জ্যোতি প্ৰসাদ ৰাজখোৱাৰ ৰচিত “বাৰ মাহ” নামৰ কবিতাৰ উন্মোচন

অদিতি সেৱা, নগাঁও: সোমবাৰে জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত কদমনী টাউন হাইস্কুলত অনুষ্ঠিত হোৱা টি এ আৰ এল প্ৰশিক্ষণত শিশুসকলক বাৰ মাহৰ জ্ঞান অতি সহজে প্ৰদান কৰাৰ মহৎ উদ্দেশ্যেৰে নগাঁও জিলাৰ জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত পতিয়া পথাৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ সহ: শিক্ষক তথা জিলাৰ শ্ৰেষ্ঠ যুৱ বঁটা প্ৰাপ্ত জ্যোতি প্ৰসাদ ৰাজখোৱাৰ অন্য এটি কবিতা “বাৰ মাহ” জিলা শিক্ষা বিভাগৰ বিষয়া সকলৰ উপস্থিতিত নগাঁও জিলাৰ জুৰীয়া শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মৰমী মাহাতুয়ে কবিতাটি শুভ উন্মোচন কৰে। অনুষ্ঠানত জিলা শিক্ষা বিভাগৰ হৈ উপস্থিত থাকে জিলা আঁচনি বিষয়া দেৱাক্ষ্য দাস আনন্দ, গাণনিক বিষয়া স্বপন বৰ্মন,ডি কিও এম তথা সাহিত্যিক গোলাপ বৰবৰা আৰু সমল শিক্ষকদ্বয় ক্রমে ফিৰুদাচ আলম আৰু জিয়াবুৰ ৰহমান । উক্ত অনুষ্ঠানটিত প্ৰশিক্ষণৰ সকলো সমল শিক্ষকবৃন্দ আৰু শতাধিক শিক্ষক উপস্থিত থাকি কবিতাটিৰ শুভ উন্মোচনী কাৰ্য্যসূচীত সবল সহযোগিতা আগবঢ়াই। কবিতাটি পাঠ্যপুথিত অন্তর্ভুক্ত কৰিব পৰা অতি উৎকৃষ্ট মানৰ কবিতা বুলি সকলোৱে চৰকাৰলৈ আহবান জনায় । শিশুসকলে অতি সহজে জ্ঞান আয়ত্ব কৰিব পৰা এনেধৰণৰ কবিতা সৃষ্টি কৰি যাবলৈ সকলোৱে তেখেতক সাহস আৰু প্ৰেৰণা যোগায়। এনে মহৎ প্ৰয়াসক সকলোৱে কৃতজ্ঞতা জনোৱাৰ লগতে ভূয়সী প্ৰশংসা কৰে।

Related Articles