুৰ দায়িত্ব প্ৰদান কৰিছে তাৰ বাবে ধন্যবাদ ৷ কেন্দ্ৰত মোদী চৰকাৰ, ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তথা ডাবল ইঞ্জিনৰ চৰকাৰে যিদৰে উন্নয়নমূলক কাম কৰিছে, তাৰ বাবে ৰাইজে বিজেপিক আশীৰ্বাদ দিব ৷ বিগত ২৫ বছৰত প্ৰশাসনিক বিষয়া হিচাপে নগাঁৱত যি কাম কৰিছিলো তাৰ বাবে ৰাইজে মোক ভাল পায় ৷”উল্লেখ্য যে নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ অন্তিম দিন হৈছে ১৬ ছেপ্টেম্বৰ আৰু ভোটদান হ’ব ৬ অক্টোবৰত ৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ সময়তে সেই সময়ৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল ৷ ফলত খালী হৈছিল নগাঁও লোকসভা সমষ্টিটো ৷শুকুৰবাৰে বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে যদিও এই পৰ্যন্ত কংগ্ৰেছে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম ৷ উপ-নিৰ্বাচনৰ বাবে কাক প্ৰক্ষেপ কৰিব তাক লৈ থিৰাং কৰিব পৰা নাই কংগ্ৰেছে ৷ ইফালে নগাঁও লোকসভা সমষ্টিক লৈ তৎপৰ হৈছে তৃণমূল কংগ্ৰেছ ৷ বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পূৰ্বে টিএমচিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ আব্দুল ছালামক টিএমচিয়ে প্ৰক্ষেপ কৰিছে নগাঁও উপ-নিৰ্বাচনৰ বাবে ৷ একেদৰে সংখ্যালঘূ ভোটেৰে নগাঁও লোকসভা সমষ্টিত জয়ৰ সপোন দেখিছে এআইইউডিএফে ৷ যাৰ বাবে এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি চৰ্চা চলিছে ৷ বিশেষকৈ দলটোৰ সভাপতি বৰ্তমানৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে নগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা চলিছে ৷
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে