ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ বাবে প্ৰেৰণাদায়ক অনুষ্ঠান


ডিজিটেল সেৱা, ৰূপহীহাট: নগাঁৱৰ উদমাৰি চৌহদত অৱস্থিত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ সৌজন্যত আজি বিদ্যালয় প্ৰাংগণত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বিকাশ আৰু ভৱিষ্যত গঢ়াৰ উদ্দেশ্যে এক বিশেষ প্ৰেৰণাদায়ক অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। বিদ্যালয়খনৰ অন্তিম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ লগতে সমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা এই বিশেষ কাৰ্যসূচীত মুখ্য অতিথি তথা মুখ্য বক্তা হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। তেওঁ উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুৰাগ, একাগ্ৰতা আৰু সংকল্পৰে জীৱনত আগুৱাই গৈ সুনাগৰিক হ’বলৈ আৰু নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে অহৰহ প্ৰচেষ্টা চলাবলৈ উৎসাহজনক ভাষণ প্ৰদান কৰে।

অনুষ্ঠানৰ অন্যতম মুখ্য আকৰ্ষণ আছিল জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে প্ৰত্যক্ষ ভাব-বিনিময়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সমসাময়িক বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত হঠাতে কেইবাটাও প্ৰশ্ন সোধে। জিলা আয়ুক্তগৰাকীৰ জটিল প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ দিয়ে কেবাগৰাকীও মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে। তেওঁলোকৰ এনে তীক্ষ্ণ বুদ্ধিমত্তা আৰু সচেতনতাত সন্তুষ্ট হৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই শুদ্ধ উত্তৰ দিয়া প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক তাৎক্ষণিকভাৱে নগদ ধনেৰে পুৰস্কৃত কৰি উৎসাহিত কৰে।এই গুৰুত্বপূৰ্ণ প্ৰেৰণাদায়ক কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফজলুল হক মৰল, সমাজসেৱিকা ছালমা জেছমিন, এন.চি.চি. বিষয়া চিদ্দিক আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক হুছেইন আহমেদ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মিন্টু বৰদলৈ উপস্থিত থাকি কাৰ্যসূচীৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বিশিষ্ট অতিথি সকলে নিজ নিজ বক্তব্যত শিক্ষাৰ্থীসকলক অনুশাসন, নিষ্ঠা আৰু ধাৰাবাহিক প্ৰচেষ্টাৰ জৰিয়তে জীৱনত সফলতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু পৰিচালনা সমিতিৰ সহযোগত পুৱা ১১:০০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই কাৰ্যসূচীটিয়ে শিক্ষাৰ্থীসকলৰ মাজত নতুন উৎসাহ আৰু ইতিবাচক চিন্তাৰ সঞ্চাৰ কৰে। বিদ্যালয় কৰ্তৃপক্ষই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উপস্থিত সকলো অতিথি আৰু শিক্ষাৰ্থীক আন্তৰিক ধন্যবাদ জনায়।

Related Articles