মেঘালয়ৰ পৰা ডিমা হাচাও হৈ অসমত চোৰাং কয়লাৰ বৃহৎ চিণ্ডিকেট

জমিৰ উদ্দিন তালুকদাৰ

মেঘালয়ৰ পৰা ডিমা হাচাওঁ হৈ অসমলৈ অবৈধভাৱে কয়লা সৰবৰাহ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোগান ধৰি অহা এটা বৃহৎ চোৰাং কয়লা চিণ্ডিকেটৰ তথ্য পোহৰলৈ আহিছে। ডবকা আৰক্ষীয়ে চোৰাং কয়লা কঢ়িয়াই নিয়া এখন ট্ৰাক জব্দ কৰাৰ পিছতে আৰক্ষীৰ তদন্তত এই সন্দেহজনক নেটৱৰ্কৰ এটাৰ পিছত এটা তথ্য উন্মোচিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, মেঘালয়ৰ পৰা লংকালৈ অবৈধভাৱে কয়লা অনাৰ পিছত লংকাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ পুনৰ সৰবৰাহ কৰা হৈছিল। পৰহি নিশা লংকাৰ কাৰিখানাস্থিত ‘জয়া কয়লা ডিপু’ৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে চোৰাং কয়লা কঢ়িয়াই নিয়া এখন ট্ৰাকক লৈ সংঘটিত ঘটনাৰ পিছতে সমগ্ৰ বিষয়টো আৰক্ষীৰ তদন্তৰ আওতালৈ আহে। জানিব পৰা মতে, AS 26 AC 0655 নম্বৰৰ কয়লাভৰ্তি ট্ৰাকখনৰ পিছ লয় AS 01 BQ 1718 নম্বৰৰ এখন ছাফাৰী বাহনসহ আন এখন অজ্ঞাত বাহনে। অভিযোগ অনুসৰি, দুয়োখন বাহনে ট্ৰাকখন ৰখাবলৈ কেইবাবাৰো চেষ্টা কৰে।

ইয়াৰ পিছত নগাঁৱৰ উৰিয়াগাঁও বাইপাছত ট্ৰাকখনে ছাফাৰী বাহনখনত দুবাৰ পিছফালৰ পৰা খুন্দা মাৰি পুনৰ লংকা অভিমুখে উভতি আহে। ঘটনাৰ পিছত ডবকা আৰক্ষীয়ে অভিযান চলাই কয়লাভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে চালক আৰু পৰিচালকক আটক কৰে। আৰক্ষীৰ জেৰাত এই অবৈধ কয়লা সৰবৰাহৰ সৈতে জড়িত বুলি সন্দেহ কৰা জিয়াউৰ ৰহমান নামৰ এজন ব্যক্তিৰ তথ্য পোহৰলৈ আহে। ইয়াৰ পিছতে আৰক্ষীয়ে জিয়াউৰ ৰহমানৰ লগতে আজহাৰ উদ্দিন আৰু ৰাহুল আহমেদক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিওজনকে আজি হোজাই শ্ৰীমন্ত শংকৰদেৱনগৰ আদালতত হাজিৰ কৰাই অধিক তথ্য উদ্ধাৰৰ বাবে এদিনৰ আৰক্ষীৰ জিম্মাত লৈছে।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অভিযোগ অনুসৰি, লংকাৰ কাৰিখানাস্থিত ‘জয়া কয়লা ডিপু’ৰ মালিক জিয়াউৰ ৰহমান। অভিযোগ অনুসৰি, ২০২২ চনৰ পৰাই ডিপুটোৰ বৈধ নথি-পত্ৰ নথকাৰ পিছতো তাত মেঘালয়ৰ পৰা অবৈধভাৱে অনা কয়লা মজুত কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি অহা হৈছিল।ইতিমধ্যে আৰক্ষীৰ তদন্তত চোৰাং কয়লা সৰবৰাহৰ সৈতে জড়িত আন বহু লোক আৰু বৃহৎ নেটৱৰ্কৰ সন্ধান পোৱাৰ সম্ভাৱনা আছে। এই চক্ৰৰ সৈতে আৰু বহু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। ইফালে, কয়লাভৰ্তি ট্ৰাকখনৰ পিছ লোৱা AS 01 BQ 1718 নম্বৰৰ ছাফাৰী বাহন আৰু আনখন অজ্ঞাত বাহনৰ সন্দৰ্ভত বৰ্তমানলৈ কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই বুলি জানিবলৈ দিছে হোজাই জিলাৰ আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই। চোৰাং কয়লাৰ এই নেটৱৰ্কৰ আঁৰত কোন কোন লোক জড়িত, মেঘালয়ৰ পৰা কয়লা কেনেদৰে অসমলৈ প্ৰৱেশ কৰে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ সৰবৰাহৰ আঁৰত থকা মূল চক্ৰটো কোন-এই সকলো দিশতে আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Related Articles