১৫ চূড়ান্ত প্ৰাৰ্থীৰ প্ৰতিনিধিৰে জিলা আয়ুক্তৰ নিৰ্বাচন পৰ্যবেক্ষকৰ বৈঠক

ডিজিটেল সেৱা, নগাঁও: ৯ নং নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম সময় উকলি যোৱাৰ পিছতে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱা আটাইকেইজন প্ৰাৰ্থী বা প্ৰাৰ্থীৰ মনোনীত প্ৰতিনিধিৰ সৈতে নিৰ্বাচন পৰ্যবেক্ষক আৰু জিলা আয়ুক্ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উপ-নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ, অবাধ আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যেৰে লোকসভা সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে বৈধ বুলি ঘোষণা কৰা ১৫ গৰাকী প্ৰাৰ্থীৰ প্ৰতিনিধি সকলৰ সৈতে জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত কৰা এই সভাখনত নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত সাধাৰণ পৰ্যবেক্ষক অমৰ কুশৱাহা, ব্যয় পৰ্যবেক্ষক বাসুকী নাথ ঝাৰ লগতে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া আৰণ্যক শইকীয়াই উপস্থিতি থাকে। বৈঠকত সাধাৰণ পৰ্যবেক্ষক গৰাকীয়ে নিৰ্বাচন আয়োগৰ আৰ্হি আচৰণ বিধি সমূহ কেনেদৰে সুস্থ নিৰ্বাচনী পৰিৱেশ বৰ্তাই ৰখাত সহায় কৰে, সেই বিষয়ে আলোকপাত কৰে। তেওঁ সকলো ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলক শুদ্ধ আৰু শৃংখলাবদ্ধভাৱে প্ৰচাৰ কাৰ্য চলাবলৈ আহ্বান জনায়। ব্যয় পৰ্যবেক্ষক গৰাকীয়ে নিৰ্বাচনী ব্যয়ৰ সঠিক হিচাপ নিকাচ প্ৰস্তুত কৰা আৰু আয়োগৰ দ্বাৰা নিৰ্ধাৰিত বিত্তীয় সীমাবোৰ কঠোৰভাৱে মানি চলাৰ গুৰুত্ব ব্যাখ্যা কৰে। আনহাতে, জিলা আয়ুক্ত‌ই জিলা প্ৰশাসনৰ ফালৰ পৰা লৈ থকা প্ৰস্তুতি, ভোটিং মেচিনৰ সংৰক্ষণ, ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ সুবিধাসমূহ আৰু শান্তিশৃঙ্খলা ৰক্ষাৰ বাবে লোৱা নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে অবগত কৰে। তেওঁ ৰাজনৈতিক সভা অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ ল’ব লগীয়া অনুমতিৰ ক্ষেত্ৰত দল বা প্ৰাৰ্থীসকলৰ কৰ্তব্যৰ বিষয়েও বুজাই কয়। বৈঠকত অতিৰিক্ত আয়ুক্ত সকল ক্ৰমে দিপাংকৰ বৰ্মণ আৰু কমল জিৎ শৰ্মা, নিৰ্বাচন বিষয়া প্ৰতিশা দত্ত প্ৰমুখ্যে প্ৰশাসনৰ বিষয়াসকলৰ লগতে বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

Related Articles