ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে ড’নাল্ড ট্ৰাম্পে

অদিতি সেৱা:আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে । ট্ৰাম্পে কয় যে যদিহে ৰাছিয়াই ১৫ আগষ্টত আলাস্কাত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পিছত ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ সন্মত নহয় তেন্তে ইয়াৰ ‘অতি ভয়াৱহ পৰিণতি’ হ’ব ।বুধবাৰে কেনেডি চেণ্টাৰত এগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ট্ৰাম্পে কয়, “হয় । ইয়াৰ পৰিণতি ভোগ কৰিব লাগিব । মই কোৱাৰ প্ৰয়োজন নাই । ইয়াৰ পৰিণতি অতি ভয়াৱহ হ’ব ।” উল্লেখ্য যে দুয়োপক্ষৰ নেতাসকলে ১৫ আগষ্টত আলাস্কাৰ এংকৰেজৰ যৌথ ঘাটি এলমেনডৰ্ফ- ৰিচাৰ্ডছনত ইউক্ৰেইন যুদ্ধৰ সম্ভাৱ্য যুদ্ধবিৰতিৰ বিষয়ে আলোচনাত মিলিত হোৱাৰ কথা আছে । শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া এই শীৰ্ষ সন্মিলন চাৰি বছৰতকৈও অধিক সময়ৰ ভিতৰত আমেৰিকা আৰু ৰাছিয়াৰ নেতাসকলৰ মাজত ব্যক্তিগতভাৱে অনুষ্ঠিত প্ৰথমখন বৈঠক হ’ব । যদি এই প্ৰথমখন বৈঠক ভালদৰে অনুষ্ঠিত হয়, তেন্তে অতি সোনকালে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে, য’ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিও জড়িত হ’ব পাৰে । ট্ৰাম্পে আৰু কয়, “যদি প্ৰথমখন বৈঠক ঠিকে-ঠাকে সম্পন্ন হয়, তেন্তে শীঘ্ৰে আমাৰ দ্বিতীয়খন বৈঠকো অনুষ্ঠিত হ’ব । মই এইটো যিমান পাৰি সোনকালে হোৱাটো বিচাৰিম । যদি তেওঁলোকে বিচাৰে, তেন্তে মই ৰাষ্ট্ৰপতি পুটিন আৰু জেলেনস্কিৰ সৈতে অতি সোনকালে দ্বিতীয় বৈঠকত মিলিত হোৱাটো বিচাৰিম ।”ট্ৰাম্পে পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ সৈতে ত্ৰিপাক্ষিক বৈঠকৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে ।অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে তেওঁ বিচৰা ধৰণে যদি উত্তৰ নাপায় তেন্তে এই দ্বিতীয়খন বৈঠক অনুষ্ঠিত নহ’ব । ট্ৰাম্পে কয়, “হয়তো দ্বিতীয়খন বৈঠক নহ’বও পাৰে । কাৰণ যদি মই অনুভৱ কৰোঁ যে আমি পাবলগীয়া উত্তৰবোৰ মই নাপাওঁ বা উপযুক্তভাৱে পোৱা নাই, তেন্তে আমি দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰিবলৈ নাযাবও পাৰোঁ।উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনে শক্তিৰ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণৰ ক্ষেত্ৰত ৩০ দিনৰ বাবে বিৰতিৰ প্ৰস্তাৱ দিছে । লগতে দুয়োপক্ষই কৃষ্ণ সাগৰত যুদ্ধবিৰতিৰ চৰ্তসমূহৰ ওপৰত আলোচনা আৰম্ভ কৰিবলৈ সন্মত হৈছে ।ট্ৰাম্পে পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ সৈতে ত্ৰিপাক্ষিক বৈঠকৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে ।

Related Articles