কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰিবলৈ সাজু ভাৰত

অদিতি সেৱা:২০৩০ চনৰ কমনৱেলথ গেমছক আয়োজন কৰাৰ বাবে ভাৰতৰ আহ্বানক অনুমোদন জনাইছে। ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে ১৩ আগষ্টত এখন বিশেষ সাধাৰণ সভাত অনুষ্ঠিত হয়। এই আহ্বান ৩১ আগষ্টৰ সময়সীমাৰ আগতেই হৈছিল, কিয়নো নিবিদাৰ নথি দাখিলৰ শেষ তাৰিখ আছিল ৩১ আগষ্ট ।কমনৱেলথ গেমছ আয়োজনৰ ভাৰতৰ ক্ৰমবৰ্ধমান উচ্চাকাংক্ষাক আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট আয়োজনৰ ক্ষেত্ৰত এক পদক্ষেপ হিচাপে দেখা গৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কেইবাবাৰো কৈছে যে ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিব বিচাৰে ৷ সেয়ে দেশৰ বাবে ডাঙৰ ডাঙৰ ক্ৰীড়া অনুষ্ঠানৰ পৰীক্ষিত ইতিহাস থকাটো অতি প্ৰয়োজনীয় ৷ইতিমধ্যে ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক চহৰ হিচাপে আহমেদাবাদক এক প্ৰস্তাৱ দাখিল কৰিছে ৷ কিন্তু ৩১ আগষ্টৰ সময়সীমাৰ পূৰ্বে দেশে চূড়ান্ত নিবিদা দাখিল কৰিব লাগিব ৷ ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনৰ অধ্যক্ষ পি টি উষাই পি টি আইৰ সৈতে হোৱা কথা-বতৰাত কয় যে দিল্লী আৰু ভুৱনেশ্বৰকো বিবেচনা কৰা হ’ব ৷বিশেষ সাধাৰণ সভাৰ অন্তত পিটি উষাই কয়, “সকলো একেলগে থকাত মই সুখী আৰু এইটো সৰ্বসন্মতিক্ৰমে লোৱা সিদ্ধান্ত আৰু আমাৰ প্ৰস্তুতি আগবাঢ়ি যাব ৷ আহমেদাবাদ আয়োজক চহৰ হ’ব নে নহয় আমি এতিয়াই ক’ব নোৱাৰো ৷ ভুৱনেশ্বৰ আৰু দিল্লীতো আমাৰ ভাল সুবিধা আছে ৷”প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ ২০২৬ চনত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’ব ৷ তাৰ পিছত ২০৩০ চনত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ৷

Related Articles