মৰিকলঙ ডকাইতি কাণ্ডৰ তিনি ডকাইত গ্ৰেপ্তাৰ: চিকিৎসকৰ পত্নীৰ মৃত্যু

ডিজিটেল সেৱা, নগাঁও : যোৱা ২৪ এপ্ৰিলৰ পুৱতি নিশা নগাঁও চহৰৰ মৰিকলঙত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতিকাণ্ড । পাঁচজনীয়া এটা কুখ্যাত ডকাইতৰ দলে নগাঁৱৰ মৰিকলঙৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰি চিকিৎসক দম্পতীক আক্ৰমণ কৰি লুটপাত চলাইছিল । চোকা অস্ত্ৰৰে চিকিৎসক দম্পতীক নিৰ্মমভাৱে আক্ৰমণ কৰি নগদ ধন সোণ লুটি নিছিল ।অসম আৰক্ষীৰ মধ্য অসমৰ মহা পৰিদৰ্শক জি ভি শিৱপ্ৰসাদ নিজে উপস্থিত হৈ পৰ্যবেক্ষণো কৰিছিল ।ডকাইতি ঘটনা সংঘটিত হোৱাৰ পাছতেই নগাঁও আৰক্ষী তৎপৰ হৈ পৰে ।ডকাইতি ঘটনা সংঘটিত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত তিনিটা অভিযুক্তক প্ৰথমে আটক কৰে ৷ এই ধৃত অভিযুক্তকেইটাৰ পৰা আৰক্ষীয়ে বহু তথ্য লাভ কৰে। শনিবাৰে নিশা লখিমপুৰত অভিযান চলাই আন তিনিটা দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।দেওবাৰে সংবাদ মাধ্যমক এই তথ্য অৱগত কৰে নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে ।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটা হৈছে ৰাজিবুৰ ৰহমান,ৰেজ্জাক আলী আৰু নুৰ হুছেইন আলী । জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে সংবাদ মাধ্যমক জনোৱা মতে -‘‘চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা লুটি নিয়া ডেৰ লাখ টকা উদ্ধাৰ কৰাৰ লগতে ডকাইতি ব্যৱহৃত এ আৰ ০১ এম ৪০৩১ নম্বৰৰ বাহনখনো জব্দ কৰা হৈছে । লগতে মোবাইলত বহু তথ্য, ডকাইতিত ব্যৱহৃত দুখনকৈ দা জব্দ কৰা হৈছে । গ্ৰেপ্তাৰ হোৱা লখিমপুৰৰ নুৰ হুছেইন আলীৰ ছেণ্ডেলো উদ্ধাৰ কৰা হৈছে ।’’ডকাইতি সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ২৯২/২০২৬ গোচৰ ৰুজু কৰি হৈছিল যদিও ইতিমধ্যেই চিকিৎসক পত্নীৰ মৃত্যু হোৱাত ডকাইতিৰ লগতে হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰা হ’ব ৷ ডকাইতি ঘটনা সন্দৰ্ভত এইসমূহৰ তথ্যৰ অৱগত কৰি নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে কয়, “চিকিৎসকগৰাকীয়ে ডিঙিত এডাল ডাঙৰ সোণৰ চেইন পিন্ধিছিল ৷ বহুদিনৰ পৰা কোনো লোকে চিকিৎসকগৰাকীক লক্ষ্য কৰি আছিল ৷ চিকিৎসকগৰাকীৰ সোণৰ চেইনডাল লক্ষ্য কৰি অভিযুক্ত কেইটাই অনুমান কৰিছিল যে তেওঁৰ ঘৰত বহুত টকা আছে ৷ এই কথা স্থানীয় সূত্ৰে ডকাইতৰ দলটোক অৱগত কৰিছিল। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে আৰু সদৰী কৰে যে,‘‘দলটোৱে ২৪ এপ্ৰিলৰ পুৱতি নিশা চিকিৎসকগৰাকীৰ ঘৰৰ পাচফালৰ দেৱাল বগাই খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দলটো । ১.৩০ বজাৰ পৰা ৩ বজালৈকে অপেক্ষা কৰি ভিতৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দলটো । ভিতৰত প্ৰৱেশ কৰিয়েই চিকিৎসক ৰঞ্জিত শইকীয়াক প্ৰথমে দা ৰে আক্ৰমণ কৰিছিল । পাছত পত্নী ৰূপৰেখা শইকীয়াই চিঞৰ বাখৰ কৰাত পত্নীক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল । ডকাইটিৰ ঘটনাত কোনো ৰাজনৈতিক কোনো সংযোগ নাই ৷পাঁচজনীয়া ডকাইতৰ দল ভিতৰত প্ৰৱেশ কৰিছিল যদিও ডকাইতৰ দলটোক আন কেবাইজনে সহযোগ কৰিছিল ।প্ৰথমে গ্ৰেপ্তাৰ কৰা তিনি ডকাইতক আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । আনহাতে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা ডকাইতক আদালতত হাজিৰ কৰি অধিক জেৰাৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত লৈছে নগাঁও আৰক্ষীয়ে । উল্লেখযোগ্য যে যোৱা ২৪ এপ্ৰিলৰ পুৱতি নিশা চিকিৎসকগৰাকীৰ ঘৰৰ পাচফালৰ দেৱাল বগাই খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰি ডকাইতৰ দলটোয়ে ৰঞ্জিত শইকীয়াৰ পত্নীক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল। ডকাইতৰ আক্ৰমণত আহত নগাঁৱৰ চিকিৎসকৰ পত্নী ৰূপৰেখা ভূঞাৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

Related Articles