এইছ ভি পি টীকাকৰণ অভিযান ক্ষীপ্ৰতৰ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ

এইছ ভি পি টীকাকৰণ অভিযান ক্ষীপ্ৰতৰ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ

ডিজিটেল সেৱা, নগাঁও: গৰ্ভাশয় মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰি থকা এইছভিপি টীকাকৰণ অভিযান নগাঁও জিলাৰ নগৰীয়া খণ্ডত অধিক সক্ৰিয় আৰু সফল কৰাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত অভিযানৰ সামগ্ৰিক অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে ব্যাপক জনসচেতনতা বৃদ্ধি, … Read more

মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী গুলীবিদ্ধ হৈ নিহত

মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী গুলীবিদ্ধ হৈ নিহত

ডিজিটেল সেৱা, নগাঁও : নগাঁও জিলাৰ ৰাঙলুৰ বৰকন্দলী মিকিৰপাৰ অঞ্চলত সোমবাৰে নিশা প্ৰায় ২ বজাত আৰক্ষী আৰু ডকাইতৰ এটা দলৰ মাজত প্ৰচণ্ড গুলীয়াগুলিৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত এটা কুখ্যাত ডকাইত নিহত হয় ৷ উল্লেখ্য যে এই ডকাইতটো বিগত এপ্ৰিল মাহত নগাঁও জিলাৰ মৰিকলঙত সংঘটিত ডকাইতিকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল ৷ নিহত ডকাইত খাইৰুল আলীক আৰক্ষীৰ … Read more

উত্তৰ খাটোৱালত ভূৱা কৱৰস্থান সজাই চৰকাৰী ধন আত্মসাতৰ ফন্দি !

উত্তৰ খাটোৱালত ভূৱা কৱৰস্থান সজাই চৰকাৰী ধন আত্মসাতৰ ফন্দি !

ডিজিটেল সেৱা: নগাঁও জিলাৰ গড়াজান উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ খাটোৱাল গাওঁ পঞ্চায়তত পঞ্চদশ বিত্তীয় আঁচনিৰ (15TH FINANCE COMMISSION) ধন চৰকাৰী নীতি-নিৰ্দেশনাক চুড়ান্ত অৱমাননা কৰি আচঁনিৰ ধন সৰকাই অপব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ তুলি অলপতে পঞ্চায়তটোৰ একাংশ ৰাইজে নগাঁও জিলা আয়ুক্ত ,নগাঁও জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়াৰ লগতে গড়াজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক পৃথকে পৃথকে লিখিত … Read more

নগাঁও জিলাত জনভাগিদাৰী অভিযানৰ ব্যাপক সফলতা-৩০৪ টা বিষয় নিষ্পত্তি

নগাঁও জিলাত জনভাগিদাৰী অভিযানৰ ব্যাপক সফলতা-৩০৪ টা বিষয়  নিষ্পত্তি

ডিজিটেল সেৱা, নগাঁও: দেশৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো যোৱা ১৮ মে’ৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা ‘জনভাগিদাৰী’ অভিযান আজি সফলতাৰে সম্পন্ন হয়। এই উদ্দেশ্যে অনুষ্ঠিত এখন সংবাদমেলত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী আৰু এই অভিযানৰ জিলা নোডেল বিষয়া তথা অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাই জনাই যে জিলাখনৰ ১৬ টা উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি বসতিপ্ৰধান ৩৪ খন … Read more

মুম্বাইত দ্বিতীয়টো অসম ভৱনৰ বাবে ৪.৮ বিঘা মাটি লাভ

মুম্বাইত দ্বিতীয়টো অসম ভৱনৰ বাবে ৪.৮ বিঘা মাটি লাভ

ডিজিটেল সেৱা: মুম্বাইলৈ যাবলগীয়া হোৱা অসমৰ লোকসকলৰ বাবে এটা সুখবৰ। মুম্বাই মহানগৰীৰ হৃদয়স্থল কটন গ্ৰীণত ৪.৮ বিঘা মাটি আজি দ্বিতীয় অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক জাহাজ আৰু বন্দৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। এই নতুন অসম ভৱনে অসমৰ কৰ্কট ৰোগীসকলৰ সহায়-সহযোগিতাৰ উপৰিও আন অতিথিসকলৰ বাবে আবাসৰ সুবিধা প্ৰদান কৰিব। লগতে ভাৰতৰ আৰ্থিক … Read more

জিলা আয়ুক্তৰ নিৰ্দেশত চলিছে ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা

জিলা আয়ুক্তৰ নিৰ্দেশত চলিছে ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা

ডিজিটেল সেৱা: বাৰিষাৰ বাবে নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল সোঁতে নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ হাতীমূৰাত হথাতে সৃষ্টি হোৱা তীব্ৰ খহনীয়া জনিত পৰিস্থিতিৰ আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই চৰজমিন পৰ্যবেক্ষণ কৰে।এই জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্ত‌ই তাৎক্ষণিকভাৱে উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু খহনীয়া প্ৰতিৰোধমূলক কাম-কাজৰ তদাৰক … Read more

শতবৰ্ষত ভৰি দিলে লংকাৰালি প্ৰাথমিক বিদ্যালয়ে:’প্ৰগতিশীল যুৱ মঞ্চ’গঠন

শতবৰ্ষত ভৰি দিলে লংকাৰালি প্ৰাথমিক বিদ্যালয়ে:’প্ৰগতিশীল যুৱ মঞ্চ’গঠন

জমিৰ উদ্দিন তালুকদাৰ, ডবকা ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীক শতবৰ্ষ গৰকা লংকাৰালি জামে মছজিদ আৰু ৩৩৮ নম্বৰ লংকাৰালি প্ৰাথমিক বিদ্যালয়ৰ শতবার্ষিকী উদযাপনক কেন্দ্ৰ কৰি অঞ্চলজুৰি ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। এই উপলক্ষে আজি পুৱা ৯ বজাত ১৯২০ চনৰ পূৰ্বে স্থাপিত ঐতিহ্যমণ্ডিত লংকাৰালি জামে মছজিদ প্ৰাঙ্গনত এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয়। লংকাৰালি যুৱ মঞ্চৰ আহ্বানত অনুষ্ঠিত সভাত … Read more

উত্তৰ-পূৱৰ সৰ্ববৃহৎ ইছলামীক মাদ্ৰাছা জামিয়া জয়নগৰত টেলেন্ট-৩০ৰ উদ্বোধন

উত্তৰ-পূৱৰ সৰ্ববৃহৎ ইছলামীক মাদ্ৰাছা জামিয়া জয়নগৰত টেলেন্ট-৩০ৰ উদ্বোধন

◆জমিৰ উদ্দিন তালুকদাৰ◆ উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ইছলামী আৰু আধুনিক শিক্ষাৰ পীঠস্থান জামিয়া অসম দাৰুল হাদীছ জয়নগৰত শিক্ষাৰ ক্ষেত্ৰত নতুনকৈ জামিয়া জয়নগৰ টেলেন্ট-৩০ৰ আজি আনুষ্ঠানিক উদ্বোধন কৰা হয়৷ জামিয়া অসম দাৰুল হাদীছ জয়নগৰৰ পৰিচালনা সমিতিৰ সভাপতি হবিব মোহাম্মদ চৌধুৰীৰ নেতৃত্বত লোৱা কাৰ্যকৰী সমিতিৰ সিদ্ধান্ত অনুসৰি চলিত শিক্ষা বৰ্ষৰ পৰা জামিয়াত মাদ্ৰাছা শিক্ষাৰ সমানে অসম চৰকাৰৰ বিদ্যালয় … Read more

গান্ধাৰ” উদ্যোগত নগাঁৱত আৰম্ভ হ’ল উত্তৰ-পূব সাংস্কৃতিক মহাৰণ

গান্ধাৰ” উদ্যোগত নগাঁৱত আৰম্ভ হ’ল উত্তৰ-পূব সাংস্কৃতিক মহাৰণ

ডিজিটেল সেৱা, নগাঁও : ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ সোঁৱৰণী বৰ্ষৰ পবিত্ৰ ক্ষণৰ সৈতে সংগতি ৰাখি নগাঁৱৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান “গান্ধাৰ” উদ্যোগত আজিৰে পৰা অহা ২৪ মে’লৈকে নগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে “২১ সংখ্যক উত্তৰ-পূৰ্বাঞ্চল সংগীতৰ মহাৰণ-২০২৬” অনুষ্ঠিত হৈছে। অসম তথা সমগ্ৰ উত্তৰ-পূবৰ সংগীত প্ৰতিভাক এক সুকীয়া মঞ্চ প্ৰদান কৰি অহা এই প্ৰতিযোগিতাখনিৰ … Read more

নগাঁৱত এদিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়

নগাঁৱত এদিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়

ডিজিটেল সেৱা, নগাঁও : ‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ৰ সঠিক কাৰ্য ৰূপায়ন সন্দৰ্ভত আজি নগাঁৱত এদিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। নগাঁও জিলা প্ৰশাসন আৰু মহিলা তথা শিশু বিকাশ বিভাগৰ যৌথ উদ্যোগত তথা ‘সংকল্প: মহিলা সবলীকৰণ কেন্দ্ৰ’ৰ সহযোগত ৰূপায়িত এই বিশেষ কাৰ্যসূচীত ‘আই.পি.ই গ্ল’বেল’ নামৰ সংস্থাটোৱেও সহযোগিতা আগবঢ়ায় । নগাঁও চহৰৰ হোটেল বিদিশাৰ সভাকক্ষত … Read more