অদিতি সেৱা: ৰাজ্যৰ প্ৰথমটো ক্লাৱ হিচাপে চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে বড়োলেণ্ড এফ চিয়ে ৷অসমৰ ফুটবল ইতিহাসত গৌৰৱৰ নতুন অধ্যায় সন্নিবিষ্ট কৰি বড়োলেণ্ড এফ চিয়ে । ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ মঙলবাৰে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ অন্তিমখন মেচত বড়োলেণ্ড এফ চিয়ে ৪-০ গ’লত আই টি বি পি ফুটবল দলক বিধ্বস্ত কৰি প্ৰতিযোগিতাত অপৰাজেয় ধাৰা অব্যাহত ৰাখি গ্ৰুপৰ শীৰ্ষ দল হিচাপে নকআউট ৰাউণ্ডলৈ অগ্ৰসৰ হয় ৷ উল্লেখ্য যে, গ্ৰুপৰ প্ৰথম দুখন মেচত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ বাবে এই মেচখনত বড়োলেণ্ড এফ চিক কেৱল ড্ৰৰ প্ৰয়োজন আছিল যদিও আত্মবিশ্বাসী দলটোৱে ঘৰুৱা সমৰ্থকৰ সন্মুখত লাইট আৰু বৰষুণৰ মাজত অতিমানৱৰ দৰে প্ৰদৰ্শন কৰি গৌৰৱৰ ঐতিহাসিক ক্ষণক চিৰস্মৰণীয় কৰি তোলে ৷ খেলৰ প্ৰথমাৰ্ধতে তিনিটা গ’ল কৰা বড়োলেণ্ড এফ চিয়ে নিজৰ লক্ষ্য আৰু সপোনৰ পৰা এবাৰো বিচলিত হোৱা নাছিল ৷২৫ মিনিটত দলৰ হৈ প্ৰথমটো গ’ল কৰে টিমোটিহিয়ে ৷ আনহাতে, ৩৭ মিনিটত দলে লাভ কৰা পেনাল্টিক পেড্ৰোৰে গ’ললৈ ৰূপান্তৰ কৰি ব্যৱধান ২-০ কৰিবলৈ সক্ষম হয় ৷ বিৰতিৰ পূৰ্বে বড়োলেণ্ডৰ হৈ তৃতীয়টো গ’ল কৰে গগমছাৰে ৪০ মিনিট ৷ দ্বিতীয়াৰ্ধতো মেচ স্থানীয় দলটোৰ নিয়ন্ত্ৰণতে থাকে আৰু আব্দুল ৮২ মিনিটত চতুৰ্থটো গ’ল কৰি বড়োলেণ্ড এফ চিৰ জয়যাত্ৰা অব্যাহত ৰাখে ৷
১৩৪ সংখ্যক ডুৰাণ্ড কাপ কোৱাৰ্টাৰত বড়োলেণ্ড এফ চি