ডিচেম্বৰত ভাৰতলৈ আহিব তাৰকা ফুটবলাৰ লিঅ’নেল মেছি

অদিতি সেৱা:১৪ বছৰৰ মূৰত ভাৰতৰ মাটিত ভৰি দিব তাৰকা ফুটবলাৰ লিঅ’নেল মেছি । ২০২৫ চনৰ ১৩ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত ভাৰতত উপস্থিত হ’ব ফুটবলাৰগৰাকী ।লক্ষণীয়ভাৱে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে ক্ৰিকেট তাৰকাৰ সৈতেও তেওঁক খেলপথাৰত দেখা যাব । দক্ষিণ মুম্বাইৰ আইকনিক ৱানখেড়ে ষ্টেডিয়ামত তেওঁলোকৰ সৈতে মেছিক এক্সন মুডত দেখা যাব ।মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে ডিচেম্বৰ মাহত মেছিয়ে ভাৰত ভ্ৰমণ কৰিব আৰু ৫০ বছৰ সম্পূৰ্ণ কৰা ৱানখেড়ে ষ্টেডিয়ামলৈ আহিব । ৭ গৰাকী বিশিষ্ট খেলুৱৈৰ সৈতে তেওঁ ক্ৰিকেট মেচ খেলিব বুলি জানিব পৰা গৈছে।

Related Articles