ডিজিটেল সেৱা,কলিয়াবৰ: যোৱা এমাহত নগাঁও জিলাত সংঘটিত হোৱা ৩৫ টা পথ দুৰ্ঘটনাত ২২ লোকে প্ৰাণ হেৰুৱাইছে। এই উদ্বেগজনক তথ্য সদৰি কৰিছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। কালি কলিয়াবৰত অনুষ্ঠিত পথ সুৰক্ষা বিষয়ক এখন সজাগতা সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, একোটা দুৰ্ঘটনাই এটা বা একাধিক পৰিয়ালৰ জীৱনলৈ ভয়াবহ দুৰ্যোগ কঢ়িয়াই আনে। সেয়ে জিলা প্ৰশাসনে তেনে দুৰ্ঘটনাৰ কাৰণসমূহ অনুধাৱন কৰি যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ বা বাণিজ্যিক যানবাহন ৰখাই থোৱাটো নিষিদ্ধ ঘোষণা কৰা হৈছে। তেনেকৈ ৰখাই থোৱা বাহনৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোৱা হৈছে। দুৰ্ঘটনা ৰোধ কৰিবলৈ সঠিক পথ চিহ্ন দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ পথ সুৰক্ষাৰ নিয়ম সমূহ মানি চলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। “পথ সুৰক্ষা জীৱন ৰক্ষা” এই শ্লোগানক মূল মন্ত্ৰ হিচাপে লৈ বুধবাৰে নগাঁও জিলা পথ সুৰক্ষা সমিতি আৰু জিলা পৰিবহণ বিভাগৰ যৌথ উদ্যোগত হাটবৰস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এই সজাগতা সভাখন অনুষ্ঠিত হয়।বিদ্যালয়খনৰ ডম্বৰুধৰ বৰা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত শৰ্মাই তেওঁৰ ভাষণত উপস্থিত লোকসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। তেওঁ উপস্থিত ছাত্ৰীসকলক সমাজৰ সজাগ প্ৰহৰী আখ্যা দি কেৱল নিজৰ মাজতে সজাগতা সীমাবদ্ধ নাৰাখি, নিজ নিজ পৰিয়াল, অভিভাৱক আৰু ওচৰ-চুবুৰীয়াৰ মাজত পথ সুৰক্ষাৰ এই পৱিত্ৰ বাৰ্তা বিয়পাই দিবলৈ বিশেষভাৱে আহ্বান জনায়। তেখেতে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে প্ৰতিটো পথ দুৰ্ঘটনাই একোটা পৰিয়াললৈ চিৰদিনৰ বাবে অন্ধকাৰ নমাই আনে। গতিকে পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ কেৱল আইনৰ ভয়ত নহয়, বৰঞ্চ নিজৰ লগতে আনৰো মূল্যৱান জীৱন সুৰক্ষিত কৰাৰ বাবে নিষ্ঠাৰে মানি চলাটো প্ৰতিগৰাকী সচেতন নাগৰিকৰে প্ৰথম আৰু প্ৰধান নৈতিক কৰ্তব্য হোৱা উচিত। কাৰ্যসূচীৰ অংশস্বৰূপে জিলা আয়ুক্তই ছাত্ৰীসকলৰ মাজত নতুন উদ্ভাৱনী চিন্তাৰ বিকাশ আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যে এক আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰো আয়োজন কৰে। এই আকস্মিক বক্তৃতাৰ জড়িয়তে ছাত্ৰীসকলে দৈনন্দিন জীৱনত সন্মুখীন হোৱা জটিল যান-বাহন সমস্যা তথা পথ সজাগতা বৃদ্ধিৰ বাবে সমাজত ল’ব পৰা বিভিন্ন ফলপ্ৰসূ পদক্ষেপ আৰু উপায়সমূহ অতি সুন্দৰকৈ ব্যাখ্যা কৰে। ছাত্ৰীসকলৰ এনে স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু সুন্দৰ বক্তৃতাত আপ্লুত হৈ জিলা আয়ুক্ত মহোদয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰীকে উৎসাহিত কৰাৰ উদ্দেশ্যে একোটাকৈ নিচুকণি বঁটা প্ৰদান কৰি তেওঁলোকৰ মনোবল দুগুণে বৃদ্ধি কৰে।
বিশেষভাৱে উল্লেখযোগ্য যে, দুচকীয়া বাহন চলাওঁতে চালক আৰু আৰোহী উভয়ে হেলমেট ব্যৱহাৰ কৰা, তীব্ৰগতি সম্পূৰ্ণৰূপে পৰিহাৰ কৰা, যান-বাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰা, সুৰাপান কৰি গাড়ী চলোৱাৰ দৰে আত্মঘাতী সিদ্ধান্তৰ পৰা বিৰত থকা আৰু গাড়ী চলাওঁতে সদায় চিটবেল্ট ব্যৱহাৰ কৰা আদি ৫টা মূল বাৰ্তাক সৰোগত কৰি এই “পঞ্চসূত্ৰ” শীৰ্ষক পথ সজাগতা সভাখন পৰিচালনা কৰা হয়। এই গুৰুত্বপূৰ্ণ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা, জিলা পৰিবহন বিষয়া সীমান্ত বৰা আৰু মটৰ যানবাহন পৰিদৰ্শক প্ৰিয়ংকা নেওঁগে নিজ নিজ ভাষণত সাম্প্ৰতিক সময়ত বাঢ়ি অহা পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ নৈতিক কৰ্তব্য, আইনী বাধ্যবাধকতা আৰু বিভাগীয় তৎপৰতাৰ কথা প্ৰকাশ কৰে। অনুষ্ঠানত অঞ্চলটোৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তি, বিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু বিদ্যালয়খনৰ সমূহ শিক্ষাৰ্থী উপস্থিত থাকি কাৰ্যসূচী সফল কৰি তোলে।
কলিয়াবৰত পথ সুৰক্ষা বিষয়ক সজাগতা সভাত আয়ুক্ত দেৱাশীষ শৰ্মা