◆জমিৰ উদ্দিন তালুকদাৰ◆
আগন্তুক শিক্ষাবৰ্ষত আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীসকলক বিনামূলীয়া শিক্ষা আৰু জলপানিৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ছুপাৰ ৪০-এ মুঠ ১০ কোটি টকাৰ স্কলাৰশ্বিপ ঘোষণা কৰিছে। ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হ’ব। অসমৰ লগতে বিহাৰ, পশ্চিমবংগ, নাগালেণ্ড আৰু মণিপুৰক সামৰি মুঠ ৬০টা স্থানত এই পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি এই সম্পৰ্কে এক সংবাদমেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰে আজমল ফাউণ্ডেছনৰ ন্যাসৰক্ষী তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে৷ সংবাদমেলত সদৰি কৰা মতে, ১৫ অক্টোবৰৰ বিয়লি ৩ বজাৰ পৰা অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। পঞ্জীয়নৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ। অহা ২০ ডিচেম্বৰ, দেওবাৰে পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ বাছনি পৰীক্ষা অনুষ্ঠিত হ’ব। আগ্ৰহী শিক্ষাৰ্থীসকলে www.ajmalfoundation.com আৰু www.ajmalsuper40.in ৱেবছাইটৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। এইবাৰৰ স্কলাৰশ্বিপ আঁচনিৰ অধীনত বিভিন্ন শ্ৰেণীৰ মেধাৱী আৰু আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীৰ বাবে বিশেষ সুবিধা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। বাছনি পৰীক্ষাত প্ৰতিটো শ্ৰেণীত শীৰ্ষস্থান লাভ কৰা শিক্ষাৰ্থীসকলক সম্পূৰ্ণ হোষ্টেল আৰু শৈক্ষিক মাচুলৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে ‘ড° এ পি জে আব্দুল কালাম জিনিয়াছ স্কলাৰশ্বিপ’ ঘোষণা কৰা হৈছে। একেদৰে, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ অতি দৰিদ্ৰ পৰিয়ালৰ (BPL) শীৰ্ষ ৪০জন ছাত্ৰৰ বাবে ‘হাজী আজমল আলী স্কলাৰশ্বিপ’ আৰু শীৰ্ষ ৪০গৰাকী ছাত্ৰীৰ বাবে ‘মৰিয়ম আজমল স্কলাৰশ্বিপ’ৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ২০গৰাকী শিক্ষাৰ্থীৰ বাবে ‘ছাইৰামী স্কলাৰশ্বিপ’, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ২০গৰাকী দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শিক্ষাৰ্থীৰ বাবে ‘হজৰত মৌলানা আছাদ মদনী স্কলাৰশ্বিপ’ আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ ২০গৰাকী অনাথ তথা দিব্যাংগ শিক্ষাৰ্থীৰ বাবে ‘হজৰত আহমদ আলী (ৰহঃ) স্কলাৰশ্বিপ’ৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী আৰু দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শ্ৰেণীৰ ২০জন শিক্ষাৰ্থীৰ বাবে ‘জুবিন গাৰ্গ স্কলাৰশ্বিপ’ প্ৰদানৰ পদক্ষেপ লোৱা হৈছে। ইয়াৰ উপৰি আৰ্থিকভাৱে অসুবিধাগ্ৰস্ত আৰু মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে ‘বিশেষ আজমল স্কলাৰশ্বিপ’ৰ ব্যৱস্থাও থাকিব। সংশ্লিষ্ট স্কলাৰশ্বিপসমূহৰ যোগ্যতাৰ চৰ্ত আৰু সুবিধাৰ বিষয়ে পঞ্জীয়নৰ সময়ত প্ৰকাশিত নিৰ্দেশনা অনুসৰণ কৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনোৱা হৈছে। উল্লেখ্য যে, গ্ৰামাঞ্চলৰ আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলে আজমল ছুপাৰ ৪০ৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে বিনামূলীয়া কোচিং লাভ কৰি বহু শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানত চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিছে। অভিজ্ঞ আৰু দক্ষ শিক্ষকমণ্ডলীৰ তত্ত্বাৱধানত পৰিচালিত এই শিক্ষা কাৰ্যসূচীয়ে মেধা আৰু আৰ্থিক অসচ্ছলতাৰ মাজৰ ব্যৱধান হ্ৰাস কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে। নতুন শিক্ষাবৰ্ষৰ বাবে ঘোষণা কৰা ১০ কোটি টকাৰ স্কলাৰশ্বিপে আৰ্থিক বাধাৰ বাবে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ আশংকাত থকা বহু মেধাৱী শিক্ষাৰ্থীক উপকৃত কৰিব বুলি আশা কৰা হৈছে। আজিৰ সংবাদমেলত উপস্থিত থাকে আজমল ফাউণ্ডেচনৰ সঞ্চালক ডঃ খছৰুল ইছলাম আৰু আজমল চুপাৰ ৪০ৰ হেড আব্দুল কাদিৰ৷