ডা: আনোৱাৰ হুছেইন চৌধুৰীলৈ ড° বি আৰ আম্বেদকাৰ নেচনেল এৱাৰ্ড

ডিজিটেল সেৱা: ভাৰতৰ প্ৰায় বিভিন্ন ৰাজ্যৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ মাজত জি এইচ আৰ পি এফ ৰিচাৰ্ড ইনষ্টিটিউটৰ সহযোগত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ বিশেষ অনুষ্ঠানত ২৩ মে’ত নতুন দিল্লীৰ দ্বাৰকা চেক্টৰ ৭ ত অসমৰ হোজাই জিলাৰ অন্তৰ্গত ডবকাৰ এগৰাকী জনপ্ৰিয় চিকিৎসক, স্বাস্থ্য সেৱক তথা মানৱ সেৱাৰ জৰিয়তে পৰিচিত ডা: আনোৱাৰা হুছেইন চৌধুৰীক ‘জি এইচ আৰ পি এফ ৰিচাৰ্চ ইনষ্টিটিউট’ৰ সহযোগত ‘এছিয়া ডিজিটেল ইউনিভাৰ্চিটিয়ে সন্মানীয় ড৹ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। ৰাষ্ট্ৰীয় স্তৰত প্ৰদান কৰা এই বঁটা ডা: চৌধুৰীয়ে সুদীৰ্ঘ ২০ বছৰ ধৰি স্বাস্থ্য আৰু সমাজ সেৱাৰ জৰিয়তে জনসেৱা কৰাৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

নতুন দিল্লীত অৱস্থিত ক্ৰিড়েটিভ আনলক প্ৰেক্ষাগৃহত সমাজ-সংস্কৃতিৰ কৰ্মী মহানন্দ চৰকাৰ দত্তই পৰিচালনা কৰা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অৱসৰী অধ্যক্ষ ড° সঞ্জয় প্ৰভাকৰ হৰসে, অৱসৰীপ্ৰশাসনিক বিষয়া ড° কাশীৰাম গোবিন্দ পাইথান আৰু সৱসৰী সেনা বিষয়া জীৱন গোবিন্দ বিশ্ব কৰ্মৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে হোজাই জিলাৰ ডবকাৰ ডাঃ আনোৱাৰ হুছেইন চৌধুৰীয়ে ড° বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি জিলাখনলৈ এক বিশেষ গৌৰৱ কঢ়িয়াই আনিছে লগতে অঞ্চলটোল দল-সংগঠন আৰু বিশেষ কিছু ব্যক্তিৰ উপৰিও ব্যক্তিগত ভাবে তেওঁক শুভাকাংক্ষীসকলে শুভেচ্ছা জনায়।

Related Articles