নগাঁও লোকসভা উপ-নিৰ্বাচনত এ আই ইউ ডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল

জমিৰ উদ্দিন তালুকদাৰ

বহু জল্পনা-কল্পনা, ৰাজনৈতিক মন্থন আৰু শেষ মুহূৰ্তৰ নাটকীয় পৰিৱৰ্তনৰ অন্তত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিলে এআইইউডিএফে। দলৰ সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলকেই নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে এআইইউডিএফে। মঙলবাৰে হোজাইৰ গোপালনগৰস্থিত এআইইউডিএফৰ হোজাই জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ জ্যেষ্ঠ উপ-সভাপতি মৌলানা আব্দুল কাদিৰ কাছিমীয়ে আনুষ্ঠানিকভাৱে আজমলৰ নাম ঘোষণা কৰে। কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন হোৱাৰ প্ৰাক্-মুহূৰ্তত এআইইউডিএফৰ এই সিদ্ধান্তই নগাঁও লোকসভা উপ-নিৰ্বাচনৰ ৰাজনৈতিক সমীকৰণত নতুন মাত্ৰা সংযোজন কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে এআইইউডিএফৰ তৰফৰ পৰা ৰেজাউল কৰিম সৰকাৰৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। আনকি দলৰ সভাপতি বদৰুদ্দিন আজমলেই ৰেজাউল কৰিম সৰকাৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল। কিন্তু শেষ মুহূৰ্তত দলীয় নেতৃত্বৰ মাজত আজমলকেই প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ কৰোৱাৰ দাবী জোৰদাৰ হৈ উঠে। পৰৱৰ্তী সময়ত শীৰ্ষ নেতৃত্বৰ তৎপৰতাত ৰেজাউল কৰিম সৰকাৰৰ নাম সলনি কৰি আজমলৰ নাম চূড়ান্ত কৰা হয়। দলীয় সূত্ৰৰ দাবী, প্ৰথম অৱস্থাত আজমলে নিজে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল। কিন্তু দলৰ কেন্দ্ৰীয় নেতৃত্ব আৰু বিভিন্ন স্তৰৰ নেতাৰ অনুৰোধ তথা হেঁচাৰ পিছত অৱশেষত তেওঁ নিৰ্বাচনী যুঁজত নামিবলৈ সন্মতি প্ৰকাশ কৰে।আজমল নগাঁও লোকসভা সমষ্টিৰ পৰা জয়ী হ’লে বিন্নাকান্দি বিধানসভা সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰিব লাগিব। অৰ্থাৎ পুনৰ বিধায়ক পদ এৰি লোকসভা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে এআইইউডিএফ সভাপতিগৰাকীৰ। অৱশ্যে বিধায়ক পদ ত্যাগৰ বিষয়ত দলৰ তৰফৰ পৰা এই পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ইফালে, নগাঁও লোকসভা উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি এআইইউডিএফৰ ভিতৰচ’ৰাত ইতিমধ্যে ব্যাপক তৎপৰতা আৰম্ভ হৈছে। দলীয় সূত্ৰ অনুসৰি, সমষ্টিটোক পাঁচটা জ’নত বিভক্ত কৰি পাঁচখন জ’নেল সমিতি গঠন কৰা হৈছে। সাংগঠনিক স্থিতি, ভোটাৰৰ মনোভাৱ আৰু বিভিন্ন অঞ্চলত দলটোৰ শক্তি-সামৰ্থ্যৰ পৰ্যালোচনা কৰিয়েই শেষ মুহূৰ্তত আজমলৰ নাম চূড়ান্ত কৰা হয় বুলি জানিব পৰা গৈছে। জাগীৰোড, মৰিগাঁও, লাহৰিঘাট, ৰহা, চামগুৰি, ধিং, ৰূপহীহাট আৰু নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিক লৈ গঠিত নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু ভোটে বিশেষ গুৰুত্ব বহন কৰে। সেয়ে আজমলৰ প্ৰত্যক্ষ অৱতৰণে উপ-নিৰ্বাচনখনৰ ৰাজনৈতিক সমীকৰণ যথেষ্ট আকৰ্ষণীয় কৰি তুলিব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।শাসকীয় বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈও শেষ মুহূৰ্তলৈকে ৰাজনৈতিক তৎপৰতা অব্যাহত আছে। এনে পৰিস্থিতিত এআইইউডিএফ সভাপতিগৰাকীৰ নিজা সমষ্টিৰ পৰা ওলাই নগাঁও লোকসভাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তই সমষ্টিটোৰ নিৰ্বাচনী অংকত কিমান প্ৰভাৱ পেলায়, সেয়া এতিয়া লক্ষণীয় হ’ব।

Related Articles