নিৰ্বাচনী দায়িত্ব পালন কৰাটো এক মহৎ কৰ্তব্য: আয়ুক্ত আৰণ্যক শইকীয়া

নিৰ্বাচনী দায়িত্ব পালন কৰাটো এক মহৎ কৰ্তব্য: আয়ুক্ত আৰণ্যক শইকীয়া

ডিজিটেল সেৱা: “গণতন্ত্ৰৰ এই পবিত্ৰ উৎসৱত নিৰ্বাচনী দায়িত্ব পালন কৰাটো এক মহৎ কৰ্তব্য।” আজি নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত আৰণ্যক শইকীয়াই এইদৰে কয়। তেওঁ সকলো বিষয়া কৰ্মচাৰীকে অতি দায়িত্ববোধ, সততা, নিষ্ঠা আৰু আত্মবিশ্বাসেৰে নিজ নিজ নিৰ্বাচনী কৰ্তব্য সম্পন্ন কৰিবলৈ আহ্বান জনায় আৰু প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ … Read more

নগাঁও লোকসভা উপ-নিৰ্বাচনত এ আই ইউ ডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল

নগাঁও লোকসভা উপ-নিৰ্বাচনত এ আই ইউ ডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল

◆জমিৰ উদ্দিন তালুকদাৰ◆ বহু জল্পনা-কল্পনা, ৰাজনৈতিক মন্থন আৰু শেষ মুহূৰ্তৰ নাটকীয় পৰিৱৰ্তনৰ অন্তত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিলে এআইইউডিএফে। দলৰ সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলকেই নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে এআইইউডিএফে। মঙলবাৰে হোজাইৰ গোপালনগৰস্থিত এআইইউডিএফৰ হোজাই জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ জ্যেষ্ঠ উপ-সভাপতি … Read more

বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই ৰাইজৰ অন্তৰত কেনেকৈ স্থান লাভ কৰিলে !

বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই ৰাইজৰ অন্তৰত কেনেকৈ স্থান লাভ কৰিলে !

ডিজিটেল সেৱা: অহা ৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম ৷ ইতিমধ্যে চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ বিজেপিত যোগ দিয়া দেৱাশীষ শৰ্মাক বিজেপিয়ে প্ৰক্ষেপ কৰিলে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাবে ৷ ৰাষ্ট্ৰীয় বিজেপিয়ে যোৱা শুকুৰবাৰে আনুষ্ঠানিক ভাবে ঘোষণা কৰে শৰ্মাৰ নাম ৷ উল্লেখ্য যে, ৮ ছেপ্টেম্বৰত বিজেপিত … Read more

চামগুৰি-ৰূপহীহাট সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে জিলা আয়ুক্তই

চামগুৰি-ৰূপহীহাট সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে জিলা আয়ুক্তই

ডিজিটেল সেৱা, নগাঁও: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ নিৰ্বাচনী ক্ষেত্রখনত প্ৰশাসনীয় তৎপৰতা তীব্ৰতৰ হৈ উঠিছে। নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ মুক্ত, নিৰপেক্ষ, শান্তিপূৰ্ণ আৰু ভয়মুক্ত পৰিৱেশত সম্পন্ন কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে যুটীয়াভাৱে এক বিস্তৃত কৰ্মপন্থা হাতত লৈছে। আইন-শৃংখলা পৰিস্থিতি নিৰীক্ষণ আৰু সংবেদনশীল অঞ্চলসমূহৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ অংশস্বৰূপে … Read more

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে

ডিজিটেল সেৱা: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম ৷ ইতিমধ্যে চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ বিজেপিত যোগ দিয়া দেৱাশীষ শৰ্মাক বিজেপিয়ে প্ৰক্ষেপ কৰিলে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাবে ৷ ৮ ছেপ্টেম্বৰত বিজেপিত যোগদান কৰিছিল সদ্য অৱসৰী আইএএছ বিষয়া দেৱাশীষ শৰ্মাই ৷ প্ৰশাসনিক বিষয়াৰ পৰা অৱসৰ লৈয়ে শৰ্মাই প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ … Read more

নগাঁও জিলাত ৬০ দিনীয়া কাৰ্যসূচীৰে বিস্তৃত সজাগতা অভিযানৰ শুভাৰম্ভ

নগাঁও জিলাত ৬০ দিনীয়া কাৰ্যসূচীৰে বিস্তৃত সজাগতা অভিযানৰ শুভাৰম্ভ

ডিজিটেল সেৱা: নগাঁও জিলাৰ খাগৰিজান মহাবিদ্যালয়ত কালি এইছ আই ভি-এইডছ সম্পৰ্কীয় ৬০ দিনীয়া বিস্তৃত সজাগতা অভিযানৰ শুভাৰম্ভনি কৰা হয়। অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন. চি. চি. কেডেট, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সদস্য তথা অন্যান্য বিষয়ববীয়াসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কমলজিত শৰ্মা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডাঃ পঞ্চম কুমাৰ বৰা, খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ, … Read more

নগাঁও-মৰিগাওঁ জিলাৰ যৌথ সভাত আলোচনাত বহিল ডিচি-এছপি

নগাঁও-মৰিগাওঁ জিলাৰ  যৌথ সভাত আলোচনাত বহিল  ডিচি-এছপি

ডিজিটেল সেৱা: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰু নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশাসনিক বিষয়সমূহৰ ওপৰত সৱল আৰু ফলপ্ৰসূ পৰ্যালোচনা আগবঢ়োৱাৰ উদ্দেশ্যে কালি নগাঁও আৰু মৰিগাঁও জিলাৰ আয়ুক্তদ্বয় আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকদ্বয়ৰ মাজত এখন যৌথ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই উচ্চস্তৰীয় প্ৰশাসনিক সভাত সমাগত নিৰ্বাচনৰ প্ৰতিটো দিশ সূচাৰুৰূপে সম্পাদন কৰাৰ … Read more

নগাঁৱত নিৰ্বাচন আয়োগৰ পৰ্যবেক্ষকে নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলায়

নগাঁৱত নিৰ্বাচন আয়োগৰ পৰ্যবেক্ষকে  নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলায়

ডিজিটেল সেৱা, নগাঁও: সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগৰ দ্বাৰা নগাঁও জিলাৰ বাবে নিযুক্ত দুজন পৰ্যবেক্ষকে আজি জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই উচ্চস্তৰীয় বৈঠকত জিলাখনৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োজিত ভাৰতীয় প্ৰশাসনিক সেৱাৰ … Read more

নগাঁও উপ-নিৰ্বাচনৰ আনুষ্ঠানিক অধিসূচনা জাৰি

নগাঁও উপ-নিৰ্বাচনৰ আনুষ্ঠানিক অধিসূচনা জাৰি

ডিজিটেল সেৱা,নগাঁও : নগাঁও লোকসভা সমষ্টিৰউপ-নিৰ্বাচনৰ বাবে এই নিৰ্বাচনৰ ৰিৰ্টানিং বিষয়া তথা নগাঁও জিলা নিৰ্বাচন বিষয়া আৰণ্যক শইকীয়াই আজি আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি আজিৰে পৰাই মনোনয়ন দাখিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মনোনয়ন পত্ৰ গ্ৰহণৰ বাবে সহকাৰী ৰিটাৰ্ণিং বিষয়া হিচাপে অতিৰিক্ত আয়ুক্ত পল্লৱী গগৈক দায়িত্ব অৰ্পন কৰা হৈছে। অহা ১৬ ছেপ্টেম্বৰৰ ভিতৰত দিনৰ … Read more

নগাঁও বিশ্ববিদ্যালয়ত জিলা আয়ুক্ত আৰণ্যক শইকীয়া

নগাঁও বিশ্ববিদ্যালয়ত জিলা আয়ুক্ত আৰণ্যক শইকীয়া

ডিজিটেল সেৱা: নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচন উপলক্ষ্যে ভোটাৰ শিক্ষা আৰু সজাগতা কাৰ্যসূচীৰ (ছুইপ)ৰ অংশ হিচাপে আজি নগাঁও বিশ্ববিদ্যালয়ৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়াই ১৮ বছৰৰ উৰ্ধৰ নতুন তথা যুৱ শিক্ষাৰ্থীসকলক দেশৰ ৰাজনৈতিক ক্ষেত্ৰত সতৰ্ক আৰু ভোটদানৰ অধিকাৰৰ ক্ষেত্ৰত সক্ৰিয় হ’বলৈ আহ্বান জনায়। আয়ুক্তগৰাকীয়ে নিজৰ ভাষণত আগন্তুক … Read more