ডিজিটেল সেৱা: কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ৰ ব্যয় বিভাগৰ বিশেষ সচিব ড° সাজ্জান সিং যাদৱে বুধবাৰে আবেলি নগাঁও জিলা ভ্ৰমণ কৰি কেবাখনো আঁচনিৰ কাম-কাজৰ বুজ লয়। বিশেষ সচিব গৰাকীয়ে এই ভ্ৰমণকালত, জিলাখনত ‘মূলধনী ব্যয়ৰ বাবে ৰাজ্যসমূহত বিশেষ সাহায্য আঁচনি’ ৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্প পৰ্যবেক্ষণ কৰি নিৰ্মীয়মাণ কাম-কাজৰ খতিয়ান লয়। যাদৱে প্ৰথমে নগাঁও চহৰৰ মাজমজিয়াতস্থিত নগাঁও আৰক্ষী ছাউনীত আৰক্ষী কৰ্মীসকলৰ আৱাসিক সুবিধা বৃদ্ধিৰ লক্ষ্যৰে নিৰ্মাণ কৰি থকা ১৬টা আৱাস সম্বলিত চাৰিমহলীয়া ভৱনটো পৰিদৰ্শন কৰে। ইয়াৰ পিছতে বিশেষ সচিবগৰাকীয়ে কৰ্মৰত মহিলাসকলৰ বাবে শিৱনগৰস্থিত ৰাজ্যিক মহিলা আৰু শিশু গৃহৰ চৌহদত ‘মিছন শক্তি’ৰ অধীনত নিৰ্মীয়মাণ ‘সখী নিৱাস’ নামৰ হোষ্টেলটো পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়।

এই পৰিদৰ্শন কালত তেওঁ জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াৰ লগতে অভিযন্তাসকলৰ সৈতে পুংখানুপুংখভাৱে মত-বিনিময় কৰি নিৰ্মাণ কাৰ্যৰ গুণগত মান আৰু অগ্ৰগতিৰ বুজ লৈ সন্তুষ্টি প্ৰকাশ কৰে যদিও আচনিৰ কাম নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। তেওঁ আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰেহে সমাজৰ প্ৰকৃত উন্নয়ন সাধন কৰিব। এই পৰিদৰ্শন কালত তেওঁক সংগ দিয়ে, অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সঞ্চালক গৌৰী শংকৰ শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত জিলা আয়ুক্ত কমল জিৎ শৰ্মা আৰু জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগুয়ে। ইয়াৰোপৰি আৰক্ষী প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী এই পৰিদৰ্শন কালত উপস্থিত থাকে।