ডিজিটেল সেৱা: যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ যিসমূহ বিদ্যালয়ৰ ৩০ শতাংশতকৈ কম ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে সেই বিদ্যালয়সমূহৰ মুৰব্বীসকলৰ সৈতে বৃস্পতিবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এখন পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত তেনে ৩৯ খন বিদ্যালয়ৰ আটাইকেখনৰে অধ্যক্ষ বা প্ৰধান শিক্ষকসকল উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে এই বিদ্যালয়সমূহৰ যোৱা তিনি বছৰৰ ফলাফলৰ খতিয়ান লোৱাৰ লগতে প্ৰতিখন বিদ্যালয় প্ৰধানৰ পৰা ইয়াৰ ব্যাখ্যা বিচাৰে। জিলা আয়ুক্ত গৰাকীয়ে নিজৰ ভাষণত কয় যে, বিদ্যালয়সমূহৰ শিক্ষকসকলৰ বদলি, নিযুক্তি সংক্ৰান্তীয় যদি কিবা সমস্যা আছে, সেইবোৰ সমাধানৰ প্ৰয়াস চলোৱা হ’ব। কিন্তু শিক্ষকতাৰ দৰে এই পৱিত্ৰ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰিবলৈ তেওঁ আহ্বান জনাই কয় যে, এনে ফলাফলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগতে শিক্ষক সমাজৰো ভাবমূৰ্তি নষ্ট কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে, “ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল ভাল হ’বই লাগিব। ইয়াৰ পুনৰাবৃত্তি কোনোপধ্যেই সহ্য কৰা নহ’ব।” বিশেষকৈ জিলাখন তিনিখন চৰকাৰী বিদ্যালয়ৰ ফলাফল শূণ্য হোৱা বিষয়টোত আয়ুক্তগৰাকীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে আঁতধৰা সভাখনত অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাও উপস্থিত থাকে।
‘মেট্ৰিক ফেইল’ বিদ্যালয়ৰ প্ৰধানৰ সৈতে নগাঁও জিলা আয়ুক্তৰ সভা