এইবাৰ ভাৰততে লেপটপ প্ৰস্তুত কৰিব ‘চেমচাঙে’

অদিতি ডেস্ক: এতিয়াৰে পৰা ভাৰততে লেপটপ প্ৰস্তুত কৰিব বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান চেমচাঙে। ইতিমধ্যে এই কাম আৰম্ভ হৈছে নয়দাত। ইতিমধ্যে ছেমছাঙে ভাৰতত লেপটপ নিৰ্মাণ আৰম্ভ কৰিছে, গ্ৰেটাৰ নয়ডাৰ নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিছে কোম্পানীটোৱে।
দক্ষিণ কোৰিয়াৰ ইলেক্ট্ৰনিক্স মেজৰ কোম্পানীটোৱে ইতিমধ্যে গ্ৰেটাৰ নয়ডা প্লাণ্টত ফিচাৰ ফোন, স্মাৰ্টফোন, ৱেয়াৰেবল, আৰু টেবলেট নিৰ্মাণ কৰিছে। এতিয়া সেই তালিকাত লেপটপ সংযোজন কৰা হৈছে।শেহতীয়াকৈ ছেমছাঙৰ দক্ষিণ-পশ্চিম এছিয়াৰ কাৰ্যবাহীসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, “প্ৰতিভা আৰু উদ্ভাৱনৰ দ্বাৰা পৰিচালিত হৈ ভাৰতত চেমছাঙে নিজৰ উন্নত প্ৰযুক্তিৰ যন্ত্ৰসমূহৰ উৎপাদন সম্প্ৰসাৰণ অব্যাহত ৰাখিছে। ”ভাৰতত উৎপাদন আৰম্ভ কৰা প্ৰথম ইলেক্ট্ৰনিকছৰ কোম্পানীসমূহৰ ভিতৰত ছেমছাং আছিল । ১৯৯৬ চনত কাৰ্যক্ষমতা আৰম্ভ কৰিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে চেমচাঙৰ মোবাইল ইএক্সপিৰিয়েন্স বিজনেছৰ সভাপতি তথা মুৰব্বী টি এম ৰোহে নিশ্চিত কৰিছিল যে কোম্পানীটোৱে ভাৰতত লেপটপ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাইছে।ইতিমধ্যে ছেমছাঙে দেশৰ দ্বিতীয় বৃহত্তম বিশ্বব্যাপী মোবাইল উৎপাদন ইউনিট চলাই আছে আৰু এপলৰ পিছতে ভাৰতৰ দ্বিতীয় বৃহত্তম হেণ্ডছেট ৰপ্তানিকাৰক হিচাপে স্থান লাভ কৰিছে।

Related Articles