●মুৰুলী বৰুৱা
মানৱ সমাজ বা মানৱ সভ্যতাৰ উত্তৰণৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত বিষয়টোৱে হৈছে নিৰাপত্তা । এখন ৰাষ্ট্ৰৰ সামগ্ৰিক বিকাশ তথা প্ৰগতিৰ ক্ষেত্ৰত সেই ৰাষ্ট্ৰ খনৰ প্ৰতি গৰাকী নাগৰিকৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা থাকে । সেয়ে এজন নাগৰিকে ব্যক্তিগত বিকাশ তথা প্ৰগতিৰ মাজেৰে ৰাষ্ট্ৰৰ বিকাশ তথা উন্নয়নত অৰিহণা আগবঢ়াব পাৰে অথবা ভূমিকা গ্ৰহণ কৰিব পাৰে । বিকাশৰ এই প্ৰক্ৰিয়াতো সঠিক ৰূপত সুনিশ্চিত তেতিয়াহে হ’ব যেতিয়া এখন ৰাষ্ট্ৰৰ নাগৰিক সকলৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াত নিৰাপত্তা সুনিশ্চিত হ’ব । এটা কথা নিশ্চিত যে নিৰাপত্তাহীন পৰিবেশ এটাত এখন সমাজ বা ব্যক্তিৰ বিকাশ কেতিয়াও সম্ভৱ নহয় । আজি এই প্ৰসংগত পৰম্পৰাগত নিৰাপত্তা বিষয়টোৰ পৰা আতৰি আহি অপৰম্পৰাগত নিৰাপত্তা বিষয়টোৰ সম্পৰ্কত আলোকপাত কৰাৰ প্ৰয়াস কৰিছোঁ।অপৰম্পৰাগত নিৰাপত্তা (Non-traditional security) হৈছে নিৰাপত্তাৰ এক নতুন ধাৰণা । যিটো ধাৰণাৰ সম্পৰ্কে বৰ বিশেষ চৰ্চা হোৱা পৰিলক্ষিত নহয় ।এই অপৰম্পৰাগত নিৰাপত্তা ধাৰণাটোত গতানুগতিক পৰম্পৰাগত সামৰিক আৰু ৰাজনৈতিক নিৰাপত্তা তথা চিন্তা-চৰ্চাৰ পৰিৱৰ্তে মানৱ জীৱন আৰু মানৱ সমাজৰ ওপৰত প্ৰভাৱ পেলোৱা বিভিন্ন ধৰণৰ ভাবুকি যেনে- পৰিৱেশগত সংকট, খাদ্য আৰু পানীৰ সুৰক্ষা, জনস্বাস্থ্যৰ সমস্যা, আৰু সামাজিক বৈষম্য,অন্ধ বিশ্বাস আদিৰ দৰে বিষয় সমূহৰ ওপৰত গুৰুত্ব দিয়া হয় ।উল্লেখিত বিষয় সমূহৰ ওপৰত বিভিন্ন সময়ত পৃথকে পৃথকে বিভিন্ন আলোচনা হয় যদিও সামগ্ৰিক মানৱ জীৱনত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা এই সমস্যা সমূহৰ সম্পৰ্কে এক প্ৰণালীবদ্ধ বিশ্লেষণ যি দৰে হ’ব লাগে তেনেদৰে হোৱা দেখা নাযায় । আজি আমি যি দৰে তথাকথিত নিৰাপত্তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সদায় সচেতন হৈ থাকো বা শাসক পক্ষই যি দৰে জনসাধাৰণৰ পৰম্পৰাগত নিৰাপত্তা ব্যৱস্থাটোক লৈ সষ্টম হৈ থাকে ঠিক তেনেদৰে অপৰম্পৰাগত নিৰাপত্তা ব্যৱস্থাটোক লৈ প্ৰায়ে উদাসীন হৈ থকা পৰিলক্ষিত হয় । যাৰ ফলত এখন ৰাষ্ট্ৰ সামগ্ৰিক প্ৰগতিত বিভিন্ন সমস্যাৰ সৃষ্টি হয় । উদাহৰণস্বৰূপে আজি ভাৰতবৰ্ষৰ দৰে দেশত খাদ্য প্ৰদূষণ, ভূমি প্ৰদূষণ, বায়ু প্ৰদষণ, জল প্ৰদূষণে এক ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে । এই ক্ষেত্ৰত ইতিমধ্যেই সচেতন হৈ পৰিছে বিশ্বৰ একাংশ ৰাষ্ট্ৰ । কাৰণ তেওঁলোকে বুজি উঠিছে এই ক্ষেত্ৰত যদি নিজৰ দেশৰ নাগৰিকক সুৰক্ষিত কৰি ৰাখিব পৰা নাযায় তেনেহলে ৰাষ্ট্ৰীয় প্ৰগতিত ভয়াবহ প্ৰভাৱ পেলাব ।সেয়ে এক বহল আৰু আন্তঃসংযোগী দৃষ্টিভংগীৰে আজি ভাৰতবৰ্ষৰ লগতে বিশ্ববাসীয়ে সন্মুখীন হোৱা এনেধৰণৰ প্ৰত্যাহ্বানসমূহক মষিমূৰ কৰাৰ বাবে ৰজাঘৰ- প্ৰজাঘৰ সকলো সচেতন হ’ব লাগিব ।পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সামৰিক ক্ষমতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে আৰু দিয়াটো অতি জৰুৰী । তাৰ বিপৰীতে অপৰম্পৰাগত নিৰাপত্তাই মানৱ কেন্দ্ৰীক দৃষ্টিভংগীৰে নিৰাপত্তাৰ বিভিন্ন দিশসমূহৰ ওপৰত আলোকপাত কৰে।অপৰম্পৰাগত নিৰাপত্তাৰ কিছুমান অতি গুৰুত্বপূৰ্ণ দিশ হৈছে জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক দুৰ্যোগ, আৰু সম্পদৰ অভাৱ আদিৰ দৰে সমস্যাসমূহ ।ইয়াৰ উপৰিও সকলোৰে বাবে বিশুদ্ধ পর্যাপ্ত আৰু সুলভ খাদ্যৰ যোগান নিশ্চিত কৰা, সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু অন্যান্য স্বাস্থ্যজনিত সংকটৰ পৰা মানুহক সুৰক্ষিত কৰি ৰখা,
মানৱীয় সংকটৰ সময়ত প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীক সুৰক্ষা প্ৰদান কৰা।লিংগ, জাতি, আৰু অন্যান্য কাৰকৰ ভিত্তিত হোৱা বৈষম্য দূৰ কৰাৰ লগতে শেহতীয়াকৈ ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰা চাইবাৰ আক্ৰমণ আৰু তথ্য চুৰিৰ পৰা জনসাধাৰণৰনক সুৰক্ষা প্ৰদান কৰা ।মুঠতে জনসাধাৰণৰ বা ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ দুয়োটা ধাৰণাৰ মাজত কোনো প্ৰভেদ থকাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে । কাৰণ দুয়োটা ধাৰণাই সমানেই গুৰুত্বপূৰ্ণ । কোনোবা শত্ৰু ৰাষ্ট্ৰই বোমাৰে এখন চহৰ ধ্বংস কৰা বা প্ৰদূষিত খাদ্য- বায়ু সেৱন কৰি এখন সমাজ ধ্বংস হোৱাৰ মাজত কোনো পাৰ্থক্য নাথাকে ।