অদিতি সেৱা:ভাৰতে আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষ দেশ হিচাপে পৰিগণিত হৈছে। দেশত ইলেক্ট্ৰনিকছ উৎপাদনৰ মুঠ মূল্য ১২ লাখ কোটি টকা স্পৰ্শ কৰিছে। শেহতীয়া তথ্য অনুসৰি, বিগত ১১ বছৰত ইলেক্ট্ৰনিক উৎপাদন ছয়গুণ বৃদ্ধি পোৱাৰ লগতে ইলেক্ট্ৰনিক ৰপ্তানি আঠগুণ বৃদ্ধি পাই ৩ লাখ কোটি টকালৈ উপনীত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেওবাৰে সদৰি কৰিছে এই তথ্য। বেংগালুৰুত মেট্ৰ’ প্ৰকল্প উদ্বোধন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ২০১৪ চনত ভাৰতত মাত্ৰ দুটা মোবাইল উৎপাদন ইউনিট আছিল, যাৰ সংখ্যা এতিয়া ৩০০ৰো অধিক হৈছে। ২০১৪-১৫ চনত বিক্ৰী হোৱা ফোনৰ ২৬% ঘৰুৱাভাৱে নিৰ্মাণ কৰা হৈছিল, কিন্তু এতিয়া দেশত বিক্ৰী হোৱা ৯৯.২% ফোন স্থানীয়ভাৱে নিৰ্মিত।
ভাৰতে আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষত