নগাঁৱত পথ সুৰক্ষা সজাগতা সমদলত বাইক চলালে জিলা আয়ুক্তই

ডিজিটেল সেৱা: পথ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ পৰা বৰদোৱা লৈকে এটি বাইক ৰেলী উলিওৱা হয়। এই সমদলৰ নেতৃত্ব লয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে।

এই প্ৰসঙ্গত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা আয়ুক্তগৰাকীয়ে কয় যে, যোৱা মাহত নগাঁও জিলাত সংঘটিত ৩৫ টা মটৰ দুৰ্ঘটনাত ২২ জন লোকে প্ৰাণ হেৰুৱাইছে। এনে অধিকাংশ দুৰ্ঘটনা-মৃত্যুৰ মূল কাৰণ, হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱা, তীব্ৰ গতিবেগত আৰু সুৰাপান কৰি গাড়ী চলোৱা।

নগাঁৱৰ পৰা বৰদোৱালৈকে ১৭ কিলোমিটাৰ বাট নিজেই বাইক চলাই সমদলত অংশগ্ৰহণ কৰা জিলা আয়ুক্ত শৰ্মাই কমবয়সীয়া যুবকসকলক মটৰ চাইকেল চলোৱাৰ সময়ত নিজৰ পিতৃ মাতৃৰ কথা ভাবিবলৈ আহ্বান জনায় কয় যে, “মানুহে নিজৰ আপোনজনৰ কথা ভাবিব পাৰিলে বেপৰোৱা হ’ব নোৱাৰে।” জিলা পথ সুৰক্ষা সমিতি তথা পৰিবহন বিভাগৰ উদ্যোগত জন সজাগতাৰ উদ্দেশ্যে নগাঁও আৰক্ষী ছাউনীৰ পৰা উলিওৱা এই বাইক সমদলত নগাঁও জিলাৰ কেবাটাও স্বেচ্ছাসেৱী সংগঠনৰ সদস্য, স্থানীয় যুৱক যুৱতী আদিয়ে অংশগ্ৰহণ কৰে।

জিলা পৰিবহন বিষয়া সীমান্ত বৰাই পতাকা জোকাৰি এই সমদলৰ শুভাৰম্ভ কৰে। সমদলকাৰীসকলে গৈ বটদ্ৰৱা থানত সমবেত হৈ তাত এখন সজাগতামূলক সভাত অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ইয়াত চমু ভাষণ দি পথ সুৰক্ষাৰ আবশ্যকীয়তাৰ বিষয়ে বুজাই কয়। সভাত বটদ্ৰৱা থান-সত্ৰৰ অধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক আবুতানি পেগু আদিও উপস্থিত থাকে।

Related Articles