শতবৰ্ষত ভৰি দিলে লংকাৰালি প্ৰাথমিক বিদ্যালয়ে:’প্ৰগতিশীল যুৱ মঞ্চ’গঠন

জমিৰ উদ্দিন তালুকদাৰ, ডবকা

ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীক শতবৰ্ষ গৰকা লংকাৰালি জামে মছজিদ আৰু ৩৩৮ নম্বৰ লংকাৰালি প্ৰাথমিক বিদ্যালয়ৰ শতবার্ষিকী উদযাপনক কেন্দ্ৰ কৰি অঞ্চলজুৰি ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। এই উপলক্ষে আজি পুৱা ৯ বজাত ১৯২০ চনৰ পূৰ্বে স্থাপিত ঐতিহ্যমণ্ডিত লংকাৰালি জামে মছজিদ প্ৰাঙ্গনত এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয়। লংকাৰালি যুৱ মঞ্চৰ আহ্বানত অনুষ্ঠিত সভাত অঞ্চলটোৰ সামাজিক, শৈক্ষিক, সাহিত্যিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়নৰ লক্ষ্যৰে অৰ্ধশতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া আলহাজ জামাল আহমেদক সভাপতি মনোনীত কৰা হয়। সভাপতিয়ে সভাৰ কাৰ্যসূচী সদনত উপস্থাপন কৰাৰ পিছত দুই-এটা সংযোজনসহ সেয়া সৰ্বসন্মতিক্ৰমে গৃহীত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক আব্দুল কালাম বৰভূঞাই উল্লেখ কৰে যে, যোৱা ১০ মে’ত লংকাৰালি প্ৰাথমিক বিদ্যালয় চৌহদত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা স্থানীয় ৪১ গৰাকী কৃতি ছাত্র-ছাত্রীৰ লগতে অৱসৰপ্ৰাপ্ত ১২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী, বিষয়া আৰু কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হৈছিল। অনুষ্ঠানত তেওঁলোকক ফুলাম গামোচা, জাপি, মমেণ্টো আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ পিছতে সম্পাদকে অনুষ্ঠানৰ আয়-ব্যয়ৰ পূৰ্ণাংগ হিচাপ সদনত দাখিল কৰে। তেওঁ জনোৱা মতে, মুঠ সংগৃহীত ধন আছিল ৪৭,৩০০ টকা, ব্যয় হয় ৪১,৯৯০ টকা আৰু অবশিষ্ট থাকে ৫,৩১০ টকা। সদনে এই হিচাপ অনুমোদন কৰাৰ লগতে সম্পাদকক ধন্যবাদ জ্ঞাপন কৰে। সভাৰ এক উল্লেখযোগ্য সিদ্ধান্ত হিচাপে ‘লংকাৰালি যুৱ মঞ্চ’ৰ নাম সলনি কৰি ‘লংকাৰালি প্ৰগতিশীল যুৱ মঞ্চ’ নামেৰে পুনৰ্গঠন কৰা হয়। নতুন সমিতিৰ কাৰ্যকাল দুবছৰীয়া হ’ব বুলি ঘোষণা কৰা হয়। সৰ্বসন্মতিক্ৰমে গঠিত নতুন সমিতিত আলহাজ জামাল আহমেদক সভাপতি, মৌলানা ফাৰুক আহমেদক কাৰ্যকৰী সভাপতি আৰু আব্দুল কালাম বৰভূঞাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। লগতে জাকিৰ হুছেইন আৰু আব্দুল কৰিম বৰভূঞাক উপ-সভাপতি, ইকবাল হুছেইন চৌধুৰী আৰু কবিল উদ্দিন বৰভূঞাক যুটীয়া সম্পাদক, ফৰিদুজ জামান বৰভূঞা, কামাল হুছেইন বৰভূঞা আৰু কুতুব উদ্দিনক সাংগঠনিক সম্পাদক, ৰফি আহমেদ বৰভূঞাক সাংস্কৃতিক সম্পাদক, চিৰাজুৰ ৰহমান আৰু মেহবুব হাছান বৰভূঞাক প্ৰচাৰ সম্পাদক আৰু কামাল উদ্দিন বৰভূঞাক কোষাধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। ইয়াৰ উপৰিও উপদেষ্টাসহ ৩৫ জনীয়া কাৰ্যনিবাহক সমিতি গঠন কৰা হয়৷ সভাত ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰি সদনে মত প্ৰকাশ কৰে যে, লংকাৰালি জামে মছজিদে ইতিমধ্যে ২০১৯ চনত শতবৰ্ষ অতিক্ৰম কৰিছে আৰু ৩৩৮ নম্বৰ লংকাৰালি প্ৰাথমিক বিদ্যালয়ে অহা ২০২৭ চনত শতবৰ্ষ সম্পূৰ্ণ কৰিব। সেয়েহে দুয়োটা ঐতিহাসিক অনুষ্ঠানৰ শতবার্ষিকী আড়ম্বৰপূৰ্ণভাৱে উদযাপনৰ বাবে অহা সভাত বিস্তৃত পৰিকল্পনা আৰু দিহা-পৰামৰ্শ গ্ৰহণ কৰা হ’ব। ইয়াৰ লগতে মঞ্চৰ সংবিধান প্ৰস্তুতৰ উদ্দেশ্যে এখন সংবিধান উপ-সমিতি গঠন কৰাৰ প্ৰস্তাৱো গ্ৰহণ কৰা হয়। সভাত বিদ্যালয়খনত ছাত্র-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাত উদ্বেগ প্ৰকাশ কৰি শৈক্ষিক পৰিৱেশ অধিক উন্নত কৰাৰ বাবে নতুন সমিতিক বিশেষ দায়িত্ব অৰ্পণ কৰা হয়। সভাৰ অন্তত সভাপতি আলহাজ জামাল আহমেদে সমাজৰ ঐক্য, সম্প্ৰীতি আৰু উন্নয়নৰ স্বাৰ্থত সকলোকে একেলগে কাম কৰাৰ আহ্বান জনায়। সাধাৰণ সম্পাদক আব্দুল কালাম বৰভূঞাই উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ পিছত সভাপতিয়ে সভাৰ সমাপ্তি ঘোষণা কৰে।

Related Articles