◆জমিৰ উদ্দিন তালুকদাৰ◆
৯ আগষ্ট দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ মানিকচন্দ্ৰ ভৱনত ‘জোনাকী সাহিত্য-সংস্কৃতি মঞ্চৰ সপ্তম কাব্যানুষ্ঠান’ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হয়। সাহিত্য-সংস্কৃতিৰ উৎকৰ্ষ সাধন আৰু সৃজনশীল চিন্তাৰ বিকাশৰ উদ্দেশ্যে জোনাকী সাহিত্য-সংস্কৃতি মঞ্চৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয়ৰ ‘সন্ধান’ সাহিত্য গোটৰ সহযোগত আয়োজিত কাব্যানুষ্ঠানটি সেইদিনা পুৱা ১১ বজাত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ হীৰেন ডেকাই। অনুষ্ঠানৰ আৰম্ভণিতে জোনাকী সাহিত্য-সংস্কৃতি মঞ্চৰ ২০২৬ বৰ্ষৰ বঁটাসমূহ প্ৰদান কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হীৰেন ডেকাক ‘শিক্ষাবিদ বঁটা’, এন ই ভাৰতৰ সাংবাদিক দিগন্ত কুমাৰ নাথক ‘সংবাদ সেতু বঁটা’, কবি-অনুবাদক ড০ হাছিনুচ চুলতানক ‘সাহিত্য সেতু বঁটা’, ডাঃ দেৱ কুমাৰ বৰদলৈক ‘মানৱদৰদী বঁটা’, মেঘালী দেৱীক ‘অসম নাট্যগৌৰৱ বঁটা’ আৰু অঞ্জলি মহন্ত আৰু স্মৃতি কলিতাক ‘সাহিত্য ৰত্ন বঁটা’ৰে সন্মানিত কৰা হয়। ড০ হীৰেন ডেকাৰ পৌৰহিত্যত জোনাকী সাহিত্য-সংস্কৃতি মঞ্চৰ সভাপতি ৰিজুমনি দেৱী, সহকাৰী সম্পাদক মুকুতা ৰাজা আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সত্যজিৎ দত্তই আঁত ধৰা মূল কাব্যানুষ্ঠানটিত জেউতি হাজৰিকা, অশোক ৰাম ভট্টাচাৰ্য, ৰফিক উদ্দিন, ইন্দিৰা গোস্বামী, কুইন মুদৈ, চৈয়দা আঞ্জুমাৰা বেগম, মণি বৰঠাকুৰ, চিনু কাকতি,, চন্দনা পাঠক, অঞ্জলি দেৱী, স্মৃতা কলিতা, ভূমিকা দাস, জিন্টি দাস, ৰূপী বৰা, অনিতা বৰা, চন্দনা বেজবৰুৱা, জুৰিমনি মুদৈ, চাইদুল ইছলাম, উজ্জ্বল জ্যোতি দাস, বিউটি শইকীয়া, অনিমা দেৱী, ধ্যানাৰ্থ বৰুৱাৰ উপৰি কটন বিশ্ববিদ্যালয়ৰ ‘সন্ধান’ সাহিত্য গোটৰ কেইবাগৰাকী যুৱ কবিয়েও কবিতা পাঠ কৰে। কবিতা পাঠৰ মাজে মাজে ডাঃ দেৱ কুমাৰ বৰদলৈ, মুকুতা ৰাজা আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা গীত-মাত আৰু সুৰৰ মূৰ্ছনাৰে অনুষ্ঠানটি মুখৰিত হৈ পৰে। অনুষ্ঠানৰ অন্যতম কাৰ্যসূচীৰূপে জোনাকী সাহিত্য-সংস্কৃতি মঞ্চৰ সভাপতি ৰিজুমনি দেৱীৰ মৌলিক কবিতাৰ সংকলন ‘নিঃশব্দ অগ্নিশিখা’ আৰু সম্পাদিত কাব্যপুথি ‘কাব্য মালিকা’ উন্মোচন কৰা হয়। কাব্যানুষ্ঠানটিৰ অন্তত বিশিষ্ট শিক্ষাবিদ ড০ হীৰেন ডেকা আৰু কবি-সমালোচক ড০ হাছিনুচ চুলতানে মননশীল বক্তৃতা আগবঢ়ায়। সামৰণিত জোনাকী সাহিত্য-সংস্কৃতি মঞ্চৰ সভাপতি ৰিজুমনি দেৱীয়ে অনুষ্ঠানটি সর্বাংগসুন্দৰ আৰু সফল কৰি তোলাত বিশেষভাৱে অৰিহণা যোগোৱা কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হীৰেন ডেকা, ‘সন্ধান’ সাহিত্য গোটৰ সম্পাদক কুলদ্বীপ গৌতম শৰ্মা, জোনাকী সাহিত্য-সংস্কৃতি মঞ্চৰ সহকাৰী সম্পাদকদ্বয় মুকুতা ৰাজা আৰু অনিমা দেৱীৰ লগতে উপস্থিত সকলো সাহিত্য-সংস্কৃতি প্ৰেমীৰ শলাগ লয়।