উত্তৰাখণ্ডৰ চামোলী জিলাত ডাৱৰ বিস্ফোৰণ: ১২ জন নিৰুদ্দেশ

ডিজিটেল ডেস্ক: প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা ডাৱৰ বিস্ফোৰণে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰে উত্তৰাখণ্ডৰ চামোলী জিলাত। ১২ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ৷ বুধবাৰে নিশা হঠাৎ হোৱা ধাৰাসাৰ বৰষুণে নন্দনগৰলৈ প্ৰচণ্ড ধ্বংসাৱশেষ কঢ়িয়াই অনাৰ ফলত কুন্তৰী লগাফলী আৰু ধূৰমা ৱাৰ্ডত ২৭ টাৰ পৰা ৩০টা বাসগৃহ আৰু গৰু গোঁহালিৰ ক্ষতিসাধন হয় । চামোলী জিলাৰ দণ্ডাধীশ সন্দীপ তিৱাৰী আৰু চামোলীৰ আৰক্ষী অধীক্ষক সৰ্বেশ পানোৱাৰ উপস্থিত হৈ দুৰ্যোগপীড়িত অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয় ।ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ধ্বংসাৱশেষ আঁতৰোৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ জে চি বি মেচিন আৰু অন্যান্য সঁজুলিৰ সৈতে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু ৰাজহুৱা কাম বিভাগৰ দল নিয়োগ কৰা হৈছে ৷ অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ মাজত বৰ্তমান অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে ৷আহত দুগৰাকী মহিলা আৰু এটি শিশুক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷বতৰ বিজ্ঞান বিভাগেও আগন্তুক দিনত চামোলীত আৰু অধিক ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে ৷ স্থানীয় লোকৰ পৰা জানিব পৰা মতে, ডাৱৰ বিস্ফোৰণৰ পিছতো বহু বাসিন্দা ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে ৷ নিৰুদ্দেশ হোৱা লোকসকলৰ স্থান নিৰ্ণয় কৰিবলৈ দল নিয়োগ কৰা হৈছে যদিও আৰু অধিক ভূমিস্খলনৰ আশংকা আহি পৰিছে ৷ সহস্ৰধৰাত ডাৱৰ বিস্ফোৰণত কমেও ১৩ জন লোকৰ মৃত্যু হৈছিল, ৰাস্তা-ঘাট জাহ গৈছে, দোকান-পোহাৰ আৰু ঘৰ-দুৱাৰৰ ক্ষতিসাধন হৈছে আৰু দুখন ডাঙৰ দলং ধ্বংস হৈছিল ৷ দুৰ্যোগৰ ফলত ৰাজ্যৰ ৰাজধানী চহৰখনক আশে-পাশে থকা অঞ্চলৰ সৈতে সংযোগ কৰা কেইবাটাও পথ বিচ্ছিন্ন হৈ পৰে ৷ ৰাজ্য চৰকাৰে ডেৰাডুন, চম্পাৱত, উধম সিং নগৰ, তেহৰি গড়ৱাল, পৌৰী গড়ৱাল আৰু চামোলীৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ৷

Related Articles