শুকুৰবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ

ডিজিটেল সেৱা: শুকুৰবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ । নতুন অসমীয়া ছবি ‘বাৰুদ ২’ৰ দৃশ্যগ্ৰহণৰ বাবে যোৰহাটলৈ যোৱাৰ পথত প্ৰাণপুৰুষ জুবিন গাৰ্গৰ আশীৰ্বাদ লয় গৰিমা শইকীয়া গাৰ্গে। জুবিন ক্ষেত্ৰত থকা অনুৰাগীসকলৰ কণ্ঠত জুবিনৰ কালজয়ী গীত শুনি নিজৰ চকুলো ধৰি ৰাখিব নোৱাৰিলে গৰিমাই । অনুৰাগীৰ মৰম আৰু জুবিনৰ স্মৃতিয়ে তেওঁক আৱেগিক কৰি তোলে ।সংবাদ মাধ্যমৰ আগত গৰিমা গাৰ্গে কয়, “যোৰহাটলৈ শ্বুটিং কৰিবলৈ অহা আমাৰ গোটেই ইউনিটোৱে জুবিনৰ পৰা আশীৰ্বাদ এটা লৈ ওলাইছোঁ । ১২ ছেপ্টেম্বৰলৈ আমি আচলতে কথাই পাতি আছিলোঁ । জুবিনে এই ছবিখনৰ সংগীত কৰাৰ কথা আছিল, আমি একেলগে কাম কৰাৰ কথা আছিল । কিন্তু দুৰ্ভাগ্যবশতঃ আমি সেয়া কৰিব নোৱাৰিলোঁ । ভাইমন দাই আশীৰ্বাদ দিয়ক, জুবিনেও আশীৰ্বাদ দিয়ক । সকলো কাম যেন সুচাৰুৰূপে সম্পন্ন হয় ।”আইনী প্ৰক্ৰিয়া সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে ন্যায় ব্যৱস্থাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে। অশ্ৰুসিক্ত নয়নেৰে তেওঁ কয়, “ন্যায় ব্যৱস্থাটোৰ বাবে আমি সকলোৱে লাগি আছোঁ, সকলোৱে প্ৰাৰ্থনা কৰি আছোঁ। যোৱা দুদিনত কিছু ইতিবাচক সিদ্ধান্ত আহিছে। সত্য আৰু শুদ্ধটো প্ৰতিষ্ঠা হওক, ন্যায় প্ৰতিষ্ঠা হওক। জুবিনে ন্যায় পাওক ।জুবিন সদায় অমৰ হৈ থাকক সকলোৰে প্ৰাণত । তেওঁৰ সৃষ্টিৰাজি যেন অসমৰ প্ৰতিগৰাকী যুৱক-যুৱতীয়ে জীয়াই ৰাখে । তেওঁৰ কাম, ইচ্ছা আৰু আদৰ্শ সদায় জীয়াই থকাটো বিচাৰোঁ । দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পোৱাটো আমি কামনা কৰিছোঁ ।”

Related Articles