দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল সেৱা,গুৱাহাটী: দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে শপতগ্ৰহণ কৰিব ।মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশ-বিদেশৰ উদ্যোগপতিসকল ৷ এনডিএই তৃতীয়টো কাৰ্যকালৰ বাবে মঙলবাৰে শপতগ্ৰহণৰ ইতিমধ্যে হৈ উঠিছে খানাপাৰ খেলপথাৰ। প্ৰধানমন্ত্ৰীৰ সমান্তৰালকৈ সোমবাৰে নিশাৰ ভিতৰতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন গুৱাহাটীত উপস্থিত হ’ব বুলি প্ৰকাশ কৰিছে শৰ্মাই ৷ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, শপতগ্ৰহণ অনুষ্ঠানত ২২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকিব । একেদৰে, দেশৰ বিশিষ্ট উদ্যোগপতি, বিদেশৰ ৰাষ্ট্ৰদূত, অসমৰ সত্ৰাধিকাৰসকল, দলৰ কাৰ্যকৰ্তা, বুথ কমিটিৰ সভাপতিসকল উপস্থিত থাকিব । মঙলবাৰে দিনৰ ১১ বজাত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হব। মুখ্যমন্ত্ৰীৰ সৈতে আন চাৰিগাৰকী বিধায়কে মন্ত্ৰী হিচাপে মঙলবাৰে শপত ল’ব ৷ এই কথা ঘোষণা কৰে বিজেপিৰ জ্যেষ্ঠ নেতা ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যমযোগে শৰ্মাই ঘোষণ কৰা অনুসৰি, অগপৰ জ্যেষ্ঠ নেতা অতুল বৰা, বিজেপিৰ জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগ, বিপিএফৰ নেতা চৰণ বড়ো আৰু বিজেপিৰ নেতা ৰামেশ্বৰ তেলীয়ে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ৷

Related Articles