গান্ধাৰ” উদ্যোগত নগাঁৱত আৰম্ভ হ’ল উত্তৰ-পূব সাংস্কৃতিক মহাৰণ

ডিজিটেল সেৱা, নগাঁও : ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ সোঁৱৰণী বৰ্ষৰ পবিত্ৰ ক্ষণৰ সৈতে সংগতি ৰাখি নগাঁৱৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান “গান্ধাৰ” উদ্যোগত আজিৰে পৰা অহা ২৪ মে’লৈকে নগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে “২১ সংখ্যক উত্তৰ-পূৰ্বাঞ্চল সংগীতৰ মহাৰণ-২০২৬” অনুষ্ঠিত হৈছে। অসম তথা সমগ্ৰ উত্তৰ-পূবৰ সংগীত প্ৰতিভাক এক সুকীয়া মঞ্চ প্ৰদান কৰি অহা এই প্ৰতিযোগিতাখনিৰ উদ্বোধনী অনুষ্ঠানত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, “গান্ধাৰ”ৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল, সংগীত শিল্পীসকল আৰু অলেখ শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে।

বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা আয়ুক্ত‌ই সুধাকণ্ঠৰ অপৰিসীম অৱদানক গভীৰভাৱে সুঁৱৰি নগাঁৱৰ সাংস্কৃতিক প্ৰাণস্পন্দন স্বৰূপ “গান্ধাৰ”ৰ এই মহৎ প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে। ভূপেন হাজৰিকাৰ কেবাটাও গীতৰ কলিৰ উদ্ধৃতিৰে তেওঁ কয় যে, ভূপেন দাৰ আদৰ্শক আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব তেখেতৰ মহান মানৱতাবাদৰ দৰ্শনক সাৰোগত কৰি। লগতে তেখেতৰ অমৰ সৃষ্টি গীত-মাতৰ চৰ্চা অব্যাহত ৰাখি আৰু সাহিত্য ৰাজি অধ্যয়ন কৰি তেখেতক জনাৰ বুজাৰ চেষ্টা কৰাটো আৰু শ্ৰদ্ধা জনোৱাটো প্ৰতিজন অসমীয়াৰ নৈতিক কৰ্তব্য বুলি তেওঁ মন্তব্য কৰে।‌ অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাও সাৰুৱা ভাষণ দিয়ে। অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখতো বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনোৱা হয়।

Related Articles