নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ জিলা আয়ুক্তক সাক্ষাৎ

নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ জিলা আয়ুক্তক সাক্ষাৎ

ডিজিটেল সেৱা, নগাঁও : নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ এটি সজাতি দলে জিলা খনৰ নৱ নিযুক্ত জিলা আয়ুক্ত আৰণ্যক শইকীয়াক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰে। এচ’চিয়েছনৰ তৰফৰ পৰা জিলা আয়ুক্ত গৰাকীক গামোচা, চেলেং আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনোৱা হয়। জিলা আয়ুক্ত গৰাকীয়ে নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ সাংবাদিক সকলৰক ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত জিলা খনৰ উন্নয়নৰ স্বাৰ্থত … Read more

গেৰুৱা দলত যোগদান সদ্য অৱসৰী আইএএছ বিষয়া দেৱাশীষ শৰ্মা

গেৰুৱা দলত যোগদান সদ্য অৱসৰী আইএএছ বিষয়া দেৱাশীষ শৰ্মা

ডিজিটেল সেৱা, গুৱাহাটী: গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰে দেৱাশীষ শৰ্মাই ৷ মঙ্গলবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগ দিলে সদ্য অৱসৰী আইএএছ বিষয়া দেৱাশীষ শৰ্মাই। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকাকে প্ৰমুখ্য কৰি বিজেপিৰ কেবাগৰাকীও জ্যেষ্ঠ নেতাই … Read more

আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত নিৰ্বাচনী পৰ্যালোচনা বৈঠক অনুষ্ঠিত

আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত নিৰ্বাচনী পৰ্যালোচনা বৈঠক অনুষ্ঠিত

ডিজিটেল সেৱা, নগাঁও: নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ নিৰ্বাচনী দিন ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ লগে লগে নগাঁও জিলা প্ৰশাসনে নিৰ্বাচনৰ প্ৰস্তুতি তীব্রতৰ কৰি তুলিছে। এই প্ৰস্তুতিৰ অংশস্বৰূপে মঙ্গলবাৰে জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনী পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত, জিলা আয়ুক্তই গণতান্ত্ৰিক মৰ্যাদা অক্ষুণ্ণ ৰাখি নিৰ্বাচন … Read more

সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত আয়ুক্ত আৰণ্যক শইকীয়া

সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত আয়ুক্ত আৰণ্যক শইকীয়া

ডিজিটেল সেৱা, নগাঁও: জিলাখনৰ ৰাজহ চক্ৰসমূহ চক্ৰ বিষয়া কাৰ্যালয় প্ৰশাসন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ। এই কাৰ্যালয়সমূহৰ জৰিয়তেই জনসাধাৰণে ভূমি আৰু ৰাজহ সংক্রান্তীয় বিভিন্ন গুৰুত্বপূৰ্ণ সেৱা লাভ কৰি উপকৃত হয়। এই প্ৰশাসনিক ব্যৱস্থাটোৰ পৰ্যবেক্ষণৰ উদ্দেশ্যৰে মঙ্গলবাৰে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়।জিলা আয়ুক্তই অতিৰিক্ত জিলা আয়ুক্ত পল্লবী গগৈ, সদৰ ৰাজহ … Read more

নগাঁও জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়তে ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

নগাঁও জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়তে ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সেৱা, নগাঁও: ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পবিত্ৰ জন্ম-শতবাৰ্ষিকী মঙ্গলবাৰে নগাঁও জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত উদযাপন কৰা হয়। পুৱা জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা আয়ুক্ত আৰণ্যক শইকীয়াই সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা জনায়। এই কাৰ্যসূচীত অতিৰিক্ত আয়ুক্ত মৃদুল বড়ো, সহকাৰী আয়ুক্ত শেখৰন ফুকনৰ উপৰি … Read more

সুধাকণ্ঠৰ জন্মদিনতেই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব দেৱাশীষ শৰ্মাই

সুধাকণ্ঠৰ জন্মদিনতেই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব দেৱাশীষ শৰ্মাই

ডিজিটেল সেৱা,নগাঁও: নগাঁৱৰ সদ্যপ্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এইবাৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ উদ্দেশ্যে বিজেপিত যোগদান কৰিব। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সুধাকণ্ঠৰ জন্মদিনটোতে গেৰুৱা বসন পিন্ধিব সদ্য প্ৰাক্তন প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মাই । ডঃ ভূপেন হাজৰিকাৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক থকা শৰ্মাই সুধাকণ্ঠৰ জন্মদিনটোতেই আৰম্ভ কৰিব জীৱনৰ এক নতুন ইনিংছ । ৰাজনীতিৰে সমাজসেৱা কৰাৰ উদ্দেশ্যে … Read more

প্ৰাৰ্থী চূড়ান্ত হোৱাৰ প্ৰাক মুহূৰ্তত নগাঁৱত বিজেপিৰ উচ্চস্তৰীয় বৈঠক

প্ৰাৰ্থী চূড়ান্ত হোৱাৰ প্ৰাক মুহূৰ্তত নগাঁৱত বিজেপিৰ উচ্চস্তৰীয় বৈঠক

ডিজিটেল সেৱা: আগন্তুক নগাঁও লোকসভাৰ উপ নিৰ্বাচনত ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । শাসনত থকা বিজেপি দলেও ব্যাপক ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ অংশ হিচাপে প্ৰাৰ্থী চূড়ান্ত হোৱাৰ পূৰ্বে নগাঁৱত বিজেপিয়ে ইখনৰ পিছত সিখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰিছে ।বিজেপিয়ে দাবী কৰিছে যে নগাঁৱত দলটোৱে শক্তিশালী ৰূপত যুঁজ দিব। নগাঁও উপ নিৰ্বাচনত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপৰো … Read more

নগাঁও জিলাৰ নতুন জিলা আয়ুক্ত হিচাপে আৰণ্যক শইকীয়াৰ যোগদান

নগাঁও জিলাৰ নতুন জিলা আয়ুক্ত হিচাপে আৰণ্যক শইকীয়াৰ যোগদান

ডিজিটেল সেৱা, নগাঁও: ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া আৰণ্যক শইকীয়াই সোমবাৰে নগাঁও জিলাৰ নতুন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। পুৱাৰ ভাগতে ডিফুৰ পৰা আহি নগাঁৱত উপস্থিত হৈয়ে জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত সকলো বিষয়া-কৰ্মচাৰীৰ সৈতে আনুষ্ঠানিকভাৱে চা-চিনাকি হয়। তেওঁ কয় যে, নগাঁৱত পূৰ্বে কাৰ্যনিৰ্বাহ কৰাৰ সূত্ৰে জিলাখন আৰু জিলাখনৰ বহু বিষয়া-কৰ্মচাৰী তেওঁৰ পৰিচিত। সেয়ে এই ঐতিহ্যমণ্ডিত … Read more

ডবকাৰ নিখাৰী নৈত দলং নাই, যমৰ-যাতনা অঞ্চলবাসীৰ

ডবকাৰ নিখাৰী নৈত দলং নাই, যমৰ-যাতনা অঞ্চলবাসীৰ

◆জমিৰ উদ্দিন তালুকদাৰ◆ এখন দলঙৰ অভাৱত বছৰ বছৰ ধৰি যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে ডবকাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে। নিখাৰী নৈৰ ওপৰত আজিও দলং নিৰ্মাণ নোহোৱাৰ ফলত চাংমাজী, পাতিদয়া, বনগাঁও, যোগীজানকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে জীৱন হাতৰ মুঠিত লৈ বিপদসংকুলভাৱে নৈ পাৰ হৈ যাতায়াত কৰিবলগীয়া হৈছে। বৰ্তমান টুলুঙা নাও অথবা বাঁহৰ সাঁকোৰ ওপৰতে নিৰ্ভৰশীল অঞ্চলবাসী। বাৰিষা নৈৰ … Read more

মেঘালয়ৰ পৰা ডিমা হাচাও হৈ অসমত চোৰাং কয়লাৰ বৃহৎ চিণ্ডিকেট

মেঘালয়ৰ পৰা ডিমা হাচাও হৈ অসমত চোৰাং কয়লাৰ বৃহৎ চিণ্ডিকেট

◆জমিৰ উদ্দিন তালুকদাৰ◆ মেঘালয়ৰ পৰা ডিমা হাচাওঁ হৈ অসমলৈ অবৈধভাৱে কয়লা সৰবৰাহ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোগান ধৰি অহা এটা বৃহৎ চোৰাং কয়লা চিণ্ডিকেটৰ তথ্য পোহৰলৈ আহিছে। ডবকা আৰক্ষীয়ে চোৰাং কয়লা কঢ়িয়াই নিয়া এখন ট্ৰাক জব্দ কৰাৰ পিছতে আৰক্ষীৰ তদন্তত এই সন্দেহজনক নেটৱৰ্কৰ এটাৰ পিছত এটা তথ্য উন্মোচিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, মেঘালয়ৰ পৰা লংকালৈ … Read more