অসম চৰকাৰৰ শ্ৰম বিভাগৰ উপ আয়ুক্তক সাক্ষাৎ বাৰ্তাজীৱী সংঘৰ

অসম চৰকাৰৰ শ্ৰম বিভাগৰ উপ আয়ুক্তক সাক্ষাৎ বাৰ্তাজীৱী সংঘৰ

ডিজিটেল সেৱা,গুৱাহাটী: অসম বাৰ্তাজীবী সংঘৰ এটা প্ৰতিনিধি দলে আজি অসম চৰকাৰৰ শ্ৰম বিভাগৰ উপ-আয়ুক্ত অজন্তা শৰ্মা আৰু কনপাই দাসক নিজ কাৰ্যালয়ত সাক্ষাৎ কৰি ২০২৫ চনৰ ৩০ আগষ্টত শ্ৰম বিভাগৰ মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যোৱা ত্ৰিপাক্ষিক বৈঠকত গ্ৰহণ কৰাৰ সিদ্ধান্ত কাৰ্যকৰীকৰণ সন্দৰ্ভত আলোচনা কৰে । এই আলোচনাত মাঝিথিয়া আয়োগৰ পৰামৰ্শৰ ভিত্তিত সাংবাদিকৰ দা-দৰমহা,আন সা-সুবিধা আদায় আদি … Read more

মৌলানা বদৰুদ্দিন আজমল অসুস্থ মুম্বাইৰ জচলুক চিকিৎসালয়ত ভৰ্তি

মৌলানা বদৰুদ্দিন আজমল অসুস্থ মুম্বাইৰ জচলুক চিকিৎসালয়ত ভৰ্তি

◆জমিৰ উদ্দিন তালুকদাৰ◆ এআইইউডিএফ দলৰ সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মৌলানা বদৰুদ্দিন আজমল আজি মুম্বাইত হঠাত অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ মুম্বাইৰ পেডাৰ ৰোডস্থিত জচলুক চিকিৎসালয়ত ভৰ্তি কৰে৷ কিছু সময় চিকিৎসাৰ অন্তত আজমল চাহাব সুস্থ হয়৷ বৰ্তমান তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে৷ বদৰুদ্দিন আজমলৰ কনিষ্ঠ পুত্ৰ ৱালি আজমলে জানিবলৈ দিয়া মতে, বদৰুদ্দিন আজমল … Read more

মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈয়ে বৰদোৱাত সেৱা ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈয়ে বৰদোৱাত সেৱা ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল সেৱা,বটদ্ৰৱা : একেৰাহে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈয়ে অসমৰ অন্যতম তীৰ্থপীঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত আজি ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মূৰ দোৱায়। এই ঐতিহাসিক তীৰ্থপীঠ দৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। ধাম দৰ্শনৰ সমাপ্তিৰ পিছত তেওঁ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। এই … Read more

অৰুণোদয় সাহিত্য চ’ৰাৰ প্ৰতিষ্ঠাপক উপদেষ্টা গোলোক চন্দ্ৰ নাথৰ বিয়োগ

অৰুণোদয় সাহিত্য চ’ৰাৰ প্ৰতিষ্ঠাপক উপদেষ্টা গোলোক চন্দ্ৰ নাথৰ বিয়োগ

ডিজিটেল সেৱা: নগাঁও চহৰৰ নিকটবৰ্তী খুটিকটীয়া নিবাসী বিশিষ্ট সমাজকৰ্মী, লেখক- সাহিত্যিক, শিক্ষাবিদ গোলোক চন্দ্ৰ নাথৰ আজি পুৱতি নিশা নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত স্বৰ্গগামী হয়। “নিগম কল্পতৰু আৰু তত্ত্ব দৰ্শন”, “ভাগৱতৰ আংশিক তত্ত্ব নিৰুপন”, “আমেৰিকাৰ নানা কথা “, “এৰিঅহা দিনৰ সুবাস” আদিকে ধৰি ছয়খন গ্ৰন্থৰ প্ৰণেতা নাথৰ মৃত্যুৰ সময়ত বয়স ৯৩ বছৰ হৈছিল। অসম সাহিত্য সভাৰ … Read more

এইচ পি ভি ভেকচিন কিশোৰীয়ে প্ৰতিষেধক লবলৈ জিলা আয়ুক্তৰ আহ্বান

এইচ পি ভি ভেকচিন কিশোৰীয়ে প্ৰতিষেধক লবলৈ জিলা আয়ুক্তৰ আহ্বান

‌ডিজিটেল সেৱা : মহিলাৰ জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে প্ৰদান কৰা হিউমেন পেপিলমা ভাইৰাছ (এইচ পি ভি) টিকাকৰণ অভিযানৰ পৰ্যালোচনাৰ উদ্দেশ্যে আজি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।সভাখনত পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ জৰিয়তে স্বাস্থ্য বিভাগৰ প্ৰতিটো খণ্ডৰ কাৰ্য দক্ষতাৰ ওপৰত আলোচনা কৰা হয় আৰু যিবোৰ ব্লকে ভাল প্ৰদৰ্শন কৰিছে তেওঁলোকৰ … Read more

১৬ বছৰীয়া ছাত্ৰই লিখিলে গ্ৰন্থ:হোজাইত ‘এ উইক ইন পেৰাডাইজ’গ্ৰন্থ উন্মোচন

১৬ বছৰীয়া ছাত্ৰই লিখিলে গ্ৰন্থ:হোজাইত ‘এ উইক ইন পেৰাডাইজ’গ্ৰন্থ উন্মোচন

◆জমিৰ উদ্দিন তালুকদাৰ◆ হোজাইৰ ইছলাম নগৰৰ এগৰাকী ১৬ বছৰীয়া কিশোৰ ছাত্ৰই লিখি উলিওৱা ভ্ৰমণ বিষয়ত এখন গ্ৰন্থ যোৱা সন্ধিয়া ইছলাম নগৰ জাতীয় একাডেমী, টেংৰীপাৰত উন্মোচন কৰা হয়৷ সদ্য ঘোষিত মেট্ৰিত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰু বৰ্তমান হোজাইৰ আনফৰ চুপাৰ ৫০ত অধ্যয়ন কৰি থকা মোহাম্মদ আব্দুৰ ৰহমান নামৰ ছাত্ৰ গৰাকীয়ে লিখি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে অসম … Read more

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰক শুভেচ্ছা অসম বাৰ্তাজীৱী সংঘৰ

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰক শুভেচ্ছা অসম বাৰ্তাজীৱী সংঘৰ

অদিতি সেৱা,গুৱাহাটী : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ নতুন চৰকাৰখনক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে অসম বাৰ্তাজীৱী সংঘই৷ আজি এক বিবৃতিত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধি আৰু সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মাই একেৰাহে দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ চৰকাৰক শুভেচ্ছা জনাই নতুন চৰকাৰখনে ৰাজ্যৰ জনসাধাৰণৰ … Read more

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল সেৱা,গুৱাহাটী: দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে শপতগ্ৰহণ কৰিব ।মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশ-বিদেশৰ উদ্যোগপতিসকল ৷ এনডিএই তৃতীয়টো কাৰ্যকালৰ বাবে মঙলবাৰে শপতগ্ৰহণৰ ইতিমধ্যে হৈ উঠিছে খানাপাৰ খেলপথাৰ। প্ৰধানমন্ত্ৰীৰ সমান্তৰালকৈ সোমবাৰে নিশাৰ ভিতৰতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ … Read more

জিলা আয়ুক্তৰ উপস্থিতিত বৰদোৱা সত্ৰ পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভা

জিলা আয়ুক্তৰ উপস্থিতিত বৰদোৱা সত্ৰ পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভা

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলাৰ বটদ্ৰৱা থান-সত্ৰৰ চৌহদত পলিথিন জাতীয় সামগ্ৰীৰ ব্যৱহাৰ একেবাৰে পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছে থান পৰিচালনা সমিতিয়ে। কালি ইয়াৰ আকাশী গংগাৰ তীৰত অৱস্থিত আই খেৰসুতি সাংস্কৃতিক মঞ্চত অনুষ্ঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এক বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত সভাত গ্ৰহণ কৰা আন এক … Read more

নগাঁও জিলাৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন শিক্ষাবৰ্ষৰ প্ৰস্তুতিমূলক পৰ্যালোচনা

নগাঁও জিলাৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন শিক্ষাবৰ্ষৰ প্ৰস্তুতিমূলক পৰ্যালোচনা

ডিজিটেল সেৱা: নগাঁও জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আজি নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহৰ প্ৰধানসকলক লৈ এক গুৰুত্বপূৰ্ণ শৈক্ষিক পৰ্য্যালোচনা সভা সফলতাৰে অনুষ্ঠিত হয়। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিতে জিলাখনৰ শিক্ষা ব্যৱস্থাটোক অধিক গতিশীল আৰু সময়োপযোগী কৰি তোলাৰ লক্ষ্যৰে আয়োজিত এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আগন্তুক সময়ছোৱাত জিলাখনৰ শৈক্ষিক … Read more