অদিতি সেৱা: ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত এছিয়া কাপ অনুষ্ঠিত হ’ব ৷ শনিবাৰে এই কথা ঘোষণা কৰে এ চি চিয়ে ৷ এছিয়া কাপ ২০২৫ত ভাৰত বনাম পাকিস্তানৰ দুখন গুৰুত্বপূৰ্ণ মেচ ডুবাইত অনুষ্ঠিত হ’ব।২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেলকে ধৰি ডুবাইত ১১খন খেল অনুষ্ঠিত হ’ব, আনহাতে আবুধাবিত ৮খন খেল অনুষ্ঠিত হ’ব ৷১৪ ছেপ্টেম্বৰত ডুবাইত আৰু পুনৰবাৰ সম্ভৱতঃ ২১ ছেপ্টেম্বৰত একে স্থানতে ভাৰত আৰু পাকিস্তানৰ মুখামুখি হ’ব ৷ ২০২৬ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে দলৰ প্ৰস্তুতিৰ কথা মনত ৰাখি টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপত প্ৰথমবাৰৰ বাবে আঠটা দল থাকিব ৷ভাৰতে ১০ ছেপ্টেম্বৰত (ইউ এ ইৰ বিৰুদ্ধে) আৰু ১৪ ছেপ্টেম্বৰত (পাকিস্তানৰ বিৰুদ্ধে) ডুবাইত দুখন লীগ মেচ খেলিব, আনহাতে ১৯ ছেপ্টেম্বৰত আবুধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত ওমানৰ বিৰুদ্ধে চূড়ান্ত লীগ মেচ অনুষ্ঠিত হ’ব ৷ছুপাৰ ছিক্সৰ মেচৰ ভিতৰত আবুধাবিত মাত্ৰ এখন মেচহে নিৰ্ধাৰণ কৰা হৈছে ৷ ভাৰত, পাকিস্তান, ওমান আৰু ইউ এ ই গ্ৰুপ এত থকাৰ বিপৰীতে আফগানিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু হংকং গ্ৰুপ বিত আছে ৷
এছিয়া কাপ ২০২৫ৰ স্থান ঘোষণা: ডুবাইত হ’ব ভাৰত-পাকিস্তানৰ মেচ