◆আফতাদ বাঁহমূৰীয়া◆
অতি চুটিকৈ মানৱ জাতিৰ ইতিহাস লিখিলে সেয়া হ’ব― “জীৱন আৰু সংগ্ৰাম”। মানুহৰ অস্তিত্বৰ অনিবাৰ্য সত্য জীৱন কেতিয়াও কেৱল প্ৰাপ্তিৰ উৎসৱ নহয়। ই এক দীঘলীয়া সংগ্রামৰ যাত্ৰা। সুখ আৰু শান্তি মানুহৰ আকাংক্ষিত লক্ষ্য হ’লেও বাস্তৱত জীৱন অধিকাংশ সময়েই দ্বন্দ্ব, অনিশ্চয়তা আৰু ব্যথাৰে ভৰপূৰেই জীৱনৰ অস্তিত্বৰ সম্পূৰ্ণ অৰ্থ উন্মোচিত হয়। জাৰ্মান দাৰ্শনিক ফ্ৰিডৰিক নিৎছে কোৱা কথাক এই সত্যক তীক্ষ্ণভাৱে তুলি ধৰে— “To live is to suffer, to survive is to find some meaning in the suffering.” মানুহে দুখ এৰাই চলিব নোৱাৰে যদিও দুখৰ মাজতেই অৰ্থ বিচাৰি উলিওৱাই হৈছে জীৱনৰ সাৰ্থকতা। সংগ্রাম অবিহনে জীৱন এক নিষ্প্ৰাণ ধাৰাবাহিকতা মাথোঁ। আত্মাৰ ভিতৰৰ সংগ্ৰাম মানেই কেৱল বাহ্যিক সংঘাত নহয়। এই আত্মসংগ্রামৰ কথা অস্তিত্ববাদী দাৰ্শনিক জাঁ-পল ছাৰ্ত্ৰে গভীৰভাৱে বিশ্লেষণ কৰিছিল। তেখেতৰ মতে মানুহ স্বাধীন কিন্তু সেই স্বাধীনতাই মানুহক গভীৰ উদ্বেগত পেলায়। তেখেতে লিখিছে— “Man is condemned to be free.” এই “condemned” শব্দটো বিশেষ গুৰুত্বপূৰ্ণ। মানুহে নিজ সিদ্ধান্ত নিজে ল’ব পাৰে। পিছে সেই সিদ্ধান্তৰ দায়িত্বও নিজেই বহন কৰিব লাগিব। এই দায়িত্ববোধেই মানুহৰ জীৱনক এক অবিৰাম সংগ্রামলৈ পৰিণত কৰে। দুখ আৰু ব্যৰ্থতাৰ শিক্ষামূলক ভূমিকা জীৱনত অনিবাৰ্য। সপোন ভাঙে, আশা ভাঙে, বিশ্বাস ভাঙে। কিন্তু এই ভাঙোনেই মানুহক নতুন ৰূপত গঢ় দিয়ে। সহজ জীৱনে মানুহক অলস কৰে কিন্তু কঠিন জীৱনে মানুহক সংবেদনশীল আৰু দৃঢ় কৰি তোলে।সংগ্রাম মানৱ চৰিত্ৰৰ কাৰখানা। যি মানুহে দুখ দেখিছে, তেওঁ দুখৰ ভাষা বুজে। যি মানুহে ব্যৰ্থতা দেখিছে, তেওঁ সহানুভূতিশীল হয়। সেয়ে সংগ্রামে মানুহক নাভাঙে, মানুহক গঢ়ে। সামাজিক সংগ্রাম আৰু ইতিহাস মানুহৰ জীৱনত কেতিয়াও সমাজৰ পৰা বিচ্ছিন্ন নহয়। ব্যক্তিগত দুখো বহু সময়ত সামাজিক ব্যৱস্থাৰ ফল। দৰিদ্ৰতা, শোষণ, বৈষম্য, বঞ্চনা এইবোৰে লাখ লাখ মানুহৰ জীৱনক সংগ্রামময় কৰি তোলে। সমাজবাদী চিন্তাবিদ কাৰ্ল মাৰ্ক্সে এই বাস্তৱতাক তাত্ত্বিক ৰূপ দি কৈছিল— “The history of all hitherto existing society is the history of class struggles.” এই দৃষ্টিভংগী অনুসৰি মানুহৰ ব্যক্তিগত যুঁজ কেৱল ব্যক্তিগত হোৱাৰ বিপৰীতে সামাজিক শক্তিৰ সংঘাতৰ অংশ। এজন শ্ৰমিকে কৰা সংগ্রাম, এজন নিপীড়িত মানুহে কৰা প্ৰতিবাদ এইবোৰে ইতিহাসৰ গতি সলনি কৰে। সেয়ে জীৱন আৰু সংগ্রামৰ আলোচনা মানেই সমাজ আৰু ৰাজনীতিৰ আলোচনা। এই সংগ্ৰাম কৰি আহিছে অধ্যাপক দেৱান জয়নাল আবেদিনে। জীয়াই থকা কালছোৱাত ব্যক্তি এজনৰ অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰিলে ব্যক্তিজনক জানিবলৈ সহজ হয়। এই ক্ষেত্ৰত আগবাঢ়ি আহিছে সাহিত্যিক ড° চুলতান আলী আহমেদ, ড° অহিজুদ্দিন শ্বেখ আদিয়ে।মানৱতাবাদী জননেতা জয়নাল আবেদিন এক কৰ্মময় জীৱনৰ আলেখ্য। তেখেত অসমৰ সমাজ জীৱনৰ এক উজ্জ্বল নক্ষত্ৰ, যি একেধাৰে এগৰাকী নিষ্ঠাৱান শিক্ষক, অসাধাৰণ সমাজসেৱক আৰু গভীৰ মানৱতাবাদী ব্যক্তিত্বৰ অধিকাৰী। তেখেতৰ সমগ্ৰ জীৱনটো সমাজৰ দুখীয়া, নিৰ্যাতিত আৰু অনগ্ৰসৰ লোকসকলৰ সেৱাত উৎসৰ্গিত। বিশেষকৈ গোৱালপাৰা জিলাৰ দক্ষিণ শালমাৰা অঞ্চলৰ দৰে দুৰ্গম আৰু শৈক্ষিকভাৱে পিছপৰা ঠাইত শিক্ষাৰ পোহৰ বিলাই দিয়াৰ ক্ষেত্ৰত তেখেতে যি অৱদান আগবঢ়াই আহিছে সেয়া যুগ যুগ ধৰি প্ৰান্তীয় জনগোষ্ঠীৰ জীৱন সংগ্ৰামৰ আদৰ্শ হৈ থাকিব। এগৰাকী শিক্ষক হিচাপে তেখেত কেৱল শ্ৰেণীকোঠাৰ পাঠদানতে আৱদ্ধ থকা নাছিল। গভীৰভাৱে অনুভৱ কৰিছিল যে উপযুক্ত প্ৰশিক্ষণ অবিহনে শিক্ষকসকলে সমাজৰ সঠিক পৰিৱৰ্তন আনিব নোৱাৰে। সেই উদ্দেশ্যে দক্ষিণ শালমাৰাত বি.টি. কলেজ স্থাপনৰ দৰে এক দুঃসাহসী আৰু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল। শিক্ষকসকলৰ চাকৰিৰ স্থায়ীকৰণ আৰু তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চৰকাৰী পৰ্যায়ত যি বলিষ্ঠ সংগ্ৰাম চলাইছিল তাৰ ফলতেই হাজাৰ হাজাৰ শিক্ষকৰ জীৱনলৈ নিৰাপত্তা নামি আহিছে। তেখেতৰ ব্যক্তিত্ব ইমান প্ৰভাৱশালী আছিল যে উচ্চপদস্থ বিষয়াৰ পৰা ৰাজনৈতিক নেতালৈকে সকলোৱে তেখেতৰ যুক্তিসংগত কথাক সন্মান জনাবলৈ বাধ্য হৈছিল। আবেদিন ছাৰৰ মানৱীয় উদাৰতা আছিল অতুলনীয়। তেখেতৰ বাসগৃহটো আছিল সকলো আৰ্তজনৰ বাবে এখন মুক্ত আশ্ৰয়স্থল। ১৯৭৪ চনৰ বিভীষিকাময় বানপানীৰ সময়ত যি অসাধাৰণ সাহস আৰু তৎপৰতাৰে বানাক্ৰান্ত লোকসকলক সহায় কৰিছিল সেয়া আজিও মানুহে শ্ৰদ্ধাৰে সোঁৱৰে। চৰকাৰী সাহায্যৰ বাবে বাট চাই নাথাকি নিজৰ কলেজৰ ছাত্ৰসকলক লৈ ধুবুৰীৰ পৰা খাদ্যসামগ্ৰী সংগ্ৰহ কৰি আনিছিল আৰু নাৱেৰে ঘৰে ঘৰে গৈ বিপদগ্ৰস্ত লোকসকলৰ মাজত বিতৰণ কৰিছিল। তেখেতৰ ওচৰলৈ অহা কোনো অভাৱী মানুহ খালী হাতে উভতি যাব লগা হোৱা নাছিল। বহু সময়ত আৰ্তজনক সহায় কৰিবলৈ নিজৰ হাতত ধন নাথাকিলেও লোকৰ পৰা ধাৰ কৰি হ’লেও সহায়ৰ হাত আগবঢ়াইছিল। সমাজত হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সমিলমিল বৰ্তাই ৰখাৰ ক্ষেত্ৰত জয়নাল আবেদিন ছাৰ হৈছে এজন প্ৰকৃত পথপ্ৰদৰ্শক। তেখেতে সকলো ধৰ্মৰ লোকক সমানে আদৰ কৰে আৰু তেখেতৰ যিকোনো সামাজিক অনুষ্ঠানত সকলোৰে অংশগ্ৰহণ উল্লেখনীয়। তেখেতৰ সহজ-সৰল জীৱনশৈলী, স্পষ্টবাদিতা আৰু নিৰ্ভীক চৰিত্ৰই সকলোকে আকৰ্ষিত কৰে। কেৱল মানুহেই নহয়, প্ৰকৃতি আৰু জীৱ-জন্তুৰ প্ৰতিও আছিল অসীম মমতা। জয়নাল আবেদিন ছাৰ কেৱল এগৰাকী ব্যক্তি নহয়, সমাজ সংস্কাৰৰ এক বিৰাট অনুষ্ঠান। শিক্ষা, সমাজসেৱা আৰু মানৱতাৰ যি নিদৰ্শন তেখেতে দাঙি ধৰলে সেয়া যুগ যুগ ধৰি সমাজৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ থাকিব। তেখেতৰ দৰে এগৰাকী নিঃস্বার্থ আৰু উদাৰমনা লোকৰ আদৰ্শক জীয়াই ৰখাটোৱেই হ’ব তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা।ড° চুলতান আলী আহমেদ আৰু আবিদা খাতুনৰ সুদক্ষ সম্পাদনাত প্ৰকাশিত এই অভিনন্দন গ্ৰন্থখন নিঃসন্দেহে এখন উৎকৃষ্ট আৰু মনোগ্ৰাহী সংকলন। কিতাপখনত সংকলিত বিভিন্নজনৰ স্মৃতিচাৰণ, অভিজ্ঞতা আৰু মূল্যায়নৰ মাজেৰে জয়নাল আবেদিন ছাৰৰ জীৱন সংগ্ৰাম, আদৰ্শ আৰু মানৱীয় মূল্যবোধ এক সুস্পষ্ট ৰূপত ফুটি উঠিছে। সম্পাদকৰ সুসংগঠিত বিন্যাস আৰু বিষয়বস্তুৰ প্ৰাঞ্জল উপস্থাপনাই গ্ৰন্থখনক অধিক পাঠযোগ্য আৰু হৃদয়গ্ৰাহী কৰি তুলিছে।বিশেষকৈ কিতাপখনত কেৱল ব্যক্তিজনৰ জীৱনৰ ঘটনাপ্ৰবাহ নহয়, তেখেতৰ চিন্তা-চেতনা, সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু নিঃস্বাৰ্থ কৰ্মপ্ৰৱণতাৰো এক জীৱন্ত প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে। চুলতান আলী আহমেদে যথাযথভাৱে এই সকলো দিশ সংগ্ৰহ আৰু সংহতি কৰি এখন মূল্যৱান দলিল ৰূপে আগবঢ়াবলৈ সক্ষম হৈছে। এই গ্ৰন্থখন এজন ব্যক্তিৰ অভিনন্দনসূচক সংকলন হোৱাৰ লগতে সমাজৰ বাবে এক প্ৰেৰণাৰ উৎস, এক আদৰ্শ জীৱনৰ দিশ-নির্দেশনা। জয়নাল আবেদিন ছাৰৰ জীৱনধাৰা আৰু কৰ্মময় যাত্ৰাক জানিবলৈ গ্ৰন্থখন এক অপূৰ্ব আৰু অনন্য গ্ৰন্থ বুলিয়েই ক’ব পাৰি।